নতুন দিল্লী : গুজৰাটৰ আহমেদাবাদত বৃহস্পতিবাৰে সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাক লৈ বিশ্বজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । সকলো ক্ষেত্ৰতে শোকৰ ছাঁ পৰিছে । বিশ্বৰ ক্ৰীড়া সমাজেও দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । ইংলেণ্ডৰ লৰ্ডছত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ৰ ফাইনেলৰ মাজতো খেলুৱৈসকলে শোকপ্ৰকাশ কৰিছে ।
উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ প্ৰায় ২ বজাত ভাৰতৰ আহমেদাবাদত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰীমলাইনাৰ বিমান (এ-১৭১) গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল যদিও প্ৰায় ২ মিনিটৰ ভিতৰতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত বিমানখনত থকা এজন যাত্ৰীক বাদ দি বাকী ২৪১ গৰাকী যাত্ৰী নিহত হয় । তাৰ ভিতৰত ১৬৯ গৰাকী ভাৰতীয় নাগৰিক, ৫৩ গৰাকী ব্ৰিটিছ নাগৰিক, এজন কানাডাৰ নাগৰিক আৰু ৭ গৰাকী পৰ্তুগীজ নাগৰিকো আছিল ।
The players and members of support staff involved in the intra-squad game in Beckenham are wearing black armbands.
— BCCI (@BCCI) June 13, 2025
A minute's silence was also observed today to pay homage to the victims of the Ahmedabad plane crash, as a mark of respect for the lives lost and solidarity with… pic.twitter.com/u364pNdGyu
অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
এই বিমান দুৰ্ঘটনাত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনাই অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকলে ডব্লিউ টি চি ফাইনেলত হাতত ক'লা বেণ্ড পৰিধান কৰিছে । এই ক'লা বেণ্ডৰ জৰিয়তে খেলুৱৈ আৰু আম্পায়াৰসকলে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰে । আইচিচিয়ে সামাজিক মাধ্যমৰ নিজা একাউণ্টত এই তথ্য প্ৰকাশ কৰিছে ।
নিহতসকলৰ প্ৰতি ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰদ্ধাঞ্জলি
ইফালে ভাৰতীয় ক্ৰিকেট দলেও আহমেদাবাদ দুৰ্ঘটনাৰ পিছতে ক'লা বেণ্ড পৰিধান কৰি নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । ভাৰতীয় ক্ৰিকেট দল সম্প্ৰতি ইংলেণ্ডত আছে । য'ত ২০ জুনৰ পৰা ৫ খনীয়া টেষ্ট শৃংখলা আৰম্ভ হ'ব । তাৰ পূৰ্বে শুকুৰবাৰৰ পৰা ভাৰতীয় দলটোৱে ৪ দিনীয়া ইন্ট্ৰা স্কোয়াড মেচ খেলিব । এই খেলখনৰ পূৰ্বে খেলুৱৈ আৰু আম্পায়াৰসকলেও বিমান দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ।
লগতে পঢ়ক :কি হ’ব পাৰিলেহেঁতেন ? বিশেষজ্ঞৰ দৃষ্টিৰে এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা - AIR INDIA PLANE CRASH
লগতে পঢ়ক :মিউনিখ বিমান দুৰ্ঘটনা; ৮ জন ফুটবলাৰকে ধৰি ২৩ গৰাকীয়ে হেৰুৱাইছিল প্ৰাণ - AIR INDIA PLANE CRASH