ETV Bharat / state

কাটিগড়াত আটক শিশু-মহিলাসহ ১৩ অবৈধ বাংলাদেশী নাগৰিক

ধৃত বাংলাদেশী কেইজনে অঞ্চলটোত ঘূৰি-ফূৰি থাকোতে স্থানীয় ৰাইজৰ সন্দেহ হোৱাত সোধ-পোছ কৰাত ওলাই পৰে ওৰহী গছৰ ওৰ ৷

BANGLADESHI INFILTRATION
প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 10:53 PM IST

2 Min Read
Choose ETV Bharat

কাছাৰ: কাছাৰত পুনৰ আটক বাংলাদেশী নাগৰিক । কাটিগড়াৰ কালাইন আৰু জালালপুৰ অঞ্চলৰ পৰা ৰাইজে শিশু-মহিলাসহ মুঠ ১৩ জন বাংলাদেশী নাগৰিকক আটক কৰি গতাই আৰক্ষীক ।

জানিব পৰা মতে, ধৃত বাংলাদেশী কেইজনে অঞ্চলটোত ঘূৰি-ফূৰি থাকোতে স্থানীয় ৰাইজৰ সন্দেহ হোৱাত সোধ-পোছ কৰাত ওলাই পৰে ওৰহী গছৰ ওৰ ৷ তাৰপিছতে স্থানীয় ৰাইজে কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক ৷

পূৰ্বেও অটোৰে গৈ থকা অৱস্থাত আটক হৈছিল অবৈধ বাংলাদেশী (ETV Bharat Assam)

কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰি থাকোতেই ধৰা পৰে বাংলাদেশী নাগৰিক কেইজন । ধৃত বাংলাদেশী কেইজন অবৈধভাবে ভাৰতত প্ৰৱেশ কৰি দীৰ্ঘদিনৰে পৰা দেশৰ ভিন্ন প্ৰান্তত বাস কৰি আহিছিল ।

শেহতীয়াকৈ ভাৰতত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানৰ বাবে আতংকিত হৈ ভাৰত ত্য়াগ কৰাৰ সিদ্ধান্ত লৈছিল তেওঁলোকে ৷ তদুপৰি বাংলাদেশলৈ ঘূৰি যোৱাৰ পৰিকল্পনা কৰি থাকোতে ১৩ জনীয়া দলটো কাছাৰৰ কাটিগড়াৰ স্থানীয় লোকৰ হাতত ধৰা পৰে ৷

এই ঘটনা সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতো‌ৱে এনেদৰে কয়- ‘‘কাটিগড়া কালাইন আৰক্ষীয়ে‌ শিশুসহ ১৩ জনীয়া বাংলাদেশীৰ এটা দলক আটক কৰিছে ৷ যোৱা ২৮ মে‌’ তাৰিখে ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলৰ পৰা ৩০ জনৰ‌ো অধিক বাংলাদেশী নাগৰিকক আটক কৰা হৈছিল ।‌ ভাৰতত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানৰ ভয়ত ভাৰত এৰি বাংলাদেশলৈ উভতি যাব বিচাৰি আছিল ধৃত বাংলাদেশীকেইজনে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও কাছাৰৰ জালালপুৰত নিশাৰ সময়ত কেইবাখনো অটোৰে শিশু-মহিলাসহ কেইজনমান বাংলাদেশী লোক গৈ থকাৰ সময়তে সন্দেহবশতঃ ৰাইজে কৰায়ত্ত কৰিছিল । সোধা-পোছাৰ অন্তত স্থানীয় ৰাইজে বাংলাদেশী নাগৰিক বুলি নিশ্চিত হোৱাৰ পাছতে খবৰ দিছিল আৰক্ষীক ।

লগতে পঢ়ক: বাংলাদেশী অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰেই গুলীয়াওক: ছাত্ৰ সংহতি দিৱসত আছুৰ গৰ্জন