লক্ষ্য-ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়া : নগাঁৱত শুভাৰম্ভ 17 অনুৰ্ধৰ আন্তঃজিলা বাস্কেট বল প্ৰতিযোগিতা - Under 17 basketball tournament
Under 17 basketball tournament in Nagaon: নগাঁৱত 17 বছৰ অনুৰ্ধৰ ছোৱালীৰ আন্তঃজিলা বাস্কেট বল প্ৰতিযোগিতাৰ শুভাৰম্ভ । 17 বছৰ অনুৰ্ধৰ অসম ছোৱালী বাস্কেট বল দল গঠনৰ পোষকতা ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ ।

Published : July 20, 2024 at 8:20 AM IST
নগাঁও, 20 জুলাই: ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰক আগুৱাই নিয়াৰ উদ্দেশ্যে 17 বছৰ অনুৰ্ধৰ অসম ছোৱালী বাস্কেট বল দল গঠনৰ পোষকতা কৰিছে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই । শুকুৰবাৰৰ পৰা নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম বাস্কেট বল সন্থাৰ সহযোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 17 বছৰ অনুৰ্ধৰ আন্তঃজিলা বাস্কেট বল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰি সংবাদ মাধ্যমৰ সমুখত এই কথা উল্লেখ কৰে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।
উল্লেখ্য যে, শুকুৰবাৰৰ পৰা নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে 17 বছৰ অনুৰ্ধৰ ছোৱালী বাস্কেট বলৰ আন্তঃজিলা প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত ৰাজ্যৰ দহটাকৈ দলে অংশগ্ৰহণ কৰে । নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 17 বছৰ অনুৰ্ধৰ আন্তঃজিলা বাস্কেট বল প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি বিজেপি সাংসদ পল্লৱ লোচন দাসেও ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক আৰু এখোজ আগবঢ়াই নিয়াৰ লক্ষ্যৰে 17 বছৰ অনুৰ্ধৰ অসম ছোৱালী বাস্কেট বল দল গঠন কৰাৰ কথা উল্লেখ কৰে ।
নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আন্তঃজিলা বাস্কেট বল প্ৰতিযোগিতাৰ পৰাই বিশেষ পাৰদৰ্শিতা থকা খেলুৱৈসকলক বাছনি কৰি অসম দল গঠন কৰাৰ কথাও উল্লেখ কৰে সাংসদ পল্লৱ লোচন দাসে । আনহাতে, বিজেপি চৰকাৰৰ দিনত অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিছে বুলি উল্লেখ কৰি বাস্কেট বলৰ ক্ষেত্ৰলৈও ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ দায়ৱদ্ধ বুলি কয় ৷
নগাঁৱত অনুষ্ঠিত হোৱা 17 বছৰ অনুৰ্ধৰ ছোৱালী বাস্কেট বল আন্তঃজিলা প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও উপস্থিত থাকে ।

