উত্তৰ-পূৰ্বাঞ্চলত স্থাপন হ'ব ১১ টাকৈ অত্যাধুনিক বতৰ ৰাডাৰ
পূৰ্বতকৈও সঠিক সময়ত বতৰৰ আগজাননী লাভ কৰিবলৈ পৰিকল্পনা । কৃত্ৰিম বানপানী, ধুমুহা-শিলাবৃষ্টি সম্পৰ্কে লাভ কৰিব পূৰ্বাভাস ।

Published : March 24, 2025 at 7:09 PM IST
গুৱাহাটী: অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সঠিক সময়ত সঠিকভাৱে বতৰৰ আগজাননী লাভ কৰাৰ ক্ষেত্ৰত বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এক পৰিকল্পনা গ্ৰহণ কৰিছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পূৰ্বতকৈও সঠিক সময়ত আৰু অতি সঠিকভাৱে বতৰৰ আগজাননী লাভ কৰাৰ ক্ষেত্ৰত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই স্থাপন কৰিব অত্যাধুনিক বতৰ ৰাডাৰ । এই কথা সদৰী কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্য়েষ্ঠ বতৰ বিজ্ঞানী সঞ্জয় শ্ব'নীলে ।
অসমৰ পাঁচটা অঞ্চলত আৰু অৰুণাচল প্ৰদেশৰ তিনিঠাইত, নগালেণ্ড, মণিপুৰৰ এঠাইত আৰু মিজোৰামত এটাকৈ মুঠ ১১ টা অত্যাধুনিক বতৰ ৰাডাৰ স্থাপন কৰা হ'ব । এই সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্য়েষ্ঠ বতৰ বিজ্ঞানী সঞ্জয় শ্ব'নীলে কয়, "এই ৰাডাৰে অঞ্চলটোৰ বৰ্তমানৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ সৈতে মিলি বৰষুণ আৰু ঘূৰ্ণীবতাহৰ বাবে বাস্তৱ সময়ৰ বতৰৰ পূৰ্বাভাস বৃদ্ধি কৰিব, যিয়ে চৰম বতৰৰ পৰিঘটনাৰ প্ৰভাৱ কমোৱাত সহায় কৰিব । অত্যাধুনিক বতৰ ৰাডাৰ অসমৰ গুৱাহাটী, তেজপুৰ, শিলচৰ, যোৰহাট আৰু গোঁসাইগাঁও নাইবা ৰূপসী এই পাঁচ ঠাইত স্থাপন কৰা হ'ব । একেদৰে অৰুণাচল প্ৰদেশৰ নামচাইৰ লগতে আন দুঠাইত, নগালেণ্ডৰ ডিমাপুৰ,মণিপুৰৰ ইম্ফল আৰু মিজোৰামৰ আইজলত এই অত্যাধুনিক বতৰ ৰাডাৰ স্থাপন কৰা হ'ব ।"
তেওঁ পুনৰ কয়, "মেঘালয় আৰু ত্ৰিপুৰাত ইতিমধ্যে এটাকৈ বতৰ ৰাডাৰ আছে । অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰীত আৰু গুৱাহাটীৰ বৰঝাৰত দুটা বতৰ ৰাডাৰ আছে । কিন্তু ডিব্ৰুগড়ৰ মোহনবাৰীত বতৰ ৰাডাৰটো সক্ৰিয় হৈ থকাৰ বিপৰীতে বৰঝাৰত বতৰ ৰাডাৰটো পুৰণি হৈছে ।" তেওঁ কয়, "এই অত্যাধুনিক বতৰ ৰাডাৰ স্থাপনৰ কাম তেজপুৰ, যোৰহাট আৰু অৰুণাচল প্ৰদেশৰ নামচাইত চলি আছে । বাকীবোৰ স্থান চিহ্নিত কৰাৰ কাম আৰম্ভ হৈছে ।"

অত্যাধুনিক বতৰ ৰাডাৰৰ ফলত বিশেষকৈ নগৰীয়া অঞ্চলৰ কৃত্ৰিম বানপানী, হঠাতে অহা ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টি আৰু অতিপাত গৰমৰ বিশেষকৈ সঠিক সময়ত অতি সঠিকভাৱে বতৰৰ আগজাননী দিব পৰা যাব বুলি কয় বতৰ বিজ্ঞানীগৰাকীয়ে ।
বতৰ বিজ্ঞান দিৱস পালন:
দেওবাৰে বিশ্ব বতৰ বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আজি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত 'বিশ্ব বতৰ বিজ্ঞান দিৱস ' উদযাপন কৰা হয় । এই উপলক্ষে আজি বতৰৰ অধ্যয়ন কৰা আৰু বতৰৰ আগজাননী দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা প্ৰযুক্তি আৰু সঁজুলি আদি ৰাইজৰ বাবে প্ৰদৰ্শন কৰাৰ লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে পৃথিৱীৰ বায়ুমণ্ডল ৰক্ষাৰ ক্ষেত্ৰত মানুহৰ ভূমিকা সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে পালন কৰা হয় এই দিৱস ৷ চলিত বৰ্ষৰ বিশ্ব বতৰ বিজ্ঞান দিৱসৰ বিষয়বস্তু হৈছে "আগতীয়া জাননী আৰু সতৰ্কবাণীৰ ব্যৱধান একেলগে কৰা ।" এই দিনটোতে প্ৰতিষ্ঠা কৰা হৈছিল বিশ্ব বতৰ বিজ্ঞান সংস্থা (WMO), য’ত পৃথিৱীৰ বায়ুমণ্ডলৰ গতি-প্ৰকৃতি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয় । এই দিৱসটোৱে পৃথিৱীৰ বায়ুমণ্ডল ৰক্ষাৰ ক্ষেত্ৰত মানুহৰ ভূমিকা সম্পৰ্কেও সজাগতা বৃদ্ধি কৰে ।

