টি-২০ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিব নেকি বিৰাটে ? ভংগ কৰিলে মৌনতা
অৱসৰৰ সন্দৰ্ভত ইউ টাৰ্ণ টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ ৷

Published : March 16, 2025 at 3:42 PM IST
বেংগালুৰু: শনিবাৰে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলত যোগদান কৰে । কাৰণ ২২ মাৰ্চৰ পৰা আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হ’ব ৷ এই ছিজনতো বিৰাটক আৰ চি বিৰ হৈ খেলা দেখা যাব ।
কিন্তু ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পিছৰে পৰা আৰম্ভ কৰি চেম্পিয়নছ ট্ৰফী জয় কৰালৈকে টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাটে অৱসৰৰ কথা ঘোষণা কৰিব বুলি প্ৰচাৰ হৈছিল উৰাবাতৰি ।
কিন্তু অৱসৰৰ কোনো কথা ঘোষণা নকৰি কোহলীয়ে নিজৰ অনুৰাগীক দিছে বৃহৎ সকাহ ৷ শেহতীয়াকৈ বিৰাটে অৱসৰৰ সন্দৰ্ভত পুনৰবাৰ নিজৰ মৌনতা ভংগ কৰিছে ।
Virat Kohli said, "I will not come back from retirement to play the Olympics. If we are playing for the Gold Medal, I will come back for one game, get a medal and go back home (smiles)". 😂❤️ pic.twitter.com/1jrPuc23z3
— Mufaddal Vohra (@mufaddal_vohra) March 15, 2025
বেংগালুৰুত অনুষ্ঠিত আৰ চি বি ইন’ভেচন লেব ইণ্ডিয়ান স্প’ৰ্টছ ছামিটত ঈশা গুহাই আঁতধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি কোহলীয়ে নিজৰ ক্ৰিকেটৰ ভৱিষ্যত আৰু অৱসৰৰ পিছত কি কৰিব, সেই বিষয়ে আলোচনা কৰে ।
ইয়াৰ উপৰিও তেওঁ ক্ৰিকেটক অলিম্পিকৰ অংশ হিচাপে গঢ়ি তোলা আৰু ভাৰতত মহিলা ক্ৰিকেটৰ বিকাশৰ দৰে বিষয়তো নিজৰ মতামত ব্যক্ত কৰে ।
অৱসৰৰ পিছত কি কৰিব কোহলীয়ে ?
এই প্ৰশ্নৰ উত্তৰত কোহলীয়ে কয় যে, ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ কি কৰিব বিচাৰে সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই । কোহলীয়ে কয় যে, তেওঁ যেতিয়া নিজৰ এজন সহকৰ্মীক একেটা প্ৰশ্ন সুধিছিল, তেতিয়া তেৱো একে উত্তৰ পাইছিল । অৱশ্যে ক্ৰিকেটৰ পাছত ভ্ৰমণ তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিব পাৰে বুলি কোহলীয়ে সম্ভাৱনা ব্যক্ত কৰে ৷
এয়া মোৰ শেষৰটো শৃংখলা হ’ব পাৰে !
অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত শেহতীয়াকৈ অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাত বিৰাটে ৰাণ সংগ্ৰহৰ বাবে যথেষ্ঠ সংগ্ৰাম কৰা দেখা গৈছিল । ক্ৰিকেটাৰগৰাকীয়ে কয় যে, তেওঁ উক্ত শৃংখলাত ২৩.৭৫ গড়ে ৯ ইনিংছত মাত্ৰ ১৯০ ৰাণহে সংগ্ৰহ কৰিছিল ।
বিৰাটে লগতে কয়, ‘‘মই হয়তো মোৰ কেৰিয়াৰত আৰু কেতিয়াও অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব নোৱাৰিম । কিন্তু এতিয়ালৈকে যি হৈছে, তাত মই সন্তুষ্ট’’ । ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ তেওঁৰ অনুৰাগীসকলে বিৰাটে টেষ্টকো বিদায় দিয়াৰ কথা ভবা বুলি চৰ্চা অব্যাহত ৰাখিছে ৷
টি-২০ ক্ৰিকেটত পুনৰ উভতিব নেকি বিৰাট কোহলী ?
২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত ক্ৰিকেটৰ সৰ্বাধিক চুটি ফৰ্মেটক বিৰাট কোহলীয়ে বিদায় দিছিল ৷ সম্প্ৰতি এই ফৰ্মেটৰ ক্ৰিকেটত প্ৰত্য়াৱৰ্তন ঘটোৱাৰ ইংগিত দিছে বিৰাটে ৷
দৰাচলতে অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ কথা সোধাত তেওঁ নিজৰ সুখ প্ৰকাশ কৰি ক্ৰিকেটৰ ইতিহাসৰ এক বৃহৎ সুযোগ বুলি অভিহিত কৰে ।
যদি টীম ইণ্ডিয়াই অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰে, তেন্তে সেই এখন মেচৰ বাবে তেওঁ টি-২০ ৰ পৰা অৱসৰ প্ৰত্যাহাৰ কৰিব । তেওঁ কয় যে, অলিম্পিকত পদক লাভ কৰাটো আচৰিত হ’ব আৰু ভাৰতৰ সেই সুযোগ আছে ।

