ETV Bharat / sports

Shocking: বিশ্ব চেম্পিয়ন ডি গুকেশে এখনো মেচত জয়ী হ’ব নোৱাৰিলে

ফ্ৰীষ্টাইল চেছ গ্ৰেণ্ড শ্লেমত বিশ্ব চেম্পিয়ন ডি গুকেশৰ স্থান অষ্টম ।

World Champion D Gukesh could not win a single match at the German Freestyle Chess Grand slam
বিশ্ব চেম্পিয়ন ডি গুকেশ (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : February 16, 2025 at 9:38 AM IST

2 Min Read
Choose ETV Bharat

হামবাৰ্গ : ৭ ফেব্ৰুৱাৰীৰ পৰা জাৰ্মানীৰ হামবাৰ্গত অনুষ্ঠিত হৈ আছে ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেম অৰ্থাৎ ফ্ৰীষ্টাইল চেছ গ্ৰেণ্ড শ্লেম (FREESTYLE CHESS GRAND SLAM) ৷ বিশ্ব ভিন্ন প্ৰান্তৰ বহু খেলুৱৈৰ দৰে এই ফ্ৰীষ্টাইল চেছ গ্ৰেণ্ড শ্লেমত অংশ লয় বিশ্ব দবা চেম্পিয়ন ডি গুকেশ ডোমাৰাজুৱে ৷

কিন্তু আশ্চৰ্যজনকভাৱে ফ্ৰীষ্টাইল চেছ গ্ৰেণ্ড শ্লেমত বিশ্ব চেম্পিয়ন ডি গুকেশে এখনো মেচত জয়ী হ’ব পৰা নাই ৷ যাৰ বাবে তেওঁ ৮ নম্বৰত শেষ স্থানত থাকিব লগা হৈছে । প্ৰতিযোগিতাখনৰ সপ্তম স্থানৰ প্লে অফ মেচখনৰ দ্বিতীয়খন খেলত ইৰাণৰ আলী ৰেজা ফিৰৌজজাৰ হাতত ১.৫-০.৫ গ’লত পৰাস্ত হয় ডি গুকেশ । প্ৰতিযোগিতাখনত জয়লাভ কৰে জাৰ্মানীৰ ভিনচেণ্ট কেমাৰে ।

  • টুৰ্ণামেণ্টৰ ৰেংকিং :

১) ভিনচেণ্ট কেয়মাৰ (জাৰ্মানী)

২) ফেবিয়ানো কাৰুয়ানা (আমেৰিকা)

৩) মেগনাছ কাৰ্লচেন (উত্তৰ)

৪) জাভোখিৰ চিণ্ডাৰভ (উজবেকিস্তান)

৫) হিকাৰু নাকামুৰা (আমেৰিকা)

৬) নোদিৰবেক আব্দুছাট্টৰভ (উজবেকিস্তান)

৭) আলিৰেজা ফিৰৌজজা (ইৰাণ)

৮) ডি গুকেশ (ভাৰত)

  • প্ৰজ্ঞানন্দাৰ হাতত পৰাস্ত হয় বিশ্ব চেম্পিয়ন গুকেশ :

বিশ্ব চেম্পিয়ন হোৱাৰ পিছত ডি গুকেশে প্ৰথমবাৰৰ বাবে জাৰ্মানীৰ হামবাৰ্গত আয়োজিত ফ্ৰীষ্টাইল চেছ গ্ৰেণ্ড শ্লেমতে পৰাজয়ৰ সন্মুখীন হোৱা নাছিল ৷ ইয়াৰ পূৰ্বেও তেওঁ ২ ফেব্ৰুৱাৰীত নেদাৰলেণ্ডৰ উইজক আন জিত খেলা টাটা ষ্টীল মাষ্টাৰছ ২০২৫ত প্ৰজ্ঞানন্দাৰ হাতত পৰাস্ত হৈছিল ।

  • যোৱা বছৰ ডি গুকেশৰ শিৰত বিশ্ব দবা চেম্পিয়নৰ মুকুট জিলিকিছিল :

ইতিমধ্যে সকলোৰে জ্ঞাত যে, ২০২৪ চনৰ ১২ ডিচেম্বৰত ছিংগাপুৰত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ডি গুকেশে ইতিহাস ৰচনা কৰিছিল । মাত্ৰ ১৮ বছৰ বয়সতে চীনৰ ডিং লিৰেনক পৰাস্ত কৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে ।

ইয়াৰ লগে লগে গুকেশে ১৯৮৫ চনত ২২ বছৰ বয়সত চেম্পিয়ন হোৱা ৰাছিয়াৰ কিংবদন্তি গেৰী কাছপাৰভৰ অভিলেখ ভংগ কৰে । যাৰ বাবে ডি গুকেশক দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘‘খেল ৰত্ন’’ও প্ৰদান কৰা হয় ।

লগতে পঢ়ক : দবা চেম্পিয়ন ডি গুকেশসহ ৪ গৰাকী খেলুৱৈক খেল ৰত্ন বঁটা প্ৰদান

লগতে পঢ়ক : ইতিহাস ৰচি বিশ্ব দবা চেম্পিয়নশ্বিপৰ নতুন সম্ৰাট ডি গুকেশ

লগতে পঢ়ক : বিশ্ব দবা চেম্পিয়নশ্বিপ 2024: ডি গুকেশৰ হাতত পৰাস্ত চীনৰ ডিং লিৰেন