লণ্ডন : বহু প্ৰতীক্ষিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, ২০২৫ৰ ফাইনেল বুধবাৰৰ পৰা আৰম্ভ হ'ব । ক্ৰিকেটৰ মক্কাৰূপে খ্যাত ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত ক্ৰিকেটৰ সবাতোকৈ পুৰণি সংস্কৰণটোৰ সিংহাসনত আৰোহণ কৰিবলৈ কেংগাৰু বাহিনীয়ে যুঁজিব প্ৰোটিয়াছ বাহিনীৰ বিৰুদ্ধে ।
অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই ফাইনেলক লৈ এতিয়া ক্ৰিকেট বিশ্বই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা আছে । WTC 2023-25 চক্ৰত অষ্ট্ৰেলিয়াই এক অবিশ্বসনীয় ফৰ্ম প্ৰদৰ্শন কৰিছে । ইয়াৰ ভিতৰত ব'ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত ভাৰতৰ বিৰুদ্ধে বৃহৎ জয়ো অন্তৰ্ভুক্ত । এই চক্ৰত অষ্ট্ৰেলিয়াই ৬ টা শৃংখলাৰ ভিতৰত চাৰিটা শৃংখলাত জয়লাভ কৰি এক অপৰাজিত অভিযান চলায় ।
The #WTC25 Final starts today 🏆
— ICC (@ICC) June 11, 2025
Who's taking home the mace?
How to watch 📺 https://t.co/oas2Rsdptj pic.twitter.com/hfSjX8HeJE
আনহাতে, WTC পইণ্ট তালিকাত দক্ষিণ আফ্ৰিকা শীৰ্ষস্থানত থাকে । প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকা WTC-ৰ ফাইনেলত প্ৰৱেশ কৰিছে । এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ বাবে দুয়োটা দলে এদিন পূৰ্বেই নিজৰ নিজৰ মূল একাদশ ঘোষণা কৰিছে । দক্ষিণ আফ্ৰিকাই গতানুগতিক লাইনআপ অক্ষুণ্ণ ৰখাৰ বিপৰীতে অষ্ট্ৰেলিয়াই এক আশ্চৰ্যজনক পদক্ষেপ গ্ৰহণ কৰে । মাৰ্নছ লাবুছেনে অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণৰ গুৰি ধৰিব ।
The Australian team in a quest to defend the World Test Championship mace 💪
— ICC (@ICC) June 11, 2025
More from the #WTC25 Final 👉 https://t.co/7VtfPP1S5z pic.twitter.com/HM0m7H9Bjr
WTC ফাইনেল বতৰৰ বতৰা
বতৰৰ পূৰ্বানুমান অনুসৰি, মেচৰ প্ৰথমদিনা লণ্ডনৰ আকাশ মেঘাচ্ছন্ন হৈ থকাৰ সম্ভাৱনা আছে । আনহাতে, দ্বিতীয় আৰু তৃতীয়দিনা বৰষুণৰ বাবে মেচ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । বৃহস্পতিবাৰ আৰু শুকুৰবাৰে বৰষুণৰ ৬০-৬৫ শতাংশ সম্ভাৱনা আছে । শনিবাৰ আৰু দেওবাৰে বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে । লগতে এই সময়ছোৱাত বতৰ ঠাণ্ডা হোৱাৰো সম্ভাৱনা আছে । তাপমাত্ৰা ১৪ ডিগ্ৰী চেলছিয়াছ আৰু ৩০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব ।

যদি বৰষুণে বিধিপথালি দিয়ে কি হ'ব
এই মেগা প্ৰতিদ্বন্দ্বিতা যদি বৰষুণৰ বাবে অ'ভাৰ কৰ্তন কৰিবলগা হয়, তেন্তে WTC ফাইনেলৰ বাবে সংৰক্ষিত দিন ৰখা হৈছে । সেয়ে যদি বৰষুণৰ বাবে দ্বিতীয় আৰু তৃতীয় দিনৰ খেল বিঘ্নিত হয় তেন্তে সংৰক্ষিত দিনত মেচ অনুষ্ঠিত হ'ব । যদি সংৰক্ষিত দিনতো মেচ সম্পূৰ্ণ নহয় তেন্তে প্ৰতিষ্ঠিত টেষ্ট গদা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলক উমৈহতীয়াভাৱে প্ৰদান কৰা হ'ব ।
Looking forward to an enthralling contest in the @ICC World Test Championship Final at Lord’s. Best of luck to both @ProteasMenCSA and @CricketAus in the Ultimate Test! pic.twitter.com/gSPJ8bgdFp
— Jay Shah (@JayShah) June 10, 2025
South Africa's playing XI for their #WTC25 Final meeting with Australia 🔒
— ICC (@ICC) June 11, 2025
Read ➡️ https://t.co/s1QD1Y4MX8 pic.twitter.com/HQidSa7Zyt
দুয়োটা দলৰ মূল একাদশ
WTC ফাইনেলৰ বাবে অষ্ট্ৰেলিয়া দলৰ মূল একাদশ : ওচমান খোৱাজা, মাৰ্নছ লাবুছেন, কেমেৰুণ গ্ৰীণ, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড, ব্যু বেৱষ্টাৰ, এলেক্স কেৰী (উইকেটৰক্ষক), পেট কামিন্স (অধিনায়ক), মিচ্চেল ষ্টাৰ্ক, নাথান লিঅ'ন, জ'ছ হেজেলউড ।
WTC ফাইনেলৰ বাবে দক্ষিণ আফ্ৰিকা দলৰ মূল একাদশ : টেম্বা বাবুমা (অধিনায়ক), এডেন মাৰক্ৰাম, ৰায়ান ৰিকেল্টন, বিয়ান মুল্ডাৰ, ট্ৰিষ্টন ষ্টবছ, ডেভিদ বেডিংঘাম, কাইল বেৰিন, মাৰ্কো জেনছন, কেশৱ মহাৰাজ, কাগিছো ৰাৱাডা, লুংগী এনগিড়ি ।