ETV Bharat / sports

উৰুগুৱেৰ হাতত পৰাস্ত আমেৰিকা যুক্তৰাষ্ট্ৰ, কোপা আমেৰিকাৰ পৰাই বাহিৰ - Copa America 2024

URUGUAY VS USA: লাখ লাখ সমৰ্থক তথা অনুৰাগীৰ আশা ভংগ কৰি কোপা আমেৰিকাৰ পৰা বিদায় ল'লে গ্ৰেগ বেৰহাল্টাৰ বাহিনীয়ে । ইয়াৰ লগে লগে আগন্তুক বিশ্বকাপ ফুটবলৰ পূৰ্বেই চাপ বৃদ্ধি পালে গ্ৰেগ বেৰহাল্টাৰৰ ।

URUGUAY VS USA
কোপা আমেৰিকা ২০২৪ ত আশা ভংগ আমেৰিকাৰ (AP Photos)
author img

By ETV Bharat Assamese Team

Published : July 3, 2024 at 11:02 AM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক, ৩ জুলাই : কোপা আমেৰিকা ২০২৪ ত উৰুগুৱেৰ হাতত আমেৰিকা যুক্তৰাষ্ট্ৰ পৰাজিত হোৱাৰ পিচতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই পৰাজয়ৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰ উক্ত প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাত দলটোৰ প্ৰশিক্ষক গ্ৰেগ বেৰহাল্টাৰে কোনো বিশেষ মন্তব্য় নকৰি মাত্ৰ এটা শব্দহে উচ্চাৰণ কৰে । ২০২৬ চনৰ বিশ্বকাপত আমেৰিকাক নেতৃত্ব দিয়াৰ বাবে তেওঁ সঠিক ব্যক্তি নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ মাত্ৰ এটা শব্দহে উচ্চাৰণ কৰে । গ্ৰেগ বেৰহাল্টাৰে কোনো বিশেষ মন্তব্য় নকৰিলেও ৰাষ্ট্ৰীয় দলৰ সৈতে তেওঁৰ ভৱিষ্যতৰ বিষয়ে ক'বলৈ আন বহুতো লোকৰ ওচৰত বহুতো থকাটো নিশ্চিত ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলটোৱে ২০২২ চনৰ বিশ্বকাপত নেডাৰলেণ্ডৰ বিৰুদ্ধে ৰাউণ্ড অফ-১৬ ত পৰাজয়ৰ পিছত এইবাৰ অগ্ৰগতি লাভ কৰা বুলি সমৰ্থকে ভাবিছিল যদিও মাত্ৰ এটা গ'লে সকলো অংক ওলট-পালট কৰিলে । ইয়াৰ পৰিৱৰ্তে এই প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰই দুৰ্বল বলিভিয়াৰ বিৰুদ্ধে মাত্ৰ ২-০ ব্যৱধাৰাত জয়লাভ কৰিবলৈ সক্ষম হয় । তদুপৰি পানামাৰ হাতত ২-১ গ'লত পৰাজয়বৰণ কৰে ।

লগতে পঢ়ক: অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ ব্ৰাজিল

পানামাৰ হাতত হোৱা পৰাজয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক এক জটিল অৱস্থালৈ ঠেলি দিয়াৰ পিছত বেৰহাল্টাৰৰ ইউৰোপীয় ক্লাবৰ খেলুৱৈসকলৰ লাইন আপে উৰুগুৱেৰ বিৰুদ্ধে কেইটামান সুযোগ সৃষ্টি কৰিছিল যদিও ইয়াক কাৰ্যকৰী কৰিব নোৱাৰিলে । সোমবাৰে নিশা ১-০ গ'লৰ বিজয়েৰে উৰুগুৱে আশাহত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাখ লাখ অনুৰাগীক । সোমবাৰে নিশা একমাত্ৰ গ'লটো ৬৬ মিনিটত দিয়ে নিকোলাছে ।

বেৰহাল্টাৰক 2023 ৰ জুনত পুনৰ প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হৈছিল । আগন্তুক বিশ্বকাপলৈ তেওঁৰ সৈতে আছিল এই চুক্তি । আমেৰিকা যুক্তৰাষ্ট্ৰই কানাডা আৰু মেক্সিকোৰ সৈতে সহ-আয়োজক হোৱা বাবে এইবাৰ বিশ্বকাপক লৈ দেশখনৰ জনতাই বহু আশা কৰিছে । কিন্তু পুলিচিক, ৱেষ্টন মেককেনি আৰু টাইলাৰ এডামছ অন্তৰ্ভুক্ত এটা লাইনআপ থকা স্বত্বেও আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ অন্তিম কোপা আমেৰিকা প্ৰদৰ্শনত ব্যৰ্থ হয় । এই দলটো 2016 চনৰ ছেমি ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাজিত হৈছিল ।

সোমবাৰে নিশা দ্বিতীয়াৰ্ধত এৰোহেড ষ্টেডিয়ামত ৫৫,৪৬০ সমৰ্থকে 'ফায়াৰ গ্ৰেগ' বুলি উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰে, যদিও সেয়া বেছি সময় তিষ্ঠি নাথাকিল । আমেৰিকা যুক্তৰাষ্ট্ৰই ছেপ্টেম্বৰত কানাডা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে বন্ধুত্বপূৰ্ণ খেলত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: ইউৰো কাপ ২০২৪ : জয়েৰে অভিযান আৰম্ভ স্পেইনৰ, উদ্বোধনী খেলত ক্ৰ’ৱেছিয়াক ৩-০ গ’লত পৰাস্ত - EURO 2024