ETV Bharat / state

বিদ্ৰোহী সংগঠন ডি এইছ ডি ইউৰ ১০ গৰাকীকৈ সদস্যৰ আত্মসমৰ্পণ

জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ সংবাদমেলযোগে প্ৰকাশ এই কথা ৷

SURRENDER WITH WEAPONS
আত্মসমৰ্পণকাৰীসকল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 22, 2025 at 11:02 PM IST

1 Min Read
Choose ETV Bharat

ডিফু: ধনশিৰিত অস্ত্ৰ-শস্ত্ৰসহ বিদ্ৰোহী সংগঠন ডি এইছ ডি ইউৰ ১০ গৰাকীকৈ সদস্যৰ আত্মসমৰ্পণ ৷

২০২১ চনৰ অশান্তজৰ্জৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে প্ৰত্যক্ষ বুজাবুজি চুক্তিৰ পাছত পাৰ্বত্য জিলাখনৰ ছয়টাকৈ দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰাৰ পাছত সমগ্ৰ জিলাখনত এক শান্তিময় পৰিৱেশে বিৰাজ কৰি আছিল ৷

তাৰ মাজতে দেওবাৰে ডিফুত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এক সংবাদমেল সম্বোধন কৰি জিলাখনৰ ডিফুৰ সমীপৰ ধনশিৰিত নৱগঠিত ডিমাছা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকাৰ কথা সদৰি কৰে ৷

সংবাদমেলখন সম্বোধন কৰি আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এনেদৰে কয় ‘‘কালি ধনশিৰি এলেকাত বিদ্ৰোহী সংগঠন ডি এইছ ডি (ইউ) ৰ সদস্যসকলে এটা এ কে ৪৭, তিনিটা পিষ্টল আৰু গ্ৰেণেডসহ আৰক্ষীৰ ওচৰত আত্মসৰ্মপণ কৰে ৷’’

SURRENDER WITH WEAPONS
জব্দকৃত সামগ্ৰীসমূহ (ETV Bharat Assam)

বিগত এপ্ৰিল মাহৰ কাৰ্বি আংলঙৰ ধনশিৰি আৰু বৰলাংফেৰ অঞ্চলত সংগঠনটি সক্ৰিয় হৈ ধন দাবী তথা অ-সামাজিক কাৰ্যকলাপ চলোৱাৰ তথ্য আৰক্ষীৰ হাতত পৰিছিল যদিও লিখিতভাৱে কোনো অভিযোগ লাভ কৰা নাছিল বুলি সংবাদমেলত সদৰি কৰে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ।

উল্লেখ্য যে, জিলাখনত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আৰক্ষীয়ে এই ডি এইছ ডি (ইউ) ৰ সংগঠনৰ সদস্যসকলক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে ।

লগতে পঢ়ক: নক্সালৰ বিৰুদ্ধে যুদ্ধ : তেলেংগানাত আত্মসমৰ্পণ ছত্তীশগড়ৰ ৮৬ জন নক্সালবাদীৰ