যোৰহাট: চাহ বাগানৰ এজন শিক্ষকৰ সৈতে পৰিচয় ঘটিছিল এজন ইংৰাজ চাহাবৰ । নাম আছিল বাৰ্কলি চাহাব । তেওঁ পত্নীৰ নাম আছিল চামেলি । ব্ৰিটিছ চাহাব বাৰ্কলিৰ পত্নী চামেলিয়ে এদিন চৰমপন্থা গ্ৰহণ কৰিছিল । ইয়াৰ বাবে স্থানীয় লোক আৰু চামেলিৰ মাকে দোষী সাব্যস্ত কৰিছিল বাগানখনৰ মেনেজাৰ বাৰ্কলিক । চামেলিও সেই বাগানখনৰে চৰ্দাৰৰ জীয়েক আছিল । চাহাবৰ প্ৰেমত পৰিছিল চামেলি ।
এই প্ৰেমক চাহ বাগানৰ কোনো লোকে স্বীকৃতি দিয়া নাছিল, এনে কঠিন পৰিস্থিতিটো বাৰ্কলিয়ে চামেলিক পত্নী হিচাপে স্বীকৃতি প্ৰদান কৰিছিল । দুয়ো সাংসাৰিক জীৱন আগুৱাই লৈ গৈছিল আৰু চামেলি গৰ্ভৱতী হৈছিল । গৰ্ভৱতী অৱস্থাতেই কুষ্ঠৰোগত আক্ৰান্ত হয় চামেলি । কাৰণ সেই সময়ত কুষ্ঠৰোগ সমাজত দুৰাৰোগ্য ৰোগ হিচাপে পৰিচিত আছিল ।
তেনে কঠিন সময়ত চামেলিয়ে এজনী কন্যা সন্তান জন্ম দিয়ে । ছোৱালীজনী জন্ম হোৱাৰ পিছতেই মাকৰ পৰা সন্তানটিলৈ কুষ্ঠৰোগ বিয়পিব পাৰে বুলি মাকৰ কোলাৰ পৰা লৈ অহা হৈছিল । নিজৰ কন্যাক ওচৰত আৰু চাবলৈ নাপায় চামেলিৰ অৱস্থা শোচনীয় হৈ পৰিছিল । কিন্তু এই কথা বুজি পোৱা নাছিল স্বামী বাৰ্কলি চাহাবে । সন্তানক চাবলৈ নোপোৱা দুখ-বেদনা বুকুত সাৱটি লৈ এদিন চামেলিয়ে আত্মহত্যা কৰিলে ।
পত্নীৰ মৃত্যুৰ পিছত বাগানৰ চাকৰি এৰি দিছিল যদিও বাগানখনৰ বাংলোটোতে ৰৈ গৈছিল বাৰ্কলি চাহাব । চিকিৎসকে কৈছিল বিশেষভাৱে সক্ষম বাৰ্কলিৰ কন্যা কেতিয়াও সুস্থ নহয় আৰু বাৰ্কলিয়ে নিজৰ ছোৱালীজনীৰ শেষ দিনটোৰ বাবেই যেন আপেক্ষা কৰিছিল । সেই কঠিন সময়ৰ তিতা-মিঠা অভিজ্ঞতাৰ কথা ইংৰাজ চাহাবজনে প্ৰথমে লগ পোৱা শিক্ষকজনৰ আগত ভাগ-বতৰা কৰিছিল ।

গৌৰৱময় অসমৰ চাহ বাগিচাৰ পটভূমিত ৰচনা কৰা এটা চুটিগল্পৰ আধাৰত কেমেৰাত বন্দী কৰা হৈছিল এই কাহিনীক । নিৰোদ চৌধুৰীয়ে লিখা এই কাহিনীক জীৱন্ত ৰূপ দিছিল আব্দুল মজিদে । আব্দুল মজিদৰ পৰিচালনা আৰু চিত্ৰনাট্যত ১৯৭৫ চনৰ ১০ অক্টোবৰত অসমৰ ছবিগৃহত মুক্তি দিয়া হৈছিল 'চামেলি মেমচাব’ । ছবিখনৰ সৈতে চৰ্চালৈ আহিছিল যোৰহাটৰ চিনামৰা চাহ বাগিচাৰ নৈসৰ্গিক পৰিৱেশ মাজত থকা ব্ৰিটিছে নিৰ্মাণ কৰা এটা বাংলো ।
১০০ বছৰ পূৰ্বে ব্ৰিটিছে নিৰ্মাণ কৰা বাংলাটোৰে কি সম্পৰ্ক চামেলি মেমচাবৰ:
আজিৰ পৰা ১০০ বছৰৰ পূৰ্বে ব্ৰিটিছে যোৰহাটৰ চিনামৰা বাগানত নিৰ্মাণ কৰিছিল এই বাংলোটোৰ লগতে আন কেইবাটাও বাংলো । সেই বাংলো কেইটাৰ ভিতৰত এক পৰিচিত বাংলো আছিল বাংলো নম্বৰ ৩, যিটো বৰ্তমান চামেলি মেমচাবৰ বাংলো হিচাপে পৰিচিত ।

