ETV Bharat / sports

মাত্ৰ ২৭ ৰাণত ইনিংছ শেষ ! তিনি কিংবদন্তিক লৈ কেৰিবিয়ান ক্ৰিকেট বোৰ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহভূমিতে ৱেষ্ট ইণ্ডিজক তিনি মেচৰ টেষ্ট শৃংখলাত ৩-০ ব্যৱধানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই শৃংখলা হস্তগত কৰে ।

Cricket West Indies
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩-০ ব্যৱধানত টেষ্ট শৃংখলা জয় অষ্ট্ৰেলিয়াৰ (AP)
author img

By ETV Bharat Assamese Team

Published : July 16, 2025 at 5:08 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ৱেষ্ট ইণ্ডিজে ক্ৰিকেট ইতিহাসৰ দ্বিতীয় সৰ্বনিম্ন টেষ্ট স্ক'ৰত (২৭) অলআউট হোৱা ঘটনাৰ পিছত ৱেষ্ট ইণ্ডিজ ক্ৰিকেটত তোলপাৰ লাগিছে । যাৰ ফলত ক্ৰিকেট ৱেষ্ট ইণ্ডিজে এক জৰুৰী বৈঠকৰ আহ্বান জনাইছে । এই বৈঠকত উপস্থিত থাকিবৰ বাবে কিংবদন্তি খেলুৱৈ ব্ৰায়ান লাৰা, ক্লাইভ লয়ড আৰু ভিভ ৰিচাৰ্ডছনক আমন্ত্ৰণ জনাইছে । শিৱনাৰায়ণ চন্দ্ৰপ'ল, ডেছমণ্ড হেইনছ আৰু ইয়ান ব্ৰেডশ্ব'ৰ সৈতে মিলি যাতে তেওঁলোকে বৰ্তমান দলৰ শোচনীয় অৱস্থাৰ ওপৰত পৰ্যালোচনা কৰি আগন্তুক ৰণনীতি গ্ৰহণ কৰিব পাৰে তাৰ বাবে এই বৈঠকৰ আহ্বান জনোৱা হৈছে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শোচনীয় পৰাজয়

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত ৱেষ্ট ইণ্ডিজে কেৱল ৩-০ ব্যৱধানত শৃংখলাত পৰাজয়ৰ সন্মুখীন হোৱাই নহয়, প্ৰতিখন মেচে তিনিদিনৰ ভিতৰতে সমাপ্ত হয় । আটাইতকৈ শোচনীয় প্ৰদৰ্শন আগবঢ়ায় তৃতীয় তথা অন্তিমখন মেচত । মেচখনত সমগ্ৰ দলটো মাত্ৰ ১৪.৩ অভাৰত ২৭ ৰাণতে আউট হয় । এইটো হৈছে টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় সৰ্বনিম্ন স্ক'ৰ । ১৯৫৫ চনত নিউজীলেণ্ডে আটাইতকৈ নিম্নতম স্ক'ৰ ২৬ ৰাণ কৰিছিল । উল্লেখ্য যে ইয়াৰ পূৰ্বে এখম টেষ্টৰ এটা ইনিংছত ৱেষ্ট ইণ্ডিজৰ সৰ্বনিম্ন স্ক'ৰ আছিল ৪৭ ৰাণ ।

Cricket West Indies
মাত্ৰ ২৭ ৰাণতে ইনিংছ শেষ ৱেষ্ট ইণ্ডিজৰ (AP)

আনহাতে, ৱেষ্ট ইণ্ডিজৰ এই লজ্জাজনক ইনিংছটোত আন এক অনাকাংক্ষিত ৰেকৰ্ডো সৃষ্টি হয় । সেয়া হৈছে কোনো এক টেষ্ট মেচৰ এটা ইনিংছত সৰ্বাধিক সাতগৰাকী খেলুৱৈ শূন্য ৰাণত আউট হোৱাৰ অভিলেখ । ইয়াৰ উপৰি শীৰ্ষ ছয়গৰাকী বেটছমেনে মাত্ৰ ছয় ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । এইটো হৈছে টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ কম ৰাণ সংগ্ৰহ ।

ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ অধ্যক্ষৰ প্ৰতিক্ৰিয়া

ইফালে এই লজ্জাজনক পৰাজয়ৰ পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ অধ্যক্ষ ডাঃ কিশোৰ ছোলেয়ে স্বীকাৰ কৰে যে শেহতীয়া এই পৰাজয়ে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট জগতৰ কেইবাদিনলৈ চকুৰ টোপনি নোহোৱা কৰিব । অৱশ্যে তেওঁ ধৈৰ্য ধৰিবলৈও আহ্বান জনায় আৰু লগতে দলটো পুনৰ গঠনৰ আৱশ্যকতাৰ ওপৰতো জোৰ দিয়ে । লগতে ভৱিষ্যৎ প্ৰজন্মৰ খেলুৱৈসকলক নিয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

এক বিবৃতিত তেওঁ কয়, "প্ৰতিগৰাকী ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট সমৰ্থকৰ দৰে ময়ো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়া পৰাজয়ত দুখ পাইছোঁ । আমাৰ মাজৰ বহুতৰে, য'ত পূৰ্বৰ খেলুৱৈয়ো আছে, আগন্তুক কেইটামান নিশা চকুৰ টোপনি হৰিব । মই জানো এই পৰাজয়ৰ সিমানেই গুৰুতৰ প্ৰভাৱ আছে । নিৰাশা স্বাভাৱিক কথা । কিন্তু আমি এই মুহূৰ্তটোক আমাৰ যাত্ৰাৰ আধাৰ হ'ব দিব নালাগে । আমি পুনৰ নিৰ্মাণৰ পৰ্যায়ত আছোঁ । ভৱিষ্যৎ প্ৰজন্মক নিৰন্তৰ গুৰুত্ব দি আহিছোঁ ।"

উল্লেখ্য যে অহা ২১ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলাত অৱতীৰ্ণ হ'ব । ইয়াৰ পিছত আগষ্ট মাহত ঘৰুৱা খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :অলিম্পিক ২০২৮ৰ সম্পূৰ্ণ সূচী প্ৰকাশ, জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ'ব ক্ৰিকেট ? - CRICKET MATCHES IN OLYMPICS
লগতে পঢ়ক :লৰ্ডছ টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত ভাৰত, অথলে গ'ল ৰবীন্দ্ৰ জাদেজাৰ ইনিংছ - IND VS ENG 3RD TEST