ETV Bharat / sports

চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত শীৰ্ষ ৫ উইকেট সংগ্ৰহকাৰী

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ‘বলৈ এমাহৰো কম সময় বাকী থকা অৱস্থাত, আজি প্ৰতিযোগিতাখনৰ শীৰ্ষ ৫ উইকেট সংগ্ৰহকাৰীৰ বিষয়ে জানো আহক

ETV Bharat
চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত শীৰ্ষ ৫ উইকেট সংগ্ৰহকাৰী (এএফপি)
author img

By ETV Bharat Assamese Team

Published : January 23, 2025 at 12:06 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদঃ আইচিচি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ লৈ মাজত মাত্ৰ কিছু দিনহে বাকী ৷ ইতিমধ্যে পাকিস্তান আৰু দুবাই ১৯ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে আৰম্ভ হ'বলগীয়া চেম্পিয়নছ ট্ৰফী আয়োজন কৰিবলৈ সাজু হৈছে।

প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ খেলখনত আয়োজক পাকিস্তান নিউজীলেণ্ডৰ মুখামুখি হ'ব আনহাতে ভাৰতে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে এখন খেলৰ সৈতে নিজৰ অভিযান আৰম্ভ কৰিব।

চেম্পিয়নছ ট্ৰফীক প্ৰথমবাৰৰ বাবে ১৯৯৮ চনত আইচিচি নকআউট ট্ৰফী হিচাপে প্ৰৱৰ্তন কৰা হৈছিল। বাংলাদেশে উদ্বোধনী সংস্কৰণআয়োজন কৰিছিল, তাৰ পিছৰ সংস্কৰণ ২০০০ চনত কেনিয়াত আয়োজন হৈছিল য'ত নিউজীলেণ্ডে ফাইনেলত ভাৰতক পৰাস্ত কৰি তেওঁলোকৰ প্ৰথমটো আইচিচি খিতাপ অৰ্জন কৰিছিল । পৰৱৰ্তী সময়ত ২০০২ চনৰ পৰা ফৰ্মেটটোক 'মিনি বিশ্বকাপ'ৰ ৰূপ দিয়া হৈছিল।

২০০২ চনত, আয়োজক শ্ৰীলংকাই, বৰষুণে দুবাৰকৈ ফাইনেল খেলখনত ব্যাঘাত জন্মোৱাৰ ফলস্বৰূপে ভাৰতৰ সৈতে যৌথ বিজয়ী হিচাপে ট্ৰফী ভাগ বাটোৱাৰা কৰিছিল। ইয়াৰ দুবছৰ পিছত এক প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলত আয়োজক ইংলেণ্ডক পৰাস্ত কৰি প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছিল ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে ৷ পৰৱৰ্তী দুটা সংস্কৰণ ২০০৬ আৰু ২০০৯ ত খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৰিকী পণ্টিং নেতৃত্বাধীন অষ্ট্ৰেলিয়ান ক্ৰিকেট দল ৷

২০১৩ চনত, এম.এছ. ধোনীৰ টীম ইণ্ডিয়াই ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰে ৷ এইদৰে ধোনীয়ে তিনিটা আই.চি.চি. খিতাপ জয়েৰে নিজৰ অধিনায়কত্বৰ কেৰিয়াৰত এক বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। চাৰি বছৰৰ পিছত,অৰ্থাৎ ২০১৭ চনত, প্ৰতিযোগিতাখনে দীঘলীয়া বিৰতি লোৱাৰ আগত, পাকিস্তানে ভাৰতক পৰাস্ত কৰি অন্তিমবাৰ এই খিতাপ দখল কৰে।

যদি প্ৰতিযোগিতাখনৰ বিগত সংস্কৰণবোৰলৈ চোৱা যায় তেনেহ’লে কিছুমান অসাধাৰণ প্ৰদৰ্শনৰ কথা, বিশেষকৈ য’ত বলাৰসকলে তেওঁলোকৰ দক্ষতা আৰু নিৰন্তৰতাৰে খেলবোৰৰ ভাগ্য ঘূৰাই দিছিল, মনলৈ আহে। ইয়াত আমি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ শীৰ্ষ-পাঁচ উইকেট সংগ্ৰহকাৰীৰ ওপৰত এক আলোকপাত কৰিব খুজিছোঁ ৷

চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত শীৰ্ষ উইকেট সংগ্ৰহকাৰীসকল

৫. গ্লেন মেকগ্ৰাথ – ২১ উইকেট

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন পেচাৰ গ্লেন মেকগ্ৰাথ হৈছে চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ পঞ্চম শীৰ্ষ উইকেট সংগ্ৰহকাৰী বলাৰ, যিয়ে মাত্ৰ ১২ খন মেচত অংশ লৈ ২১ টা উইকেট দখল কৰিছে। তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০০২ চনত নিউজীলেণ্ডৰ বিৰুদ্ধে ৫/৩৭। চেম্পিয়নছ ট্ৰফীত দ্বিতীয় সৰ্বাধিক মেডেন অভাৰ (১৩) বল কৰাৰ অভিলেখো মেকগ্ৰাথৰ নামত আছে।

