ৰিং-প্ৰতিবাদত বিফল বিনেশৰ ভৰসাৰ থলী হৈ পৰিল হাত: বজৰং পুনিয়াৰ সৈতে আৰম্ভ নতুন ইনিংছ - VINESH AND PUNIA JOIN CONGRESS
Congress: আজি কংগ্ৰেছৰ বাবে এক বিশেষ দিন ৷ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত দলটোত যোগদান কৰিছে দুগৰাকী তাৰকা খেলুৱৈয়ে ৷ খেলুৱৈ দুগৰাকী আন কোনো নহয়, বৰং সকলোৰে পৰিচিত বিনেশ ফোগাট আৰু বজৰং পুনিয়া ৷ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত মল্লযোদ্ধা দুগৰাকীয়ে কংগ্ৰেছত যোগদান কৰে ৷

Published : September 6, 2024 at 3:30 PM IST
স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই ভাৰতৰ দুগৰাকী ক্ৰীড়াবিদে ঢাপলি মেলিছে ৰাজনীতিলৈ ৷ বিগত কিছুদিনৰে পৰা সংবাদ মাধ্যমৰ চৰ্চাত থকা ক্ৰীড়াক্ষেত্ৰৰ এটি নাম হৈছে বিনেশ ফোগাট ৷ ফোগাটৰ সমানে সমানে উচ্চাৰিত হৈছে ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াৰ নাম ৷
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে অলিম্পিয়ান মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে । বিগত 4 ছেপ্টেম্বৰত নতুন দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পিছত খেলুৱৈ দুগৰাকীয়ে শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷
বিনেশ, বজৰঙৰ কংগ্ৰেছত যোগদান:
ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে ।
মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ:
দলত যোগদানৰ পূৰ্বে শুকুৰবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰিছিল বিনেশ ফোগাট আৰু বজৰং পুনিয়াই ৷ এই সাক্ষাতৰ এখন ফটো খাৰ্গেই নিজৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছে ৷
चक दे इंडिया, चक दे हरियाणा!
— Mallikarjun Kharge (@kharge) September 6, 2024
दुनिया में भारत का नाम रौशन करने वाले हमारे प्रतिभाशाली चैंपियन विनेश फोगाट और बजरंग पुनिया से 10 राजाजी मार्ग पर मुलाक़ात।
हमें आप दोनों पर गर्व है। pic.twitter.com/aFRwfFeeo1
ৰে’ল বিভাগৰ চাকৰিৰ পৰা পদত্যাগ
কংগ্ৰেছত যোগদান কৰাৰ কেইঘণ্টামান পূৰ্বে ফোগাটে নিজৰ এক্স একাউণ্টৰ জৰিয়তে ৰে’ল বিভাগৰ চাকৰিৰ পৰা পদত্যাগ কৰে ৷ এই পদত্যাগৰ এটা প্ৰতিলিপিও ফোগাটে শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত ৷ য’ত উল্লেখ কৰা হৈছিল যে, ভাৰতীয় ৰে’ল বিভাগত সেৱা আগবঢ়োৱাতো তেওঁৰ জীৱনৰ এক স্মৰণীয় আৰু গৌৰৱৰ সময় আছিল ।
भारतीय रेलवे की सेवा मेरे जीवन का एक यादगार और गौरवपूर्ण समय रहा है।
— Vinesh Phogat (@Phogat_Vinesh) September 6, 2024
जीवन के इस मोड़ पर मैंने स्वयं को रेलवे सेवा से पृथक करने का निर्णय लेते हुए अपना त्यागपत्र भारतीय रेलवे के सक्षम अधिकारियों को सौप दिया है। राष्ट्र की सेवा में रेलवे द्वारा मुझे दिये गये इस अवसर के लिए मैं… pic.twitter.com/HasXLH5vBP
কোনখন আসনত টিকট লাভৰ সম্ভাৱনা
জল্পনা-কল্পনা অনুসৰি, বিনেশ ফোগাটক চাৰ্খি দাদৰীৰ পৰা টিকট প্ৰদানৰ সম্ভাৱনা আছে ৷ বিজেপিয়ে বিনেশৰ ভগ্নী ববিতা ফোগাটক এই আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । খবৰ অনুসৰি, বজৰং পুনিয়াই বদলীৰ পৰা টিকট বিচাৰিছে, কিন্তু কংগ্ৰেছে তেওঁক এই আসনৰ পৰিৱৰ্তে জাট অধ্যুষিত আসনৰ পৰা নিৰ্বাচনী ক্ষেত্ৰত প্ৰাৰ্থিত্ব দিয়াৰ পৰিকল্পনা কৰিছে ।
বিশেষকৈ পেৰিছ অলিম্পিকৰ পৰা পদক অবিহনে ঘৰলৈ ওভতা ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে ৰাজনীতিত যোগদান কৰিব বুলি চৰ্চা অব্যাহত আছিল ৷ কিছুদিন পূৰ্বে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছিল মল্লযোদ্ধাগৰাকীয়ে ৷ সেই সাক্ষাতৰ সময়ৰ এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল কংগ্ৰেছে ৷
नेता विपक्ष श्री @RahulGandhi से विनेश फोगाट जी और बजरंग पुनिया जी ने मुलाकात की। pic.twitter.com/UK7HW6kLEL
— Congress (@INCIndia) September 4, 2024
উক্ত ফটোখনে খেলুৱৈগৰাকী সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ এক ইংগিত বহন কৰিছিল ৷ পেৰিছৰ পৰা হাৰিয়ানাৰ দাদৰীস্থিত ঘৰত উপস্থিত হোৱাৰ পিছতো বিনেশৰ নিকটাত্মীয়ই খেলুৱৈগৰাকীয়ে ৰাজনীতিত যোগদান কৰাৰ খবৰ ৰাজহুৱা কৰিছিল ৷ পিছে তেতিয়ালৈকে খেলুৱৈগৰাকীৰ ফালৰ পৰা অহা নাছিল কোনো সেউজ সংকেত ৷

