ETV Bharat / sports

নিউজিলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ৰ পিছতে অৱসৰ ঘোষণা ভাৰতীয় ক্ৰিকেটাৰৰ

Wriddhiman saha Retirement: নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা হেৰুওৱাৰ পিছত ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ভাৰতৰ উইকেটকীপাৰ বেটছমেনৰ ৷ ৰঞ্জী ট্ৰফীৰ পিছতেই ক্ৰিকেটৰ পৰা ল’ব অৱসৰ ৷

RANJI TROPHY 2024
ভাৰতীয় ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা (AFP Photo)
author img

By ETV Bharat Sports Team

Published : November 4, 2024 at 1:09 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক: নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিতে টেষ্ট শৃংখলাত লজ্জাজনক পৰাজয়ৰ পিছত কঠোৰ সমালোচনাৰ সন্মুখীন টীম ইণ্ডিয়া ৷ সুদীৰ্ঘ 92 বছৰৰ পিছত দলটো কিৱি বাহিনীৰ হাতত টেষ্টত পৰাজিত হয় ৷

অনুৰাগীসকলৰ কঠোৰ সমালোচনাৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াৰ এগৰাকী সদস্যই এই পৰাজয়ৰ পিছতে গ্ৰহণ কৰে অৱসৰৰ সিদ্ধান্ত ৷ দলটোৰ সোঁহতীয়া বেটছমেন ঋদ্ধিমান সাহাই অৱসৰৰ কথা ঘোষণা কৰি হতবাক কৰি তোলে অনুৰাগীক ৷ সাহা হৈছে ভাৰতৰ এগৰাকী উইকেটকীপাৰ বেটছমেন, যিয়ে টেষ্টত তৃতীয় সৰ্বাধিক শতক অৰ্জন কৰিছে ।

ঋদ্ধিমান সাহাই কৰিলে অৱসৰ ঘোষণা

চলিত ৰঞ্জী ট্ৰফী ছিজনত বেংগলক প্ৰতিনিধিত্ব কৰা ঋদ্ধিমান সাহাই সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰে অৱসৰ । সাহাই শেষবাৰৰ বাবে 2021 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ এখন আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছিল ৷

WRIDDHIMAN SAHA
সোঁহতীয়া বেটছমেন ঋদ্ধিমান সাহা (IANS Photo)

সামাজিক মাধ্যমত অৱসৰ ঘোষণা কৰি ঋদ্ধিমান সাহাই লিখিছিল এনেদৰে, "ক্ৰিকেটত এক স্মৰণীয় যাত্ৰাৰ পিছত এই ছিজনটো হ’ব মোৰ অন্তিম । মই অৱসৰ লোৱাৰ পূৰ্বে মই কেৱল বেংগলক প্ৰতিনিধিত্ব কৰি ৰঞ্জী ট্ৰফী খেলিম ৷ এই অবিশ্বাস্য যাত্ৰাৰ অংশ হোৱা সকলোকে ধন্যবাদ, আপোনালোকৰ সমৰ্থন মোৰ বাবে বহুত অৰ্থপূৰ্ণ । এই ছিজনটো স্মৰণীয় কৰি তুলিম" ৷

ঋদ্ধিমান সাহাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

সোঁহতীয়া উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহাই ভাৰতৰ হৈ খেলিছে 40 খন টেষ্ট মেচ ৷ ক্ৰিকেটাৰগৰাকীয়ে 56 টা ইনিংছত 29.41 গড়ে সংগ্ৰহ কৰে মুঠ 1353 ৰাণ ৷ য’ত আছে 3 টা শতক আৰু 6 টা অৰ্ধ-শতক ।

সাহা সফল উইকেটকীপাৰ হিচাপেও জনাজাত । আন্তৰ্জাতিক টেষ্টত 92 টা কেচ আৰু 12 টা ষ্টাম্পিঙৰ অভিলেখ আছে তেওঁৰ নামত । সাহাই সমগ্ৰ কেৰিয়াৰত 9 খন এদিনীয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।

লগতে পঢ়ক: 92 বছৰৰ পিছত ঘৰৰ মাটিতে লজ্জাজনক পৰাজয় ভাৰতৰ; নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টতো পৰাজিত