আহমেদাবাদ: ২০০৮ চনৰ পৰাই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰম্ভ হৈছিল । প্ৰায় ১৭ বছৰীয়া পৰিক্ৰমাত এইবাৰ এটা নতুন দলৰ সপোন পূৰণ হ'ব । হয়তো পঞ্জাব নহ'লে বেংগালুৰু ! দুয়োটা দলৰে খিতাপৰ তালিকা এতিয়া শূন্য । কিন্তু কোৱালিফায়াৰৰ অন্তিমখন মেচত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি পঞ্জাব কিংছে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে সকলোৰে উৎকণ্ঠা বাঢ়িছে । কাৰণ এতিয়ালৈ পঞ্জাব দলে এবাৰো আই পি এলৰ খিতাপ লাভ কৰিব পৰা নাই । আনহাতে ইতিমধ্যে ফাইনেলত স্থান সুৰক্ষিত কৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ খিতাপ জয়ৰ সপোনো আজিলৈ পূৰণ হোৱা নাই । ৩ জুন অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেল । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিশ্চিত হ'ব কোনটো নতুন দল হ'ব বিজয়ী ।
পঞ্জাব বনাম মুম্বাই
উল্লেখ্য যে দেওবাৰে কোৱালিফায়াৰৰ অন্তিম মেচখনত অৱতীৰ্ণ হৈছিল মুম্বাই আৰু পঞ্জাব । নিৰ্ণায়ক মেচখনত পঞ্জাবৰ সন্মুখত আছিল ২০৪ ৰাণৰ বৃহৎ লক্ষ্য । প্ৰথমে ক্ৰিজলৈ আহি প্ৰভচিমৰণ সিং আৰু প্ৰিয়াংশ আৰ্য্যই দলটোক বিশেষ আগুৱাই লৈ যাব নোৱাৰিলে । ৫৫ ৰাণতে দলটোৱে ২ টাকৈ উইকেট হেৰুৱায় । কিন্তু পঞ্জাবৰ শক্তিশালী মিডল অৰ্ডাৰে দলটোক বিজয়ৰ দিশে লৈ গ'ল । বিশেষকৈ জছ ইংলিছে ২১ টা বলত ৩৮ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে নেহাল ৱাদেৰাই ২০০ ষ্ট্ৰাইক ৰেটেৰে ৪৮ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে ।
অৱশ্যে কাম তেতিয়াও সম্পূৰ্ণ হোৱা নাছিল আৰু আধৰুৱা কাম সম্পূৰ্ণ কৰিলে দলটোৰ অধিনায়ক শ্ৰেয়স আয়াৰে । দলটোক শেষৰ ৪ অভাৰত ৪১ ৰাণৰ প্ৰয়োজন আছিল । শ্ৰেয়সে যেনেদৰে য়ৰ্কাৰ বলবোৰক বাউণ্ডেৰীলৈ পঠিয়াবলৈ ধৰিলে তেতিয়াই মুম্বাইৰ হতাশা আৰম্ভ হ'ল । ২ অভাৰত পঞ্জাবক ২৩ ৰাণৰ প্ৰয়োজন আছিল । অৱশ্যে শ্ৰেয়সক দেখিলে এনেকুৱা লাগিছিল যেন তেওঁৰ ওপৰত কোনো চাপ নাছিল । এটাৰ পিছত এটা ছিক্সাৰ কোবাই শ্ৰেয়সে অৱশেষত দলটোক আই পি এলৰ ফাইনেলৰ ৰাস্তা দেখুৱালে । শ্ৰেয়সৰ ৪১ টা বলত অপৰাজিত ৮৭ ৰাণৰ ইনিংছ পঞ্জাব দলটোৰ বাবে ঐতিহাসিক হৈ ৰ'ল । ৫ টা উইকেটত জয়ী হৈ পঞ্জাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰে ।
উল্লেখ্য যে খেলখনত পঞ্জাবে টছত জয়ী হৈ ফিল্ডিং কৰিছিল । মুম্বাইৰ হৈ ৰোহিত শৰ্মাৰ অৱদান মাত্ৰ ৮ ৰাণৰ আছিল । মুম্বাইৰো মিডল অৰ্ডাৰে কিছু অৱদান আগবঢ়াইছিল । দলটোৰ হৈ জনী বেয়াৰষ্ট'ৱে ৩৮ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলাৰ বিপৰীতে তিলক বাৰ্মা আৰু সূৰ্য্যকুমাৰ যাদৱেও প্ৰত্যকে ৪৪ ৰাণকৈ সংগ্ৰহ কৰে । নমন ধীৰেও ১৮ টা বলত ৩৭ ৰাণ সংগ্ৰহ কৰে । সামূহিক বেটিং প্ৰচেষ্টাই মুম্বাইক প্ৰথম ইনিংছত স্ক'ৰব'ৰ্ডত ২০৩/৬ ৰাণ সংগ্ৰহ কৰাত সহায় কৰে । অৱশ্যে সেই প্ৰচেষ্টা পঞ্জাবৰ বেটিং অৰ্ডাৰৰ সন্মুখত যথেষ্ট নহ'ল ।
লগতে পঢ়ক :পঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰি আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ আৰ চি বিৰ - RCB VS PBKS QUALIFIER 1