ETV Bharat / sports

ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ; গুৱাহাটীত অনুষ্ঠিত হ'ব টেষ্ট মেচ আৰু মহিলা বিশ্বকাপৰ খেল - TEST MATCH AT BARSAPARA STADIUM

বৰ্ষাপাৰা ষ্টেডিয়ামত ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব টেষ্ট মেচ ।

BCCI Secretary Debjit Lon Saikia
বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 23, 2025 at 10:56 PM IST

3 Min Read

গুৱাহাটী: গুৱাহাটী শীঘ্ৰেই হৈ পৰিব টেষ্ট মেচৰ ভেন্যু । গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এৰ ষ্টেডিয়ামত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব টেষ্ট মেচ । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচ হ’ব বৰ্ষাপাৰাত । ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ গুৱাহাটীত হ’ব টেষ্ট মেচ ।

দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়াই । বি চি চি আইৰ সচিবগৰাকীয়ে এই সন্দৰ্ভত কয়, "যোৱাকালি অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ উন্মোচন হৈছে । অসমত কেতিয়াও ক্ৰিকেটৰ ৱৰ্ল্ডকাপৰ খেল হোৱা নাছিল আৰু টেষ্ট খেলা হোৱা নাছিল । কালি বি চি চি আইৰ কাউন্সিলৰ সভাত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আগন্তুক বছৰত ভাৰতত হ'বলগীয়া খেলসমূহৰ ওপৰত আলোচনা কৰা হয় আৰু তাৰ বাবে কিছুমান খেলৰ ভেন্যু ঠিক কৰা হয়" ৷

বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়া (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "ভেন্যুসমূহৰ ঘোষণা দুই-এদিনতে হ'ব । কিন্তু তাৰ পূৰ্বে এটা কথা ক'ব বিচাৰো যে অসমৰ বাবে ভাল খবৰ আছে । এই বছৰৰ নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ দলটো অসমলৈ আহিব । তেওঁলোকৰ ভাৰত ভ্ৰমণ আছে আৰু ভাৰত ভ্ৰমণৰ সময়ত তেওঁলোকে দুখন টেষ্ট মেচ, পাঁচখন টি টুৱেণ্টি আৰু তিনিখন অ' ডি আই মেচ খেলিব । টেষ্ট মেচৰ দ্বিতীয়খন খেল ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ হ'ব আৰু সেইখন এ চি এৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ইয়াৰ লগে লগে টেষ্ট খেলৰ মানচিত্রত এই ষ্টেডিয়াম অন্তৰ্ভুক্ত হ'ব" ৷

এই প্ৰক্ৰিয়াটো ২০১৯ চনতে আৰম্ভ হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়, "সেই সময়ত মই অসম ক্ৰিকেট সন্থাৰ সম্পাদক আছিলো । তেতিয়াই মই এখন চিঠি দিছিলো আৰু সেই চিঠিখনৰ ওপৰত বিভিন্ন সময়ত আলোচনা হৈছিল । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্রণ ব'ৰ্ড আৰু আই চি চি পৰ্যায়তো আলোচনা হৈ আছিল । ২০১৯ চনৰ পৰা চলা প্ৰক্ৰিয়াটোৰ কালি এটা সিদ্ধান্তৰে সফল সামৰণি হ'ল ।"

তেওঁ লগতে কয়, "অসমৰ বাবে আৰু এটা ভাল খবৰ আছে । অসমে কেতিয়াও ক্ৰিকেটৰ বিশ্বকাপৰ খেল অনুষ্ঠিত কৰা নাছিল । যোৱা বছৰ চাৰিখন ৱাৰ্মআপ খেল অনুষ্ঠিত হৈছিল । এইবছৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ ভাৰতত মহিলাৰ বিশ্বকাপ খেল হ'বলৈ গৈ আছে । সেই খেলৰ বাবে ভাৰতত পাঁচটা স্থান নিৰ্বাচিত কৰা হৈছে । অসমৰ বাবে ভাল খবৰ যে এই পাঁচটা ভেন্যুত গুৱাহাটী নিৰ্বাচিত হৈছে । যাৰ ফলত প্ৰায় ৩১ খন খেলৰ ভিতৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৫ ৰ পৰা ৬ খন খেল অনুষ্ঠিত হ'ব ।"

বি চি চি আইৰ সচিবগৰাকীয়ে পুনৰ কয়," গুৱাহাটীৰ বাবে ভাল খবৰ যে এইবছৰ টেষ্ট মেচৰ লগতে আই চি চিৰ মহিলা বিশ্বকাপ খেলো অনুষ্ঠিত হ'ব । গুৱাহাটীত টেষ্ট মেচ আৰু মহিলা বিশ্বকাপৰ কমেও পাঁচখন খেল পোৱাৰ ক্ষেত্রত অসমবাসীৰ হৈ আই চি চিৰ অধ্যক্ষ জয় শ্বাহক ধন্যবাদ জনাইছো । তেওঁৰ সহযোগিতাৰ বাবে এইটো সক্ষম হৈছে ।"

লগতে পঢ়ক:ৰাণীৰ নিৰ্মীয়মান অত্যাধুনিক ষ্টেডিয়ামত কি কি সুবিধা উপলব্ধ থাকিব ? - GUWAHATI MODERN MINI STADIUM

মস্কোৰ পৰা গুৱাহাটীলৈ এখন ভৰিৰে চাইকেল চলাবলৈ সাজু ৰাকেশ পেৰাচাইক্লিষ্ট - VOLGA TO BRAHMAPUTRA CYCLOTHON 25

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.