ETV Bharat / sports

ৰঞ্জী ট্ৰফীৰ দ্বিতীয় ৰাউণ্ডৰ পৰা নাম প্ৰত্যাহাৰ কোহলী-ৰাহুলৰ

বিৰাট কোহলীয়ে অন্তিমখন ৰঞ্জী ট্ৰফী মেচত ২০১২ চনত আৰু কে এল ৰাহুলে ২০২০ চনত অৱতীৰ্ণ হৈছিল ।

Ranji Trophy 2025
বিৰাট কোহলী (ANI)
author img

By ANI

Published : January 18, 2025 at 2:08 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলী আৰু কে এল ৰাহুলে ৰঞ্জী ট্ৰফীৰ পৰৱৰ্তী ৰাউণ্ডৰ পৰা তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰিছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ (বি চি চি আই) চিকিৎসা দলক তেওঁলোকে জনাইছে যে তেওঁলোক সমস্যাৰে যুঁজি থকাৰ বাবে চলিত ৰঞ্জী ট্ৰফীৰ ২০২৪-২৫ ছিজনৰ দ্বিতীয় ৰাউণ্ডত তেওঁলোকৰ নিজৰ নিজৰ ঘৰুৱা দল ক্ৰমে দিল্লী আৰু কৰ্ণাটকৰ হৈ অংশগ্ৰহণ কৰিব নোৱাৰিব । ই এছ পি এন ক্ৰিক ইনফোৰ প্ৰতিবেদনত এই কথা প্ৰকাশ ।

ই এছ পি এন ক্ৰিক ইনফোৰ প্ৰতিবেদন মতে, কোহলীয়ে তেওঁৰ ডিঙিৰ বিষত ভুগি আছে । কোহলীয়ে বি চি চি আইৰ চিকিৎসা দলক জনাইছে যে তেওঁ ৮ জানুৱাৰীত বিষ উপশমৰ বেজী লৈছিল যদিও বৰ্তমানো তেওঁৰ ডিঙিত বিষ আছে । যাৰ বাবে তেওঁ ৰাজকোটত সৌৰাষ্ট্ৰৰ বিৰুদ্ধে দিল্লীৰ আগন্তুক মেচৰ পৰা বঞ্চিত হ'বলগা হৈছে ।

উল্লেখ্য যে, ৩৬ বছৰীয়া তাৰকা বেটাৰগৰাকীয়ে ২০১২ চনৰ নৱেম্বৰত অন্তিমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত অৱতীৰ্ণ হৈছিল । মেচখনত তেওঁ দুয়োটা ইনিংছতে পেচাৰ ভুৱনেশ্বৰ কুমাৰৰ বলত ক্ৰমে ১৪ আৰু ৪২ ৰাণত আউট হৈছিল । তেওঁৰ 155 খন প্ৰথম শ্ৰেণীৰ মেচৰ 258 টা ইনিংছত বিৰাটে 48.23 গড়ে 11,479 ৰাণ সংগ্ৰহ কৰিছে । ইয়াত আছে 37 টা শতক আৰু 39 টা অৰ্ধশতক । তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্ক'ৰ হৈছে অপৰাজিত 254 ।

আনহাতে, কে এল ৰাহুলে কিলাকুটিৰ সমস্যাত ভুগি আছে । যাৰ বাবে তেওঁ বেংগালুৰুত পঞ্জাবৰ বিৰুদ্ধে কৰ্ণাটকৰ পৰৱৰ্তী ৰাউণ্ডৰ মেচখনত উপলব্ধ নহ'ব । সোঁহতীয়া উইকেটৰক্ষক বেটাৰগৰাকীয়ে ২০২০ চনৰ মাৰ্চত বংগৰ বিৰুদ্ধে কৰ্ণাটকৰ হৈ অন্তিমখন ৰঞ্জী ট্ৰফী মেচত অৱতীৰ্ণ হৈছিল । ছেমিফাইনেলত তেওঁ ২৬ আৰু ০ ৰাণ সংগ্ৰহ কৰিছিল মেচখনত তেওঁৰ দলটো পৰাস্ত হৈছিল ।

