ETV Bharat / sports

জয় শ্বাহ আৰু আৰ চি বিয়ে স্মৰণীয় কৰি তুলিলে বিৰাট কোহলীৰ বিশেষ দিনটো - VIRAT KOHLI 16 YEARS IN CRICKET

Jay Shah and RCB congratulate Virat Kohli: বি চি চি আইৰ সচিব জয় শ্বাহ আৰু আই পি এল ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে(আৰ চি বি) ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 16 বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায় ।

VIRAT KOHLI 16 YEARS IN CRICKET
বিৰাট কোহলী (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : August 18, 2024 at 7:27 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট: ক্ৰিকেট জগতত কিং কোহলী হিচাপে জনাজাত ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দেওবাৰে সম্পূৰ্ণ কৰে 16 বছৰ । সেই উপলক্ষে বি চি চি আইৰ সচিব জয় শ্বাহ আৰু আই পি এল ফ্ৰেঞ্চাইজি আৰ চি বিয়ে কোহলীক এক বিশেষ ধৰণৰে বিশেষ দিনটোৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 16 বছৰ সম্পূৰ্ণ "কিং" ৰ

কুৱালালামপুৰত অনুষ্ঠিত অনুৰ্ধ-19 বিশ্বকাপ বিজয়ী দলৰ অধিনায়কৰ দায়িত্ব সুকলমে পালন কৰাৰ কেইমাহমান পিছত, 2008 চনৰ আজিৰ দিনটোতে কোহলীয়ে ডাম্বুলাত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এদিনীয়া মেচত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰে ৷ তেওঁৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচত কোহলীয়ে সংগ্ৰহ কৰে মাত্ৰ 12 ৰাণ । ইয়াৰ পিছত কোহলীয়ে তেওঁৰ প্ৰথমটো আন্তৰ্জাতিক শৃংখলাত 31.80 গড়ে 5 খন মেচত 159 ৰাণ সংগ্ৰহ কৰে ।

জয় শ্বাহে জনালে অভিনন্দন

"আজিৰ পৰা 16 বছৰ পূৰ্বে 19 বছৰীয়া বিৰাট কোহলীয়ে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰ্যায়ত ভৰি দিছিল আৰু সঁচাকৈয়ে এক উল্লেখযোগ্য কেৰিয়াৰত পৰিণত হোৱা এই কেৰিয়াৰৰ আৰম্ভণি কৰিছিল । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 16 বছৰ সম্পূৰ্ণ কৰাৰ বাবে ৰজাক অভিনন্দন !"

জয় হো, জয় হো কিং কোহলী: আৰ চি বি

2008 চনৰ পৰা কোহলীৰ আই পি এল ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়েও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 16 বছৰ সম্পূৰ্ণ কৰাৰ বাবে বিৰাটক বিশেষধৰণে অভিনন্দন জনায় । 16 বছৰৰ নিৰন্তৰ আবেগৰ সৈতে বিৰাটে কেৱল মেচ খেলাই নহয়, তেওঁ ক্ৰিকেটৰ এটা নতুন ব্ৰেণ্ডৰ কথাও উল্লেখ কৰে ৷

আন এটা পোষ্টত আৰ চি বি-য়ে লিখিছিল, "ৰজাৰ 16 বছৰ আৰু এই যাদু পুৰণি সাম্ৰাজ্যৰ পৰা অনন্তকাললৈ চলক । জয় হো, জয় হো কিং কোহলী" ৷

কোহলীৰ 'বিৰাট' কেৰিয়াৰৰ ওপৰত এক দৃষ্টি

বিৰাট কোহলীয়ে 295 খন এদিনীয়াত 13,906 ৰাণ সংগ্ৰহ কৰিছে ৷ লগতে সৰ্বাধিক 50 টা শতক অৰ্জন কৰাৰো অভিলেখ খেলুৱৈগৰাকীৰ নামতে আছে । কোহলীয়ে 113 খন টেষ্ট মেচত 8,848 ৰাণ সংগ্ৰহ কৰিছে । একে সময়তে তেওঁ 125 খন টি-20 মেচত 4,188 ৰাণ সংগ্ৰহ কৰিছে । কোহলীয়ে 2011 চনত এদিনীয়া বিশ্বকাপ, 2013 চনত চেম্পিয়নছ ট্ৰফী আৰু 2024 চনত টি-20 বিশ্বকাপ জয় কৰিছে ।

লগতে পঢ়ক: কেইবাটাও অভিলেখৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 16 বছৰ সম্পূৰ্ণ বিৰাট কোহলীৰ - VIRAT KOHLI 16 YEARS OF CRICKET