ইউএই : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট জগতত সংযুক্ত আৰৱ আমিৰশ্বাহী দলৰ ইতিহাস । বাংলাদেশৰ বিৰুদ্ধে ৩ খনীয়া টি-২০ শৃংখলা জয় ইউএই দলৰ । বুধবাৰে শ্বাৰজাহত শৃংখলাৰ অন্তিমখন মেচত ইউএই দলে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে ।
প্ৰথমবাৰৰ বাবে বাংলাদেশে সহযোগী দেশৰ বিৰুদ্ধে টি-২০ শৃংখলাত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছে । শৃংখলাৰ অন্তিম তথা নিৰ্ণায়ক মেচত ১৬৩ ৰাণৰ টাৰ্গেট অতিক্ৰম কৰি ইউএই দলে ৭ উইকেট আৰু ৫ টা বল বাকী থকা অৱস্থাতে এক ঐতিহাসিক জয় সাব্যস্ত কৰে ।
বাংলাদেশৰ বিৰুদ্ধে ইউএইৰ ঐতিহাসিক জয়
খেলখনত ইউএইৰ অধিনায়ক মহম্মদ ৱাছিমে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল । ইউএইৰ বলাৰসকলে বাংলাদেশক ২০ অভাৰত ১৬২ ৰাণতে বান্ধি ৰাখে । বাংলাদেশৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে উইকেটকীপাৰ-বেটছমেন জাকিৰ আলীয়ে (৪১)। অ'পেনাৰ তাঞ্জিদ হাছানেও ৪০ ৰাণৰ ইনিংছ খেলে ।
এই দুই বেটছমেনৰ বাহিৰে আন কোনো বেটছমেনে প্ৰভাৱ পেলাব পৰা নাছিল । ইউএইৰ হৈ হাইদৰ আলীয়ে সৰ্বাধিক ৩ টা উইকেট দখল কৰে । মতিউল্লাহ খান আৰু ছাগিৰ খানেও ২ টাকৈ উইকেট দখল কৰে ।
বাংলাদেশে দিয়া ১৬৩ ৰাণৰ টাৰ্গেট অতিক্ৰম কৰিবলৈ খেলপথাৰলৈ ইউএইৰ বেটছমেনসকলে প্ৰথম অৱস্থাত সংগ্ৰাম কৰিবলগীয়া হয় । অধিনায়ক মহম্মদ ৱাছিমে মাত্ৰ ৯ ৰাণ সংগ্ৰহ কৰিয়ে আউট হয় । কিন্তু আনটো দিশত এই বিজয়ৰ নায়ক আছিল আলিচান শ্বৰাফু ।
৬৯ ৰাণৰ অপৰাজিত ইনিংছ খেলি নিজৰ দলটোক এই ঐতিহাসিক বিজয় দিশে লৈ যায় শ্বৰাফুৱে । ৫ নম্বৰত বেটিং কৰিবলৈ অহা আছিফ খানেও ৪১ ৰাণৰ অপৰাজিত ইনিংছ খেলে । এই দুই বেটছমেনৰ উপৰিও অ'পেনাৰ মহম্মদ জোহাইবেও ২৯ ৰাণ কৰে ।
৩ খনৰ দুখনতে ইউএইৰ জয়
প্ৰথমখন টি-২০ মেচত ২৭ ৰাণত পৰাস্ত হোৱাৰ পিছত ইউএই দলে এক আকৰ্ষণীয় প্ৰত্যাৱৰ্তন কৰে । দ্বিতীয়খন মেচত ২০০ ৰো অধিক টাৰ্গেট অতিক্ৰম কৰি ইউএই জয়ী হয় । তাৰ পিছত বুধবাৰে নিৰ্ণায়ক মেচখনত আকৰ্ষণী প্ৰদৰ্শন কৰে দলটোৱে ।
ইউএইৰ দলটোৱে নিজতকৈ অধিক অভিজ্ঞ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিবলৈ নিজৰ ধৈৰ্য, দক্ষতা আৰু সকলো শক্তি প্ৰদৰ্শন কৰে । এনেদৰেই ইউএইয়ে প্ৰথমবাৰৰ বাবে টি-২০ শৃংখলাত বাংলাদেশক পৰাস্ত কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :IPL ৰ ইতিহাসত ২০ নং অভাৰ মেডেন বল কৰা বলাৰসকলৰ তালিকা... - IPL 20TH OVER MAIDEN