ETV Bharat / sports

চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব পাৰে ভাৰতীয় দল: ৰাজীৱ শুক্লা - Champions Trophy 2025

Champions Trophy : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ উপ-সভাপতি ৰাজীৱ শুক্লাই দেওবাৰে উত্তৰ প্ৰদেশ প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলামৰ সময়ত সাংবাদিকক কয় যে ভাৰতীয় ক্ৰিকেট দলে চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব পাৰে ৷ কিন্তু তাৰ আগতে ভাৰত চৰকাৰৰ সন্মতি প্ৰয়োজন হ'ব।

CHAMPIONS TROPHY 2025
বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাৰ প্ৰতিক্ৰিয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 28, 2024 at 9:31 PM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, 28 জুলাই : চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ ভাৰতীয় দলটো যাব নে নাযায় সেই সন্দৰ্ভত মুখ খুলিছে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) উপ-সভাপতি ৰাজীৱ শুক্লাই দেওবাৰে উত্তৰ প্ৰদেশ প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলামৰ সময়ত সাংবাদিকক কয় যে ভাৰতীয় ক্ৰিকেট দলে চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব পাৰে, কিন্তু তাৰ পূৰ্বে ভাৰত চৰকাৰৰ সন্মতিৰ প্ৰয়োজন হ'ব ৷ ৰাজীৱ শুক্লাই কয় যে 2026 চনৰ বিশ্বকাপৰ সময়ত ভাৰতলৈ অহাৰ বিষয়ে পাকিস্তানে যি বিচাৰে সেয়া ক'ব পাৰে, কিন্তু আমি কেৱল ভাৰত চৰকাৰৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছো ৷

2025 চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ৷ কিন্তু কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ বাতৰিয়ে কৈ আছিল যে ভাৰত পাকিস্তানলৈ নাযায় আৰু হাইব্ৰিড মডেলত এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিব ৷

এই খবৰৰ পিচতে পাকিস্তানত আলোড়নৰ সৃষ্টি হৈছিল ৷ এই সন্দৰ্ভত সংবাদ মাধ্যম, খেলুৱৈ আৰু ব’ৰ্ডৰ চোকা প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বৰ্তমান ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এতিয়াও সন্মতি দিয়া নাই ৷ ভাৰতে যাবলৈ অস্বীকাৰ কৰিছে ৷ এতিয়া ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চেম্পিয়নছ ট্ৰফীলৈ যোৱাৰ সন্দৰ্ভত কিছু নৰম স্থিতি গ্ৰহণ কৰিছে ৷ দেওবাৰে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে যদি চৰকাৰে পাকিস্তানলৈ যাবলৈ সেউজ সংকেত দিয়ে, তেন্তে আমি নিশ্চিতভাৱে যাম ৷ চৰকাৰৰ মনোভাৱৰ ওপৰত সকলো নিৰ্ভৰ কৰে আৰু বি চি চি আই-য়ে চৰকাৰৰ নিৰ্দেশ অনুসৰিহে কাম কৰিব ৷

লগতে পঢ়ক : পাক ক্ৰিকেট ব’ৰ্ডৰ ডাঙৰ ভাবুকি ! যদি ভাৰতে চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় তেন্তে... - Champions Trophy 2025