ওজন বৃদ্ধিৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে বিনেশ ফোগাটে: কি জনালে আদালতক - PARIS OLYMPICS 2024
Vinesh phogat CAS hearing verdict: আদালতত বিচৰাধীন বিনেশ ফোগাটৰ পদক লাভ সম্বন্ধীয় গোচৰৰ বাবে ভাৰতীয় অলিম্পিক সংস্থাই ভাৰতীয় মল্লযোদ্ধাগৰাকীক প্ৰতিনিধিত্ব কৰিবলৈ উকীল হৰিশ চালভেক নিযুক্তি দিয়াৰ পিছত ফোগাটে আদালতৰ সন্মুখত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ ফোগাটে ফাইনেলৰ পুৱা 100 গ্ৰাম ওজন বৃদ্ধি পোৱাৰ ক্ষেত্ৰত প্ৰকাশ কৰিছে কেইটামান কাৰণ । পঢ়ক বিতং খবৰ...

Published : August 13, 2024 at 7:51 AM IST
স্প’ৰ্টছ ডেস্ক, 13 আগষ্ট: শৰীৰৰ বৰ্ধিত ওজনৰ বাবে স্বৰ্ণজয়ৰ আশা আধাতে সামৰিবলৈ বাধ্য হোৱা ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটৰ ভাগ্য নিৰ্ণয় হ’ব আজি ৷ ইতিমধ্যে গোচৰটো পাইছেগৈ আদালতৰ মজিয়া ৷ খেলুৱৈগৰাকীয়ে ৰূপৰ পদক লাভ কৰিব নে নাই, মঙলবাৰে সেয়া ৰায় দিব আদালতে ৷
বিনেশ ফোগাট ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পিছতে দেশজুৰি প্ৰকাশ কৰা হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ সমগ্ৰ ভাৰতে খেলুৱৈগৰাকীৰ পক্ষত থিয় হৈ ৰূপৰ পদক প্ৰদান কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ 50 কিল’গ্ৰাম শাখাত মল্লযোদ্ধাগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তিনিটা ৰাউণ্ড অনায়াসে সমাপ্ত কৰি উপনীত হৈছিল ফাইনেলত ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ফাইনেল মেচৰ পূৰ্বে নিৰ্ধাৰিত ওজনতকৈ 100 গ্ৰাম ওজন বৃদ্ধি হোৱাত মল্লযোদ্ধাগৰাকীক মেচৰ বাবে অযোগ্য ঘোষণা কৰা হয় ৷
পৰৱৰ্তী সময়ত খেলুৱৈগৰাকীয়ে ৰূপৰ পদক লাভৰ বাবে আবেদন জনাই আদালতত ৷ ভাৰতীয় অলিম্পিক সংস্থাই(আই অ' এ) হৰিশ চালভে নামৰ এজন ভাৰতীয় অধিবক্তাক এই গোচৰৰ বাবে নিযুক্তি দিছিল ৷ যিয়ে শুকুৰবাৰে আদালতত 29 বছৰীয়া মল্লযোদ্ধাগৰাকীক প্ৰতিনিধিত্ব কৰি শুনানিৰ সময়ত ক্ৰীড়াৰ বাবে মধ্যস্থতা আদালতৰ(চি এছ এ) সন্মুখত সকলো প্ৰয়োজনীয় কথা উত্থাপন কৰিছিল ৷
এক প্ৰতিবেদন অনুসৰি, "বিনেশ ফোগাটৰ অধিবক্তাই কৈছিল যে, চেম্প ডি মাৰ্চ এৰিনাৰ মাজৰ দূৰত্ব, য’ত মল্লযুদ্ধৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু এথলীটছ ভিলেজ প্ৰয়োজনীয় ওজন তৈয়াৰ কৰাত ব্যৰ্থ হোৱাৰ এক মুখ্য কাৰণ আছিল । অধিবক্তাজনে লগতে উল্লেখ কৰিছিল যে, খেলবোৰৰ কঠিন তথা ব্যস্ত সময়সূচীৰ বাবে মল্লযোদ্ধাগৰাকীয়ে ওজন হ্ৰাস কৰিবলৈ পৰ্যাপ্ত সময় পোৱা নাছিল ৷ প্ৰতিযোগিতাৰ প্ৰথম দিনটোৰ পিছত 52.7 কিল’গ্ৰামলৈ বাঢ়িছিল খেলুৱৈগৰাকীৰ ওজন ৷"
অধিবক্তাগৰাকীয়ে লগতে যুক্তি দিছিল যে "বিনেশে কোনো প্ৰতিযোগিতামূলক সুবিধা লাভ কৰা নাছিল ৷ কিয়নো দ্বিতীয়দিনা পুৱা খেলুৱৈগৰাকীৰ অতিৰিক্ত ওজন 100 গ্ৰাম আছিল, যিয়ে তেওঁক কোনো প্ৰতিযোগিতামূলক সুবিধা প্ৰদান কৰা নাছিল ।"
"100 গ্ৰামৰ অতিৰিক্ততা নগণ্য,(যি খেলুৱৈজনৰ মুঠ ওজনৰ প্ৰায় 0.1 ৰ পৰা 0.2 শতাংশ) আৰু ই সহজে গৰম বতৰত মানৱ শৰীৰ ফুলি যোৱাৰ বাবে হ'ব পাৰে ৷ কিয়নো বৈজ্ঞানিকভাৱে জীয়াই থকাৰ উদ্দেশ্যে তাপৰ ফলত মানৱ শৰীৰে অধিক পানী ধৰি ৰাখিব পাৰে । এইটো পেশীৰ ভৰ বৃদ্ধিৰ বাবেও হ'ব পাৰে, কিয়নো খেলুৱৈজনে এদিনতে তিনিবাৰকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল," প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে ।
প্ৰতিবেদন অনুসৰি, "ফোগাটৰ অধিবক্তাই কৈছিল যে, প্ৰতিযোগিতাৰ পিছত খেলুৱৈজনে তেওঁৰ স্বাস্থ্য আৰু সততা বজাই ৰাখিবলৈ গ্ৰহণ কৰা আহাৰৰ বাবেও এনে হ'ব পাৰে ।" প্ৰতিবেদনসমূহত এইটোও উল্লেখ কৰা হৈছে যে, অধিবক্তাই প্ৰৱঞ্চনা বা হেৰফেৰ কৰাৰ সম্ভাৱনা অস্বীকাৰ কৰিছে আৰু ওজন বৃদ্ধিৰ আঁৰত অতিৰিক্ত খাদ্য খোৱাৰ যুক্তিও অস্বীকাৰ কৰিছে ।

