ETV Bharat / sports

ক্ৰিকেটৰ যুৱৰাজ আৰু বাদশ্বাহ কোন: গৌতম গম্ভীৰৰ ভাইৰেল ভিডিঅ’ত পালে প্ৰকাশ - SHAHENSHAH OF CRICKET

Who is Shahenshah of cricket: বিশ্ব ক্ৰিকেটত চাঞ্চল্য সৃষ্টিকাৰী এক মন্তব্য ৷ এই মন্তব্য ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ ৷ গম্ভীৰৰ মন্তব্যই তোলপাৰ লগাইছে ক্ৰিকেট জগতত ৷ পঢ়ক বিতং খবৰ...

author img

By ETV Bharat Sports Team

Published : Sep 12, 2024, 1:41 PM IST

SHAHENSHAH OF CRICKET
গৌতম গম্ভীৰ (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 12 ছেপ্টেম্বৰ: 19 ছেপ্টেম্বৰৰ পৰা চেন্নাইত অনুষ্ঠিত হ’বলগীয়া শৃংখলাক লৈ সম্প্ৰতি ব্যস্ত টীম ইণ্ডিয়া ৷ ঘৰৰ মাটিত ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷ এই শৃংখলাৰ পূৰ্বে দলটোৱে বৃহস্পতিবাৰৰ পৰা চেন্নাইত শিবিৰ আৰম্ভ কৰিব ৷

ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে সদ্যসমাপ্ত দিল্লী প্ৰিমিয়াৰ লীগত(ডি পি এল) উপস্থিত হৈ এক বিস্ফোৰক মন্তব্যৰে তোলপাৰ লগাইছে সমগ্ৰ ক্ৰিকেট জগতত ৷ দিল্লী প্ৰিমিয়াৰ লীগৰ সময়ত গম্ভীৰে কৰা মন্তব্যৰ এক ভিডিঅ’ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷

এই ভিডিঅ’ত গম্ভীৰে ক্ৰিকেট জগতৰ যুৱৰাজ আৰু বাদশ্বাহ হিচাপে আখ্যা দিছে দুগৰাকীকৈ ক্ৰিকেটাৰক ৷ পিছে তেওঁলোক দুগৰাকী কোন ?

বিৰাট কোহলী ক্ৰিকেটৰ যুৱৰাজ

সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত টেলিভিছনৰ আঁতধৰোতা শেফালী বাগ্গাৰ সৈতে দেখা গৈছে গৌতম গম্ভীৰক ৷ বিভিন্ন ক্ৰিকেটাৰৰ ক্ৰীড়াৰ প্ৰতি তেওঁলোকৰ অৱদান আৰু ব্যক্তিত্বৰ ওপৰত ভিত্তি কৰি খিতাপ দিবলৈ বাগ্গাই ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকগৰাকীক অনুৰোধ জনায় ৷

বাগ্গাৰ অনুৰোধমৰ্মে গম্ভীৰে বিৰাট কোহলীক ক্ৰিকেটৰ যুৱৰাজ আখ্যা দি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে । সততে দেখা যায় যে, গম্ভীৰ আৰু কোহলীৰ মাজৰ সম্পৰ্ক মসৃণ নহয় । আই পি এলৰ সময়তো দুয়োজন খেলুৱৈৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছিল ৷

কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা এনে মন্তব্যই দুয়োগৰাকীৰ মাজত বিভেদ নোহোৱা হোৱাতোকে সূচাইছে ৷ আই পি এল 2024-ৰ সময়তো এনে এটা মুহূৰ্ত আছিল, য’ত গম্ভীৰ-কোহলীক আলিংগন কৰা দেখা গৈছিল ৷

গম্ভীৰে ক্ৰিকেটাৰসকলক দিয়া খিতাপ

বিৰাট কোহলীক ক্ৰিকেটৰ যুৱৰাজ আখ্যা দিয়া গৌতম গম্ভীৰে আন আন ক্ৰিকেটাৰসকলকো প্ৰদান কৰিছে সুকীয়া খিতাপ ৷ গম্ভীৰে প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙক ক্ৰিকেটৰ 'ৰজা', সৌৰভ গাংগুলীক 'টাইগাৰ' আৰু যশপ্ৰীত বুমৰাহক 'খিলাড়ী' আখ্যা দিয়ে । আনহাতে, নিজকে 'এংৰি ইয়ং মেন' বুলি আখ্যা দিয়ে গম্ভীৰে ।

গৌতম গম্ভীৰে কোনজন খেলুৱৈক কি খিতাপ দিছে ?

যুৱৰাজ: বিৰাট কোহলী

ৰজা: যুৱৰাজ সিং

টাইগাৰ: সৌৰভ গাংগুলী

খিলাড়ী: যশপ্ৰীত বুমৰাহ

এংৰি ইয়ং মেন: নিজে (গৌতম গম্ভীৰ)

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.