জে এম চি এইছত 11 বছৰীয়া শিশুৰ মৃত্যু তদন্তৰ প্ৰতিবেদন দাখিল; অসন্তুষ্ট পৰিয়াল - Child death in JMCH
JMCH Child Death Controversy: যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত দুদিন পূৰ্বে ভৰ্তি হোৱা এটি শিশুক নাৰ্ছে এটা বেজীৰ দিয়াৰ পিচতে মৃত্যু হোৱা বুলি উত্থাপিত অভিযোগৰ প্ৰতিবেদন দাখিল তদন্ত সমিতিৰ । প্ৰতিবেদনক লৈ অসন্তুষ্ট অভিভাৱক ।

Published : July 16, 2024 at 2:24 PM IST
যোৰহাট, 16 জুলাই: কেৱল মাত্ৰ এটা বেজীৰ বাবেই চিৰদিনলৈ থানবান হৈ পৰিল যোৰহাটৰ এটা পৰিয়ালৰ সুখ-শান্তি ৷ জানিব পৰা মতে, বিগত 10 জুলাইৰ দিনা যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালৰ প্ৰসূতি আৰু শিশু বিভাগত চিকিৎসাধীন অৱস্থাতে যোৰহাট চেউনি গাঁৱৰ মনজিৎ দাস আৰু শিৱানী দাসৰ 11 মহীয়া সন্তানটোৰ মৃত্যু ঘটিছিল । ভুল চিকিৎসাৰ বলি হৈ শিশুটোৰ মৃত্যু হোৱাৰ অভিযোগ তুলি পৰিয়াল আৰু আত্মীয়ই শিশু আৰু প্ৰসূতি বিভাগৰ আই চি ইউৰ গ্লাছৰ লগতে অন্যান্য আচবাব ভাঙি ক্ষতি সাধন কৰিছিল ৷ ইয়াৰ পাচতে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছিল J.M.C.H কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে ৷
সোমবাৰে তদন্তকাৰী সংস্থাই প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন দাখিল কৰে বুলি বিভাগীয় এক বিশেষ সূত্ৰই জানিবলৈ দিছে ৷ এই প্ৰাৰম্ভিক তদন্ত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে 10 আগষ্টৰ দিনা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা 11 মহীয়া শিশুটো বেজি দিয়াৰ ফলত নহয় শ্বাসনলীত গাখীৰ জমা হৈ উশাহ বন্ধ হোৱাৰ ফলতহে মৃত্যুক সাৱটি লৈছিল । লগতে কন্যা শিশুটি মৃগী ৰোগত আক্ৰান্ত বাবে পূৰ্বেও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
আনহাতে, পৰিয়াল আৰু আত্মীয়-স্বজনৰ সাক্ষ্য গ্ৰহণ নকৰাকৈ দাখিল কৰা প্ৰাৰম্ভিক প্ৰতিবেদনক লৈ সন্তুষ্ট নহয় পৰিয়াল ৷ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা প্ৰতিটো শব্দকেই মানি ল’বলৈ অস্বীকাৰ কৰে মৃত শিশুটিৰ মাতৃ-পিতৃৰ লগতে আৰু ককাক-আইতাকে । কন্যা শিশুটিৰ মৃত্যুৰ উচিত তদন্ত দাবী কৰি পৰিয়ালটিক ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।
উল্লেখ কৰা প্ৰয়োজন যে, বিশেষ সূত্ৰত প্ৰকাশ পোৱা এই প্ৰাৰম্ভিক প্ৰতিবেদন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে জিলা প্ৰশাসন আৰু JMCH কৰ্তৃপক্ষ ।

