ETV Bharat / sports

শ্ৰীলংকাক পৰাস্ত কৰি অষ্ট্ৰেলিয়াক বৃহৎ আঘাত দক্ষিণ আফ্ৰিকাৰ, ভাৰতো পৰিছে বিপদত

দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক পৰাস্ত কৰি ডব্লিউ টি চিৰ পইণ্ট তালিকাত আলোড়ন সৃষ্টি কৰিছে । যাৰ বাবে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ প্ৰতিও বাঢ়িছে ভাবুকি ।

World Test Championship Standings
দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ খেলুৱৈ (AP Photo)
author img

By ETV Bharat Sports Team

Published : December 1, 2024 at 12:40 PM IST

3 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক: ডাৰবানত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক 233 ৰাণত পৰাস্ত কৰিছে । এই জয়ৰ পিছতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত বৃহৎ উত্থান ঘটে দলটোৰ ৷

অষ্ট্ৰেলিয়াক অতিক্ৰমি তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে দক্ষিণ আফ্ৰিকাই ৷ তদুপৰি শীৰ্ষস্থানত থকা ভাৰতৰ বাবেও বজাইছে বিপদঘণ্টা ৷

সমীকৰণ সলনি দক্ষিণ আফ্ৰিকাৰ

দক্ষিণ আফ্ৰিকাৰ দলটোৱে 9 খন খেলত 5 বাৰ জয় আৰু 3 বাৰ পৰাজয়বৰণ কৰি লাভ কৰিছে 64 পইণ্ট ৷ দলটোৱে 59.26 পি টি চিৰ সৈতে উপনীত হৈছে তালিকাৰ দ্বিতীয় স্থানত । তাৰপিছতে আছে তিনি নম্বৰত আছে অষ্ট্ৰেলিয়া, যিয়ে 13 খন মেচত 8 বাৰ জয় আৰু 4 বাৰৰ পৰাজয়ৰ সৈতে 90 পইণ্ট অৰ্জন কৰিছে । বৰ্তমান দলটোৰ পি টি চি হৈছে 57.69 ৷

ভাৰতীয় দলটোৱে 15 খন মেচত 9 বাৰৰ জয় আৰু 5 বাৰৰ পৰাজয়ৰ সৈতে 110 পইণ্ট আৰু 61.11 পি টি চিৰ সৈতে আছে তালিকাৰ প্ৰথম স্থানত ।

ইয়াৰ পিছত নিউজিলেণ্ড, শ্ৰীলংকা, ইংলেণ্ড আৰু পাকিস্তান আছে ক্ৰমে চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম স্থানত ৷ পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব ৷ সম্প্ৰতি দক্ষিণ আফ্ৰিকাই নিজৰ স্থিতি উন্নত কৰাৰ লগতে ডব্লিউ টি চি 2023-25 ৰ ফাইনেলত প্ৰৱেশ কৰাৰ বাবে লাভ কৰিব সুযোগ ৷

শ্ৰীলংকাই খেলখনত 233 ৰাণত পৰাজয়বৰণ কৰে ৷ তৃতীয় দিনৰ খেলৰ পিছত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক জয়ৰ বাবে 516 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷ কিন্তু শ্ৰীলংকাই মাত্ৰ 282 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ মেচৰ দ্বিতীয় ইনিংছত টেম্বা বাভুমা আৰু ষ্টবছে দক্ষিণ আফ্ৰিকাৰ হৈ দৰ্শনীয় শতক অৰ্জন কৰে ।

শ্ৰীলংকাৰ প্ৰথম ইনিংছ

দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত 191 ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত শ্ৰীলংকাই প্ৰথম ইনিংছত মাত্ৰ 42 ৰাণহে সংগ্ৰহ কৰে ৷ ফাষ্ট বলাৰ মাৰ্কো জানছেনে শ্ৰীলংকাৰ 7 টাকৈ উইকেট দখল কৰে ।

ইফালে দ্বিতীয় ইনিংছত ষ্টবছে দক্ষিণ আফ্ৰিকাৰ হৈ 183 টা বলত শতক সম্পূৰ্ণ কৰে । খেলুৱৈগৰাকীয়ে 7 টা চাৰি আৰু দুটা ছয়ৰে শতকীয় ইনিংছটো সজায় ৷ দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই 202 টা বলত শতক সম্পূৰ্ণ কৰে । এনেদৰে দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত 366 ৰাণ সংগ্ৰহ কৰি শ্ৰীলংকাক 516 ৰাণৰ লক্ষ্য প্ৰদান কৰে ।

জানছেনৰ ক্ষুৰধাৰ বলিং

প্ৰথম ইনিংছত নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি বেটিং কৰা শ্ৰীলংকাই অতি কম সময়ৰ ভিতৰতে বহুকেইটা উইকেট হেৰুৱায় । দলটোৰ অ’পেনাৰ পাথুম নিশাংকাই 23 ৰাণ আৰু দিমুথ কৰুণাৰতনে 4 ৰাণ সংগ্ৰহ কৰে ৷

আনহাতে, দীনেশ চান্দিমলে 83 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলিছিল । দ্বিতীয় ইনিংছত মাৰ্কো জানছেনে 4 টা উইকেট দখল কৰে । তেওঁ এই খেলখনত মুঠ 11 টা উইকেট দখল কৰিবলৈ সক্ষম হয় । শ্ৰীলংকাই চতুৰ্থ দিনৰ খেলত মাত্ৰ 282 ৰাণহে সংগ্ৰহ কৰি প্ৰথম টেষ্টত পৰাজয়বৰণ কৰে ৷

দুখন মেচৰ টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাই লাভ কৰিছে 1-0 ৰ অগ্ৰগতি । শৃংখলাৰ পৰৱৰ্তী মেচখন 5 ডিচেম্বৰৰ পৰা ছেইণ্ট জৰ্জ পাৰ্কত অনুষ্ঠিত হ'ব । শ্ৰীলংকাৰ দলটোৱে পৰৱৰ্তী মেচখনত জয়লাভ কৰি শৃংখলাত সমতা স্থাপৰন চেষ্টা কৰিব ৷

লগতে পঢ়ক: আই পি এলৰ কোটিটকীয়া ক্ৰিকেটাৰ ব্যৰ্থ ! পাকিস্তানৰ বিৰুদ্ধে পৰাজয়ৰে অভিযান আৰম্ভ ভাৰতৰ