ETV Bharat
গ্লেন মেকগ্ৰাথৰ পৰিসংখ্যা (ETV Bharat)

৪. ব্ৰেট লী – ২২ উইকেট

বিশ্বৰ অনত্যম বেগী বলাৰ হিচাপে জনাজাত ব্ৰেট লীয়ে নিজৰ কেৰিয়াৰত প্ৰতিযোগিতাখনৰ চাৰিটা সংস্কৰণত অংশ লৈছিল। এই সময়চোৱাত অষ্ট্ৰেলিয়াৰ হৈ ১৬ খন মেচত ২২ টা উইকেট দখলেৰে তালিকাৰ চতুৰ্থ স্থানত আছে বিংগা নামৰে জনপ্ৰিয় বলাৰজন ৷ তেওঁৰ সৰ্বশ্ৰেষ্ঠ বলিং পৰিসংখ্যা ২০০২ চনত কলম্বোৰ সিংহলীজ স্পৰ্টছ ক্লাবত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩/৩৮ ।

ETV Bharat
ব্ৰেট লীৰ পৰিসংখ্যা (ETV Bharat)

৩. মুথাইয়া মুৰলীধৰণ – ২৪ উইকেট

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখলৰ অভিলেখকাৰী শ্ৰীলংকাৰ কিংবদন্তি স্পিনাৰ মুথাইয়া মুৰলীধৰণে ১৭ খন মেচ খেলি ২৪ টা উইকেট দখল কৰি শীৰ্ষ ৩ জন বলাৰৰ ভিতৰত স্থান অৰ্জন কৰিছে। এই তালিকাত স্থান লাভ কৰা তেৱেঁই হৈছে একমাত্ৰ স্পীনাৰ ৷ চেম্পিয়নছ ট্ৰফীত তেওঁৰ বাৰে আটাইতকৈ স্মৰণীয় সংস্কৰণ আছিল ২০০২ চন য'ত তেওঁ মাত্ৰ ৭ ৰ গড় আৰু ২.৭৮ ৰ ইকোনমীৰে কেৱল ৩ খন খেলতে ১২ টা উইকেট দখল কৰিছিল।

ETV Bharat
মুথাইয়া মুৰলীধৰণৰ পৰিসংখ্যা (ETV Bharat)

২. লাছিথ মালিংগা – ২৫ উইকেট

যোৱা দুটা দশকত শ্ৰীলংকাৰ লাছিথ মালিংগাই নিজকে এজন শ্ৰেষ্ঠ দ্ৰুতবেগী বলাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । অনন্য বলিং একচন আৰু নিখুঁত য়ৰ্কাৰ কৰাৰ সামৰ্থ্যৰ বাবে জনাজাত, মালিংগাই প্ৰতিযোগিতাৰ ১৬ খন মেচত ২৫টা উইকেট দখল কৰিছিল, তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ৪/৩৪। মালিংগাৰ বাবে আটাইতকৈ সফল সংস্কৰণটো আছিল ২০০৬ চনৰ তেওঁৰ প্ৰথম সংস্কৰণ য'ত বলাৰজনে ৬ খন খেলত ১৯.০৯ ৰ আকৰ্ষণীয় গড়ত ১১ টা উইকেট হস্তগত কৰিছিল।

ETV Bharat
লাছিথ মালিংগাৰ পৰিসংখ্যা (ETV Bharat)

১. কাইল মিলছ - ২৮ উইকেট

চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ সফলতম বলাৰ হৈছে নিউজীলেণ্ডৰ প্ৰাক্তন পেচাৰ কাইল মিলছ, যিয়ে ১৭ খন মেচত অংশ লৈ ২৮ টা উইকেট দখল কৰিছিল। ২০১৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে নিজৰ অন্তিমখন চেম্পিয়নছ ট্ৰফী খেলত ৪/৩০ ৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ সৈতে প্ৰতিযোগিতাখনত ১৭.২৫ ৰ এক আকৰ্ষণীয় বলিং গড় অৰ্জন কৰিছিল দীৰ্ঘকায় বলাৰজনে। তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০০৬ চনৰ সংস্কৰণত য’ত তেওঁ ১০টা উইকেট দখল কৰিছিল। তদুপৰি মিলছে ২০০২ চনত ৩টা, ২০০৯ চনত ৯টা, ২০১৩ চনৰ ছিজনত ৬টা উইকেট দখল কৰিছিল।

ETV Bharat
কাইল মিলছৰ পৰিসংখ্যা (ETV Bharat)

লগতে পঢ়ক: ক্ৰিকেট ইতিহাসত আটাইতকৈ বেছি মেডেন অভাৰ কৰা বলাৰসকল - MAIDEN OVERS INTERNATIONAL CRICKET