ETV Bharat / state

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈছে গাঞ্জা

আৰক্ষীৰ অভিযানত ১২ কিলোগ্ৰাম গাঞ্জা জব্দ

Drugs smuggling in Assam
আৰক্ষীৰ অভিযানত ১২ কিলোগ্ৰাম গাঞ্জা জব্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 4:35 PM IST

2 Min Read
Choose ETV Bharat

ৰঙিয়া: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । সমান্তৰালভাৱে ৰঙিয়া আৰক্ষীয়েও নিতৌ চলাই গৈছে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান । এই ড্ৰাগছ বিৰোধী অভিযানত পুনৰ বৃহৎ সাফল্য লাভ কৰে ৰঙিয়া আৰক্ষীয়ে ৷

ৰাজ্য়জুৰি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত ৰখাৰ সময়তেই আৰক্ষীয়ে ৰঙিয়াত আৰক্ষীৰ জালত পৰিল গাঞ্জা সৰবৰাহকাৰী । ৰঙিয়া আৰক্ষীয়ে গাঞ্জা বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ এই অভিযানত ১২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ।

আৰক্ষীৰ অভিযানত ১২ কিলোগ্ৰাম গাঞ্জা জব্দ (ETV Bharat Assam)

ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱতি নিশা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ তুলসীবাৰীত বিশেষ অভিযান চলাই এটা গাঞ্জা ব্যৱসায়ীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত ব্যৱসায়ীটো তামুলপুৰ জিলাৰ দৰঙা মেলাৰ ফাৰুক খান বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে তেওঁৰ পৰা ১২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে AS 06 L 5983 নম্বৰৰ বাহন এখনো উদ্ধাৰ কৰিছে । ৰঙিয়া থানাৰ টাউন উপ-পৰিদৰ্শক বিষ্ণু জ্যোতি বৰা আৰু তুলসীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱশীষ সোণোৱালে এই অভিযানৰ নেতৃত্ব দিয়ে ।

ৰঙিয়া আৰক্ষীৰ নগৰ উপ-পৰিদৰ্শক বিষ্ণুজ‍্যোতি বৰাই এই অভিযানৰ বিষয়ে উল্লেখ কৰি কয় ,"আমি টি এছ আই ৰঙিয়া আৰু তুলসীবাৰী আই চি আৰক্ষীয়ে লগ হৈ এটা গোপন তথ‍্যৰ ভিত্তিত অভিযান চলাইছিলো । এই অভিযানত আমি AS 06 L 5983 নম্বৰৰ বাহন এখনৰ পৰা ১২ কেজি গাঞ্জা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰা হৈছে । "

লগতে পঢ়ক:ত্ৰিপুৰাত ইডিৰ অভিযান; বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ - ED RAIDS IN TRIPURA

গাঞ্জা ব্যৱসায়ীৰ কোটি টকীয়া সম্পত্তি বাজেয়াপ্ত গোলাঘাট আৰক্ষীৰ - GOLAGHAT POLICE SEIZE PROPERTY