এই সন্দৰ্ভত চামেলি মেমচাবৰ বাংলোটোৰ পৰিচালনাৰ দায়িত্বত থকা হৰদ্বীপ সিঙে কয়, "চামেলি মেমচাব বাংলোটোৰ আছে এক দীঘলীয়া ইতিহাস । ১৮২৪ চনত যোৰহাটৰ বিভিন্ন ঠাইত চাহ হোৱা কথা ব্ৰিটিছে জানিছিল আৰু বহু বাগান খুলিছিল আৰু সেই কাৰণত ১৮৫৯ চনত স্থাপন কৰা হৈছিল বিশ্বৰ দ্বিতীয়টো পুৰণি 'যোৰহাট টী কোম্পানী' । এই কোম্পানীটোৱে নিৰ্মাণ কৰিছিল চামেলি মেমচাহাব ছবিখনৰ দৃশ্যগ্ৰহণ কৰা এই বাংলো নাম্বাৰ তিনি । কালক্ৰমত 'যোৰহাট টী কোম্পানী'য়ে এই বাংলো নম্বৰ তিনি বিক্ৰী কৰিছিল 'গুড ৰিকে' নামৰ এটা চাহ কোম্পানীক" ৷
তেওঁ লগতে কয়, "পুৰণি বহু স্মৃতি কঢ়িয়াই থকা বাংলাটো 'গুড ৰিকে' বিক্ৰী কৰিছিল বোকাহোলা চাহ কোম্পানীক । দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বাংলোটো বোকাহোলা টী কোম্পানী অধীনত থকা এই বাংলাটো প্ৰথমাৱস্থাত বোকাহোলা বাগিচাৰ মেনেজাৰ আছিল, কিন্তু বাগানলৈ দূৰত্ব বেছি হোৱা বাবে তেওঁকো ইয়াৰ পৰা লৈ গৈছিল" ৷

সিঙে লগতে কয়, "বৰ্তমান এই বাংলাটো টুৰিজিমৰ ছেক্টৰৰ বাবে মুকলি কৰি দিয়া হৈছে । দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণ আৰু বসতিস্থলৰ লগতে গাঁৱলীয়া চাহাবৰ লগতে বহুকেইখন অসমীয়া ছবিৰ শ্বুটিং হৈছে চামেলি মেমচাবৰ বাংলো হিচাপে পৰিচিত বাংলো নম্বৰ তিনিত । বাংলো নম্বৰ তিনিতেই 'চামেলি মেমচাব’ ছবিখনৰ শ্বুটিং হৈছিল । ১৯৭৫ চনত মুক্তি পোৱা এই ছবিখনে সেই সময়ত বহুত জনপ্ৰিয় হৈ পৰিছিল" ৷
হৰদ্বীপ সিঙে কয়, "এই ছবিখনৰ সংগীতৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছিল নিৰোদ চৌধুৰী গল্পৰ আধাৰত চাহ বাগিচাৰ পটভূমিত নিৰ্মাণ হোৱা ছৱিখনৰ সংগীত পৰিচালক সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা । জৰ্জ বেকাৰ আৰু বিনিতা চৌধুৰী আছিল ছবিখনৰ মূল অভিনয়ত । ছবিখনৰ বিশেষকৈ 'চম্পা নহয় মোৰে নাম চামেলি', 'অ’ বিদেশী বন্ধু' আদি গানসমূহ বহুত জনপ্ৰিয় হৈছিল আৰু সেই জনপ্ৰিয়তা আজিও অক্ষুণ্ণ আছে ।"
সিঙে কয়, "লগতে এই চিনেমাখনৰ সংগীতৰ বাবে ড৹ ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা" ৷ ১৯৭৫ চনত মুক্তি পোৱা চিনেমাখনে এতিয়া ৫০ বছৰ অতিক্ৰম কৰিলে, সেয়েহে চিনেমাখন পুনৰ নিৰ্মাণ কৰিবলৈও তেওঁ আহ্বান জনায় । ইতিমধ্যে এই বাংলোলৈ ছবিখনত অভিনয় কৰা বিনিতা চৌধুৰী আহি পুৰণি স্মৃতি ৰোমন্থন কৰি চামেলি মেমচাবৰ চম্পা নহয় চামেলি নামৰ গীতটিও পৰিৱেশন কৰিছিল ।
উল্লেখ্য যে, চিনামৰা চাহ বাগিচা, টোকোলাই চাহ গৱেষণাগাৰৰ মাজৰ নৈসৰ্গিক নিৰিবিলি প্ৰকৃতিৰ মাজত থকা চামেলি মেমচাবৰ স্মৃতি ৰোমন্থন কৰা এই বাংলাটোত আছে চাৰিটাকৈ শোৱনী কোঠা । এই বাংলোটোত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ অনা হৈছিল ইংলেণ্ডৰ পৰা আৰু মিস্ত্ৰী আহিছিল কলিকতাৰ পৰা ।