ETV Bharat / sports

বি চি চি আইৰ বিশেষ নিয়মক লৈ অসন্তুষ্ট বিৰাট কোহলী

‘‘ক্ৰিকেটৰ ওপৰত পৰিয়ালৰ কোনো নিয়ন্ত্ৰণ নাই, তথাপিও তেওঁলোকক আঁতৰাই ৰখাৰ চৰ্চা চলিছে ৷’’ এই ভাষ্য বিৰাট কোহলীৰ ৷

BCCI FAMILY RESTRICTION RULE
বিৰাট কোহলী (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 7:10 PM IST

3 Min Read
Choose ETV Bharat

বেংগালুৰু: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ইন’ভেচন লেব ইণ্ডিয়ান স্প’ৰ্টছ ছামিটত ভাষণ দি বিৰাট কোহলীয়ে কয় যে,যেতিয়াই খেলপথাৰত বৃহৎ কিবা এটা ঘটে, তেতিয়াই পৰিয়ালৰ সৈতে সময় কটোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে ৷

বি চি চি আইৰ নতুন নিয়মৰ ইংগিত দি কোহলীয়ে কয় যে, পৰিয়ালৰ গুৰুত্ব বুজি নোপোৱাত তেওঁ হতাশ হৈছে ।

খেলুৱৈৰ পৰিয়ালৰ বাবে বি চি চি আইৰ নতুন নিয়ম কি ?

দৰাচলতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-১ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে খেলুৱৈসকলৰ পৰিয়ালৰ বাবে নতুন নিয়ম প্ৰণয়ন কৰে ৷ এই নিয়ম অনুসৰি, ৪৫ দিনীয়া ভ্ৰমণৰ সময়ত খেলুৱৈসকলে নিজৰ পৰিয়ালক ১৪ দিনতকৈ অধিক সময় নিজৰ লগত ৰাখিব নোৱাৰিব । চুটি ভ্ৰমণত পৰিয়ালটোৱে খেলুৱৈজনৰ লগত মাত্ৰ এসপ্তাহ থাকিব পাৰিব ।

বি চি চি আইৰ এই নিয়মত অসন্তুষ্ট বিৰাট কোহলী

এই নিয়মৰ বিৰুদ্ধে নিজৰ মৌনতা ভংগ কৰি বি চি চি আইৰ নাম নোলোৱাকৈ বিৰাট কোহলীয়ে কয় যে, যেতিয়াই খেলপথাৰত কিবা গুৰুতৰ কথা ঘটে, তেতিয়াই পৰিয়ালৰ সৈতে সময় কটোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে । কাৰণ ই খেলপথাৰত কঠিন সময়ৰ মাজেৰে পাৰ হৈ যোৱা খেলুৱৈসকলৰ জীৱনত ভাৰসাম্য প্ৰদান কৰে । ক্ৰিকেটাৰৰ জীৱনত পৰিয়াল কিমান গুৰুত্বপূৰ্ণ, সেই কথা সকলো লোকে সম্পূৰ্ণৰূপে বুজি পোৱা নাই বুলি মই ভাবো ।

ক্ৰিকেটৰ ওপৰত পৰিয়ালৰ কোনো নিয়ন্ত্ৰণ নাই

তাৰকা বেটছমেনগৰাকীয়ে লগতে কয় যে, ক্ৰিকেটৰ ওপৰত পৰিয়ালটোৰ কোনো নিয়ন্ত্ৰণ নাই ৷ তথাপিও তেওঁলোকক খেলুৱৈৰ পৰা আঁতৰাই ৰখা বুলি কোৱা হৈছে ।

কোহলীয়ে কয়, ‘‘যদি আপুনি যিকোনো খেলুৱৈক সোধে যে আপোনাৰ পৰিয়াল সদায় আপোনাৰ লগত থকাটো বিচাৰেনে ? আপুনি ক’ব, হয়, মই অকলে মোৰ কোঠাত বহি দুখী হ’ব নালাগে । মই স্বাভাৱিক হ’ব বিচাৰো । তেতিয়া আপুনি আপোনাৰ খেলখনক দায়িত্ব হিচাপে বিবেচনা কৰিব পাৰে । আপুনি সেই দায়িত্ব শেষ কৰি তাৰ পিছত পুনৰ জীৱনলৈ ঘূৰি আহে’’ ।

চেম্পিয়নছ ট্ৰফীত কোহলীৰ দুৰ্দান্ত প্ৰদৰ্শন

টীম ইণ্ডিয়াৰ আই চি চি চেম্পিয়নছ ট্ৰফী জয়ত কোহলীয়ে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল ৷ দলটোৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আৰু সামগ্ৰিকভাৱে পঞ্চম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে কোহলীয়ে পাঁচখন মেচত গড়ে ৫৪.৫০ ৰাণৰে ২১৮ ৰাণ সংগ্ৰহ কৰিছিল । যাৰ ভিতৰত আছে পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত শতক আৰু ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৮৪ ৰাণ ।

আৰ চি বিত যোগদান কোহলীৰ

২২ মাৰ্চত ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচৰ পৰা আৰম্ভ কৰি আই পি এল ২০২৫ ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলিব কোহলীয়ে ।

৮ টা শতক আৰু ৫৫ টা অৰ্ধশতককে ধৰি ২৫২ খন মেচত ৮,০০৪ ৰাণ সংগ্ৰহ কৰি আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী কোহলীৰ দলটোৱে এতিয়ালৈকে এটাও খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: টি-২০ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিব নেকি বিৰাটে ? ভংগ কৰিলে মৌনতা - VIRAT KOHLI