উন্নত প্ৰদৰ্শনেৰে ভাৰতৰ লক্ষ্য হ'ব ছেমি ফাইনেলত স্থান দখল - T20 World Cup 2024
T20 WC 2024 Super 8 Round : বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াই এতিয়াও নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ বাকী আছে । তাৰ মাজতে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ এইটৰ প্ৰথমখন মেচত উদ্যমী আফগানিস্তানৰ সৈতে যুঁজ দিবলৈ সাজু হৈছে । কোহলী আৰু হাৰ্দিকৰ উপৰি নিউয়ৰ্কৰ নাচাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰোহিত শৰ্মা, ঋষভ পণ্ট, সূৰ্যকুমাৰ যাদৱ আৰু শিৱম দুবেকে ধৰি সকলো বেটছমেনে কঠিন বেটিং পৰিস্থিতিত ফৰ্মৰ আভাস দিছে । এই বিষয়ত মীনাক্ষি ৰাওৰ এক প্ৰতিবেদন ।

Published : June 19, 2024 at 3:46 PM IST
স্পৰ্টছ ডেস্ক, ১৯ জুন : বুধবাৰৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপৰ ছুপাৰ এইট পৰ্যায়ৰ মেচসমূহ । গ্ৰুপৰ অন্তিম পৰ্যায়ত অষ্ট্ৰেলিয়াই স্কটলেণ্ডক পৰাস্ত কৰাৰ বাবে ইংলেণ্ডে চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ এইটত প্ৰৱেশৰ সুযোগ লাভ কৰে । লগে লগে প্ৰতিযোগিতাখনৰ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'বলগীয়া এই পৰ্যায়টো আকৰ্ষণীয় হৈ পৰিছে ।
যদিও ভাৰতে গ্ৰুপ 1-ত প্ৰতিযোগিতাখনত তুলনামূলকভাৱে ভাল পৰিস্থিতিত আছে, কিন্তু ছেমি ফাইনেলত উপনীত হ'বলৈ বাৰ্বাডোজত আফগানিস্তান, বাংলাদেশ আৰু ছেইণ্ট লুচিয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব লাগিব । ইয়াৰ বিপৰীতে ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে গ্ৰুপ 2-ত আমেৰিকা এক কঠিন মেচত অৱতীৰ্ণ হ'ব লাগিব ।
উল্লেখ্য, দুয়োটা গ্ৰুপৰে শীৰ্ষ দুটা দল ছেমি ফাইনেললৈ উন্নীত হ'ব । ছেমি ফাইনেল দুখনৰ এখন ২৬ জুনত পোৰ্ট অব স্পেইনত (ত্ৰিনিদাদ আৰু টবেগো) আৰু আনখন ২৭ জুনত গায়ানাত অনুষ্ঠিত হ'ব । যদি ভাৰতে ছেমি ফাইনেলত উপনীত হয়, তেন্তে মেন ইন ব্লুৱে জৰ্জটাউনত স্পিনাৰক সহায় কৰাৰ বাবে বিখ্যাত পিটচত (গায়ানা) ছেমি ফাইনেল খেলিব ।
গ্ৰুপ পৰ্যায়ত কেইবাটাও অঘটন ঘটিছিল । যাৰ বাবে তিনিটাকৈ ডাঙৰ দল ছুপাৰ এইটৰ দৌৰৰ পৰা ছিটিকি পৰে । ইয়াৰ ভিতৰত অন্যতম আছিল নিউজীলেণ্ড আৰু শ্ৰীলংকা । প্ৰথম দলটো হৈছে চিৰন্তন ছেমি ফাইনেলিষ্ট আৰু আনটো দল হৈছে যোৱাবাৰৰ চেম্পিয়ন ।
আনহাতে, আমেৰিকাৰ দৰে নৱাগত খেলুৱৈৰে গঠিত দলটো বিশ্বকাপত আছিল এক নৱ উদিত সূৰুয । প্ৰতিযোগিতাখনৰ আয়োজক হোৱাৰ সৌজন্যত তেওঁলোকে পোনপটীয়াকৈ খেলাৰ যোগ্যতা অৰ্জন কৰিছিল । কিন্তু আমেৰিকাই প্ৰতিযোগিতাত নিজৰ উপস্থিতি যোগ্যভাৱে অনুভৱ কৰাইছে আৰু আফগানিস্তানেও উদ্ভাসিত প্ৰদৰ্শন আগবঢ়াই পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হৈছে ।
ইফালে বাংলাদেশেও নিজৰ সামৰ্থ্যৰে ভাৰতৰ দৰে দলবোৰৰ ভাগ্যৰ চকৰি ঘূৰোৱাৰ সম্ভাৱনা আছে আৰু অতীজত এই দলটোৱে মোক্ষম আঘাত হনাৰ উদাহৰণ আছে ।
অৱশ্যে ভাৰতৰ কথা উল্লেখ কৰিবলৈ হ'লে, সূৰ্যকুমাৰ যাদৱক এই ব্যস্ত সময়সূচীত বিশেষ সমস্যাত থকা যেন দেখা যোৱা নাই । কেনিংটন অভেলত এক অনুশীলন ছেছনৰ পিচত তেওঁ কয়, "খেলৰ শীৰ্ষ পৰ্যায়ত এইটো আশা কৰা হৈছে । আমাৰ খেলুৱৈসকল পেছাদাৰী আৰু তেওঁলোকৰ ফৰ্ম পুনৰুদ্ধাৰৰ সময় ব্যৱহাৰৰ নিজা উপায় আছে আৰু ইতিবাচক মানসিক অৱস্থাৰে তেওঁলোক উভতি আহিব ।"
উল্লেখ্য, ভাৰতে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ তিনিখন পৃথক কেৰিবিয়ান দেশত পাঁচ দিনৰ ব্যৱধানত তিনিখন গুৰুত্বপূৰ্ণ ছুপাৰ এইট মেচ খেলিব লাগিব । আনহাতে, ছেমি ফাইনেল মেচখনো মাত্ৰ এদিনৰ ব্যৱধানত চতুৰ্থখন দেশত আছে । যদি সকলো ঠিকে থাকে, ৰোহিত বাহিনীয়ে ফাইনেল খেলিবলৈ বাৰ্বাডোজলৈ যাব লাগিব, তাকো গায়ানাত ছেমি ফাইনেল খেলাৰ মাত্ৰ এদিন পিচতে ।
ইফালে কেৰিবিয়ান অঞ্চলত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰতে বাৰ্বাডোজৰ কেনিংটন অভেলত বাউন্সি পিটচত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । এই স্থানতে ২৯ জুনত ফাইনেলো অনুষ্ঠিত হ'ব ।

