ETV Bharat / sports

ইউটিটি ছিজন ৬ৰ খিতাপ দখল ইউ মুম্বা টিটিৰ - UTT SEASON 6 FINAL

ইউটিটিৰ ফাইনেলত ইউ মুম্বাৰ আক্ৰমণাত্মক প্ৰদৰ্শন । জয়পুৰ পেট্ৰিয়টছক পৰাস্ত কৰি ৰচিলে ইতিহাস ।

UTT Season 6 Final
প্ৰথমবাৰলৈ ইউটিটি খিতাপ দখল ইউ মুম্বাৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : June 16, 2025 at 12:51 PM IST

2 Min Read

আহমেদাবাদ : আল্টিমেট টেবুল টেনিছৰ ষষ্ঠ সংস্কৰণৰ খিতাপ দখল কৰিলে ইউ মুম্বা টিটিয়ে । ইউটিটি ছিজন ৬ৰ গ্ৰেণ্ড ফাইনেলত জয়পুৰ পেট্ৰিয়টছক ৮-৪ পইণ্টত পৰাস্ত কৰি এই খিতাপ দখল কৰে । ইয়াৰ লগে লগে প্ৰথমটো ইউটিটি খিতাপ দখল কৰি ইতিহাস ৰচিলে মুম্বা টিটিয়ে । উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই এই জয় লাভ কৰে দলটোৱে ।

লিলিয়ান বাৰ্ডেট আৰু বাৰ্ণাডেট চ'কছৰ জয়েৰে ইউ মুম্বা দলটোৱে প্ৰাৰম্ভিক পৰ্যায়ত অগ্ৰগতি লাভ কৰে । ইয়াৰ পিছত চ'কছ আৰু আকাশ পালে মিক্সড ডাবলছত ৩-০ পইণ্টত জয়লাভ কৰি দলটোক জয়ৰ দিশলৈ লৈ যায় । চতুৰ্থখন মেচত যুৱ তাৰকা অভিনন্দন পি বিৰ আকৰ্ষণীয় জয়ৰ লগে লগে দলটোৱে খিতাপ দখল কৰিবলৈ সক্ষম হয় । অৱশ্যে যশস্বিনী ঘোৰপাড়েয়ে ফাইনেল খেলিব নোৱাৰিলে ।

ফাইনেলত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে আকাশ আৰু চ'কছক ক্ৰমে শ্ৰেষ্ঠ ভাৰতীয় আৰু শ্ৰেষ্ঠ বিদেশী খেলুৱৈৰ সন্মান প্ৰদান কৰা হয় । ইফালে জিৎ চন্দ্ৰই শ্বট অৱ দ্য ফাইনেল খিতাপ লাভ কৰে ।

ডেম্পো গোৱা চেলেঞ্জাৰ্ছৰ অধিনায়ক হৰমীত দেশাই আৰু ইউ মুম্বা টিটিৰ অধিনায়ক বাৰ্ণাডেট চ'কছে ক্ৰমে ইউটিটি ছিজন ৬ৰ পুৰুষ আৰু মহিলাৰ এমভিপি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে গোৱাৰ বিৰুদ্ধে কলকাতা থাণ্ডাৰব্লেডছৰ লীগ মঞ্চৰ মেচত কৃত্তিকা সিনহা ৰয়ৰ বিৰুদ্ধে আকৰ্ষণীয় বিজয়ৰ বাবে এড্ৰিয়ানা ডায়েজক শ্বট অৱ দ্য লীগৰ সন্মান প্ৰদান কৰা হয় ।

চেম্পিয়ন হিচাপে ইউ মুম্বাই ৬০ লাখ টকা উপাৰ্জন কৰাৰ বিপৰীতে ৰাণাৰ্ছ আপ জয়পুৰ পেট্ৰিয়টছে ৪০ লাখ টকা লাভ কৰে । ছেমি ফাইনেলিষ্ট দাবাং দিল্লী টিটিচি আৰু চেলেঞ্জাৰ্ছে ১৭.৫ লাখ টকাকৈ লাভ কৰে ।

ইউটিটি ফাইনেল ২০২৫ৰ চূড়ান্ত স্ক'ৰ :

জয়পুৰ পেট্ৰিয়টছৰ বিৰুদ্ধে ইউ মুম্বা টিটিৰ ৮-৪ পইণ্টত বিজয়

  • লিলিয়ান বাৰ্ডেটে কনক ঝাক ২-১ (৪-১১, ১১-৫, ১১-৭) পইণ্টত পৰাস্ত কৰে
  • বাৰ্ণাডেট চ'কছে শ্ৰীজা আকুলাক ২-১ (১১-৯, ১০-১১, ১১-৫) পইণ্টত পৰাস্ত কৰে
  • জিৎ চন্দ্ৰ/ব্ৰিট এৰলেণ্ডক আকাশ পাল/বাৰ্ণাডেট চ'কছে ৩-০ (১১-৬, ১১-৫, ১১-৫) পইণ্টত পৰাস্ত কৰে
  • জিৎ চন্দ্ৰৰ হাতত অভিনন্দন পি বি ১-২ (৫-১১, ৮-১১, ১১-৮) পইণ্টত পৰাস্ত হয়
লগতে পঢ়ক :গুজৰাটত আৰম্ভ হৈ কেৰালাত শেষ : ভাৰত-নিউজিলেণ্ডৰ শৃংখলাৰ কাৰ্যসূচী ঘোষণা - INDIA VS NEW ZEALAND SCHEDULE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.