ETV Bharat / sports

ভাৰতক ৰুধিবলৈ ইংলেণ্ডৰ জাল; নিউজীলেণ্ডৰ প্ৰাক্তন ফাষ্ট বলাৰ টেষ্ট শৃংখলাৰ হাতিয়াৰ - ENG VS IND TEST SERIES

ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট বোৰ্ডে বৃহস্পতিবাৰে ইংলেণ্ডৰ পুৰুষ ক্ৰিকেট দলৰ বাবে টিম ছাউদীক এক ডাঙৰ ভূমিকাত নিযুক্তি দিছে ।

TIM SOUTHEE ENGLAND COACH
নিউজীলেণ্ড ক্ৰিকেট দল (IANS)
author img

By ETV Bharat Assamese Team

Published : May 15, 2025 at 8:46 PM IST

2 Min Read

নতুন দিল্লী : নিউজীলেণ্ডৰ প্ৰাক্তন ফাষ্ট বলাৰ টিম ছাউদীক ভাৰতৰ বিৰুদ্ধে ২০ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ক্ৰিকেট বোৰ্ডে এক গুৰু দায়িত্বত নিযুক্তি দিছে । ভাৰত-ইংলেণ্ড ৫ খন মেচৰ গুৰুত্বপূৰ্ণ টেষ্ট শৃংখলাটোত টিম ছাউদীক Specialist Skills Consultant হিচাপে নিযুক্তি দিছে ।

উল্লেখ্য যে এই টেষ্ট শৃংখলাটোৰ পৰায়ে দুয়োটা দলৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ ৰ চক্ৰ আৰম্ভ হ'ব । প্ৰণিধানযোগ্য যে ৩৬ বছৰীয়া ছাউদীয়ে ২০২৪ চনৰ ডিচেম্বৰ মাহত ইংলেণ্ডৰ হাতত নিউজীলেণ্ড ২-১ ব্যৱধানত টেষ্ট শৃংখলাত পৰাস্ত হোৱাৰ পিছত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।

তেওঁ ক্ৰিকেটৰ তিনিওটা ফৰ্মটতে মুঠ ৭৭৬ টা উইকেট (টেষ্টত ৩৯১, এদিনীয়াত ২২১ আৰু টি-২০ ক্ৰিকেটত ১৬৪) দখল কৰি নিউজীলেণ্ডৰ শীৰ্ষ উইকেট দখলকাৰী বলাৰ হিচাপে নিজৰ কেৰিয়াৰক বিদায় জনায় । নিউজীলেণ্ডৰ কোনো এগৰাকী বলাৰে এই পৰ্যন্ত ৭০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হ'ব পৰা নাই ।

নিউজীলেণ্ডৰ প্ৰাক্তন অধিনায়ক ব্ৰেণ্ডন মেককুলামৰ নেতৃত্বত টিম ছাউদীয়ে প্ৰশিক্ষক দলত যোগদান কৰিব । ছাউদীৰ প্ৰথম কাৰ্যভাৰ ইংলেণ্ড দলৰ বাবে গ্ৰীষ্ম ছিজনৰ প্ৰথম টেষ্ট হ'ব । এই শৃংখলা অহা সপ্তাহত ট্ৰেণ্ট ব্ৰীজত জিম্বাবৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব । তাত তেওঁ আটাইকেইটা ফৰ্মটতে প্ৰশিক্ষক দলত কিংবদন্তী ফাষ্ট বলাৰ জেমছ এণ্ডাৰচনৰ স্থলাভিষিক্ত হ'ব । তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ইংলেণ্ডৰ হোৱাইট বল শৃংখলা আৰু ভাৰতৰ বিৰুদ্ধে পাঁচ টেষ্ট মেচৰো অংশ হ'ব । তেওঁৰ কাৰ্যকাল ৪ আগষ্টত অভেল টেষ্টৰ পিছত সমাপ্ত হ'ব ।

ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট বোৰ্ডে (ECB) এক বিবৃতিত কয়, "বিশ্বজুৰি বিভিন্ন পৰিস্থিতি আৰু আটাইকেইটা ফৰ্মেটত খেলাৰ নিজৰ বিশাল অভিজ্ঞতাৰ সৈতে তেওঁ খেলুৱৈসকলক বহুমূলীয়া অন্তৰ্দৃষ্টি আৰু জ্ঞান প্ৰদান কৰিব । নিজৰ পৰামৰ্শদাতা কাৰ্যকালৰ পিছত তেওঁ বাৰ্মিংহাম ফিনিক্সৰ হৈ খেলিবলৈ আৰম্ভ কৰিব । মেককুলামৰ সৈতে ছাউদীয়ে আটাইকেইটা ফৰ্মটতে নিজৰ নেতৃত্বত ৭৮ খন মেচসহ ১৭০ খন আন্তৰাষ্ট্ৰীয় মেচ খেলিছে । হেমিল্টনত নিজৰ ক্ৰিকেট কেৰিয়াৰৰ অন্তিমখন মেচ খেলাৰ পিছত মেককুলামেই ছাউদীক ইংলেণ্ড দলৰ দ্বাৰা স্বাক্ষৰিত ৰেড ৱাইনৰ এটা বটল উপহাৰ হিচাপে দিছিল ।"

লগতে পঢ়ক :ইংলেণ্ড ভ্ৰমণত বিৰাট কোহলীৰ ঠাইত ৩ জন খেলুৱৈ কোন কোন ? - VIRAT KOHLI TEST REPLACEMENT
লগতে পঢ়ক :বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে দল ঘোষণা অষ্ট্ৰেলিয়াৰ - WORLD TEST CHAMPIONSHIP FINAL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.