"I KILL YOU"- এইদৰে মৃত্যুৰ ভাবুকি আহিল টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰলৈ
২০২২ চনতো গৌতম গম্ভীৰে একেধৰণৰ ভাবুকি লাভ কৰাৰ ফলত আৰক্ষীয়ে তেওঁৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছিল ৷

By PTI
Published : April 24, 2025 at 12:33 PM IST
নতুন দিল্লী: ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি প্ৰদান ৷ দাবী-ধমকিৰে ভৰা ই-মেইলৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰা হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ লগতে প্ৰাক্তন সাংসদগৰাকীক ৷
প্ৰাপ্ত তথ্য অনুসৰি, বিগত ২২ এপ্ৰিলত এই ভাবুকি লাভ কৰে গৌতম গম্ভীৰে ৷ সেই একেদিনাই সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক গুলীয়াই কাশ্মীৰৰ পহলগামৰ সেউজ ভূমি তেজেৰে ৰাঙলী কৰি তুলিছিল ৷ সন্ত্ৰাসবাদীয়ে হত্যা কৰা লোকসকলৰ ভিতৰৰ অধিকাংশই আছিল পৰ্যটক ৷
উল্লেখ্য যে, এক সন্দেহজনক জি-মেইল একাউণ্টৰ পৰা গম্ভীৰে লাভ কৰে এই ভাবুকিপূৰ্ণ ইমেইল ৷
ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত(কেন্দ্ৰীয়) এম হৰ্ষবৰ্ধনে এক বিবৃতিত কয় যে ‘‘গৌতম গম্ভীৰৰ সৈতে জড়িত ইমেইল আই ডিত লাভ কৰা এক ভাবুকিপূৰ্ণ মেইলৰ বিষয়ে ইতিমধ্যে আমাক অৱগত কৰা হৈছে ৷ বিষয়টোৰ তদন্ত চলি আছে ।’’
বিবৃতিটোত বিষয়াগৰাকীয়ে কয় যে ‘‘গৌতম গম্ভীৰ ইতিমধ্যে দিল্লী আৰক্ষীৰ কাষ চাপিছে আৰু আমি নিৰাপত্তাৰ খাতিৰত এই বিষয়ে কোনো মন্তব্য নকৰো ।’’
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বিজেপিৰ প্ৰাক্তন সাংসদ গম্ভীৰে "আইছিছ কাশ্মীৰ" বুলি পৰিচয় দিয়া এজন প্ৰেৰকৰ পৰা "I KILL YOU" লিখা মেইল লাভ কৰা বুলি জানিব পৰা গৈছে ।
এই সন্দৰ্ভত ৰাজিন্দৰ নগৰ থানাত ভাবুকিপূৰ্ণ মেইলটোৰ স্ক্ৰীণশ্বটৰ সৈতে ইতিমধ্যে অভিযোগ দাখিল কৰিছে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে ৷
অভিযোগত কোৱা হৈছে যে, "প্ৰিয় ছাৰ, নমস্কাৰ । অনুগ্ৰহ কৰি তলত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক মিষ্টাৰ গৌতম গম্ভীৰ (প্ৰাক্তন সাংসদ) ৰ মেইল আই ডিত পোৱা 'থ্ৰেট মেইল' বিচাৰি পাব । অনুগ্ৰহ কৰি সেই অনুসৰি এফ আই আৰ পঞ্জীয়ন কৰক আৰু পৰিয়ালটোৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰক ।"
অৱশ্যে গম্ভীৰক প্ৰথমবাৰৰ বাবে ভাবুকি দিয়া হোৱা নাই । ২০২২ চনতো তেওঁ একেধৰণৰ ভাবুকি লাভ কৰাৰ ফলত আৰক্ষীয়ে তেওঁৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছিল ৷
লগতে পঢ়ক: গৌতম গম্ভীৰৰ বিৰুদ্ধে ফ্লেটৰ গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ ! - FRAUD CASE AGAINST GAUTAM GAMBHIR

