ETV Bharat / sports

বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচিলে নিশাদ কুমাৰে

বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথমটো স্বৰ্ণ জয় নিশাদ কুমাৰৰ । ১০০ মিটাৰ দৌৰত ছিমৰণ শৰ্মাৰ স্বৰ্ণ জয় ।

Nishad Kumar
বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচিলে নিশাদ কুমাৰে (IANS)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 3:52 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে নিশাদ কুমাৰে । টকিঅ' আৰু পেৰিছ পেৰালিম্পিকত হাই জাম্প টি ৪৭ত ৰাণাৰ্ছ আপ হোৱাৰ লগতে ২০২৩ আৰু ২০২৪ চনত বিশ্ব চেম্পিয়নশ্বিপত উন্নত প্ৰদৰ্শন কৰিছিল খেলুৱৈগৰাকীয়ে । অৱশ্যে এইবাৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথম প্ৰচেষ্টাতে সফল হ'ল নিশাদ কুমাৰ ।

নিশাদে সোণৰ পদক লাভ কৰাটো নিশ্চিত হোৱাৰ পিছত তেওঁ বিশ্ব অভিলেখৰ বাবে চেষ্টা কৰিছিল যদিও ২.১৮ মিটাৰ প্ৰচেষ্টাত সক্ষম নহ'ল । তেওঁ তিনিবাৰৰ বিশ্ব আৰু পেৰালিম্পিক চেম্পিয়ন আমেৰিকাৰ ৰডেৰিক টাউনচেণ্ডক পৰাস্ত কৰি তুৰস্কৰ আব্দুল্লা ইলগাজৰ পিছতে তৃতীয় স্থান দখল কৰে । ঐতিহাসিক বিজয়ৰ পিছতে নিশাদে আনন্দ প্ৰকাশ কৰি কয় যে তেওঁ এদিন সোণৰ পদক লাভ কৰিব বুলি ডায়েৰীত লিখি ৰাখিছিল ।

তেওঁ কয়, "এই দিনটোৰ বাবে মই এবছৰ ধৰি অপেক্ষা কৰি আছো । এই দিনটোৰ বাবে মই বহুত কষ্ট কৰি আহিছো । আজি সেই বিশেষ দিনটো । মই মোৰ শ্ৰেষ্ঠখিনি উজাৰি দিছিলো । এয়া ভগৱানৰ ইচ্ছা। মোক কোনেও বাধা দিব নোৱাৰে । ইতিমধ্যে মোৰ হাতত ৰূপৰ পদক আছে । মই ইয়াক মোৰ ৰেকত ৰাখিছো । মই ৰেকত ৰখাৰ পিছৰে পৰা সেইবোৰ দেখা নাই । বহু বছৰ ধৰি এই সোণৰ পদকটোৰ বাবে অপেক্ষা কৰি আছিলো । ইয়াৰ বাবে মই সাজু আছিলো । মই মোৰ ডায়েৰী লিখিছিলো যে মই সোণ অৰ্জন কৰিম ।"

ইফালে শুকুৰবাৰে পেৰা বিশ্ব চেম্পিয়নশ্বিপত ১০০ মিটাৰ দৌৰত আন এগৰাকী ভাৰতীয়ই স্বৰ্ণ পদক লাভ কৰে । তেওঁ হৈছে ছিমৰণ শৰ্মা । শৰ্মাই ১০০ মিটাৰ টি ১২ ফাইনেলত ১১.৯৫ ছেকেণ্ডৰ ব্যক্তিগত সৰ্বাধিক প্ৰদৰ্শন কৰে । ২০০ মিটাৰ ইভেণ্টত অন্তিম সংস্কৰণত সোণৰ পদক লাভ কৰাৰ লগতে ২০২৪ চনৰ পেৰালিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল ছিমৰণ শৰ্মাই ।

ভাৰতে এতিয়া মুঠ ১৫ টা পদকৰ সৈতে তালিকাৰ চতুৰ্থ স্থানত আছে । তাৰ ভিতৰত আছে ৬ টা স্বৰ্ণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক । পদক হিচাপত শীৰ্ষত আছে ব্ৰাজিল (১২ টা স্বৰ্ণ, ১৮ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জ), দ্বিতীয় স্থানত চীন (৯ টা স্বৰ্ণ, ১৬ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জ) আৰু তৃতীয় স্থানত আছে পোলেণ্ড (৮ টা স্বৰ্ণ, ২ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জ) ।

লগতে পঢ়ক :বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ ২০২৫ ৰ পূৰ্ণ প্ৰস্তুতি