ইফালে বি চি চি আয়ে বৃহস্পতিবাৰে টীম ইণ্ডিয়াৰ বাবে নতুন নীতি ঘোষণা কৰে । যাৰ ফলত ৰাষ্ট্ৰীয় দলত বাছনি আৰু কেন্দ্ৰীয় চুক্তিৰ বাবে 'যোগ্য' হৈ থাকিবলৈ ঘৰুৱা খেলত অংশগ্ৰহণ কৰাটো 'বাধ্যতামূলক' হৈ পৰিছে ।

নতুন নীতিত বি চি চি আয়ে কৈছে যে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰাটো সমগ্ৰ ক্ৰিকেট প্ৰক্ৰিয়াৰ সৈতে সংযুক্ত হৈ থাকিব । বিবৃতিটোত লগতে কোৱা হৈছে যে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাটো কেৱল বিশেষ অসাধাৰণ পৰিস্থিতিতহে বিবেচনা কৰা হ'ব ।

"বি চি চি আইৰ নিৰ্দেশনা অনুসৰি খেলুৱৈসকলে ৰাষ্ট্ৰীয় দলত বাছনি আৰু কেন্দ্ৰীয় চুক্তিৰ বাবে যোগ্য হৈ থাকিবলৈ ঘৰুৱা খেলত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক । এই নীতিয়ে এইটো নিশ্চিত কৰিব যে খেলুৱৈসকল ঘৰুৱা ক্ৰিকেট পৰিৱেশৰ সৈতে যাতে সংযুক্ত হৈ থাকি তেওঁলোকৰ প্ৰতিভা বিকাশ কৰে, মেচৰ বাবে ফিটনেছ বজাই ৰাখে আৰু সামগ্ৰিক ঘৰুৱা ক্ৰীড়া গাঁথনি শক্তিশালী কৰে । ই উদীয়মান খেলুৱৈসকলক শীৰ্ষ ক্ৰিকেটাৰসকলৰ সৈতে প্ৰতিযোগিতা কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে প্ৰতিভাৰ প্ৰগতিৰ ধাৰাবাহিকতা নিশ্চিত কৰাত অনুপ্ৰাণিত কৰিব । এই আদেশৰ যিকোনো ব্যতিক্ৰম কেৱল অসাধাৰণ পৰিস্থিতিতহে বিবেচনা কৰা হ'ব আৰু প্ৰক্ৰিয়াটোত নিৰপেক্ষতা আৰু স্বচ্ছতা নিশ্চিত কৰি বাছনি সমিতিৰ অধ্যক্ষৰ পৰা আনুষ্ঠানিক অধিসূচনা আৰু অনুমোদনৰ প্ৰয়োজন হ'ব ।" বি চি চি আয়ে এক বিবৃতিত কয় ।

শেহতীয়াভাৱে যুৱ তাৰকা ঋষভ পণ্ট (দিল্লী), শুভমন গিল (পঞ্জাব) আৰু যশস্বী জয়ছোৱালৰ (মুম্বাই) লগতে অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজায়ো (সৌৰাষ্ট্ৰ) আগন্তুক ৰঞ্জী ট্ৰফীৰ মেচত অংশগ্ৰহণ নিশ্চিত কৰাসকলৰ ভিতৰত আছে ।

লগতে পঢ়ক :নীৰৱতা ভংগ কৰিলে অশ্বিনে; কিয় ল'লে অৱসৰ ? - ASHWIN RETIREMENT CONTROVERSY
লগতে পঢ়ক :এক কিলো পনীৰতকৈও দাম কম চেম্পিয়নছ ট্ৰফীৰ টিকটৰ - CHAMPIONS TROPHY 2025