ETV Bharat / sports

টাইগাৰ শ্ৰফৰ সৈতে মাৰ্চিয়েল আৰ্টছৰ প্ৰশিক্ষণ লোৱা ত্ৰিশূল ভূঞা ওলাইছে কাজাখস্তানলৈ

অসম দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগত কৰ্মৰত ত্ৰিশূল ভূঞাই অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰি ইতিমধ্যে বহু সফলতা লাভ কৰিছে ।

Mixed martial arts player Trishul Bhuyan
নতুন পৰিকল্পনাৰে সাজু সমৰ কলাৰ খেলুৱৈ ত্ৰিশূল ভূঞা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 1, 2025 at 1:21 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ : নৱবৰ্ষৰ প্ৰথমটো দিনতে কলিয়াবৰবাসীৰ বাবে ভাল খবৰ । আন্তঃৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে কলিয়াবৰৰ ত্ৰিশূল ভূঞা । ভাৰতৰ মিক্সড মাৰ্চিয়েল আৰ্টছ জগতত ত্ৰিশূল ভূঞা এক চিনাকী নাম । এতিয়া ত্ৰিশূল ভূঞাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভূমুকি মাৰিবলৈ যাব কাজাখস্তানলৈ ।

কলিয়াবৰৰ ত্ৰিশূল ভূঞাই বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে মাৰ্চিয়েল আৰ্টছৰ প্ৰশিক্ষণ লৈ কেইবাখনো বলীউড ৱেব ছিৰিজত মাৰ্চিয়েলৰ প্ৰশিক্ষণ দিছিল । ইতিমধ্যে কলিয়াবৰত 'বিগ ব্ৰাডাৰ্ছ ফাইট ক্লাব'ৰ জৰিয়তে কলিয়াবৰৰ বহু ছাত্ৰ-ছাত্ৰীক মিক্সড মাৰ্চিয়েল আৰ্টছৰ প্ৰশিক্ষণ দি আহিছে ত্ৰিশূলে ।

নতুন পৰিকল্পনাৰে সাজু সমৰ কলাৰ খেলুৱৈ ত্ৰিশূল ভূঞা (ETV Bharat Assam)

সমৰ কলাৰ জৰিয়তে সফলতা

অসম দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগত কৰ্মৰত ত্ৰিশূল ভূঞাই অসম আৰক্ষীয়ে আয়োজন কৰা সমৰ কলা প্ৰতিযোগিতাতো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণৰ বাবে পূৰ্ণগতিত অনুশীলন কৰিছে কলিয়াবৰৰ ত্ৰিশূল ভূঞাই । ইফালে নতুন বছৰৰ বিভিন্ন পৰিকল্পনাৰ কথাও ত্ৰিশূল ভূঞাই উল্লেখ কৰে ।

নতুন পৰিকল্পনা

ত্ৰিশূল ভূঞাই জনোৱা মতে তেওঁ অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰি ২০২৩-২৪ বৰ্ষত উশ্বু, বক্সিং আৰু কাৰাটেৰ কেইবাটাও প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁ কয়,"২০২৫ চনত মিক্সড মাৰ্চিয়েল আৰ্টছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা আছে । নেপাল আৰু কাজাখস্তানৰ দুখন খেলৰ অফাৰ মোৰ হাতলৈ আহিছে । সেয়ে মাৰ্চ-এপ্ৰিলত সম্ভৱতঃ মই বাহিৰলৈ ৰাওনা হম । বৰ্তমান মই কলিয়াবৰত বক্সিং, কাৰাটে, মিক্সড মাৰ্চিয়েল আৰ্টছ আদি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰি আছো । নগাঁও জিলাৰ মই প্ৰথম এম এম এ খেলুৱৈ । মই বৰ্তমান দল গঠন কৰি আছো । মোৰ ছাত্ৰ-ছাত্ৰীসকলেও খেলিবলৈ আৰম্ভ কৰিছে ।"

লগতে পঢ়ক :ৰোহিত-বিৰাটৰ অৱসৰৰ বাবে সাজুনে ভাৰতীয় ক্ৰিকেট দল ? - ROHIT VIRAT RETIREMENT