ETV Bharat / sports

এছিয়ান কাপ কোৱালিফায়াৰৰ বাবে ভাৰতীয় ফুটবল দললৈ প্ৰত্য়াৱৰ্তন সুনীল ছেত্ৰীৰ

এখন মেচত পৰাজিত হ'লেই এ এফ চি এছিয়ান কাপ ছৌদি আৰৱ ২০২৭ৰ অভিযানৰ পৰা বাহিৰ হ'ব ভাৰত ।

SUNIL CHHETRI (File Photo)
প্ৰত্য়াৱৰ্তনৰ বাবে সাজু সুনীল ছেত্ৰী (Getty Images)
author img

By ETV Bharat Assamese Team

Published : October 7, 2025 at 10:59 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় ফুটবল দলটোৰ সন্মুখত মৰণপণ যুঁজ । কাৰণ এখন মেচত পৰাজিত হ'লেই এ এফ চি এছিয়ান কাপ ছৌদি আৰৱ ২০২৭ৰ অভিযানৰ গতিপথ হ'ব ৰুদ্ধ । এইবাৰ প্ৰতিপক্ষ ছিংগাপুৰ । কেনেবাকৈ ছিংগাপুৰৰ বিপক্ষে পৰাজিত হ'লে গ্ৰুপ চিৰ শীৰ্ষ স্থানো লাভৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত ।

উল্লেখ্য় যে এ এফ চি এছিয়ান কাপ ছৌদি আৰৱ ২০২৭ কোৱালিফায়াৰছ গ্ৰুপ 'চি'ৰ অন্তিম ৰাউণ্ডত ছিংগাপুৰৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব ভাৰতে । সেয়েহে এই গুৰুত্বপূৰ্ণ খেলখনৰ বাবে ২৩ জনীয়া ভাৰতীয় দললৈ পুনৰ প্ৰত্য়াৱৰ্তন ঘটিব সুনীল ছেত্ৰীৰ । ছিংগাপুৰৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ'ব ।

এই খেলখনৰ প্ৰস্তুতি চলাবলৈ ভাৰতীয় দলটোৰ ২০ ছেপ্টেম্বৰৰ পৰা বেংগালুৰুত প্ৰশিক্ষণ চলিছে । বৰ্তমান ভাৰতে দুখন মেচৰ পৰা এক পইণ্ট লাভ কৰি গ্ৰুপ 'চি'ৰ একেবাৰে তলৰ স্থানত আছে । আনহাতে, ৪ পইণ্টেৰে শীৰ্ষত আছে ছিংগাপুৰ । উল্লেখ্য় যে গ্ৰুপত শীৰ্ষস্থান দখল কৰা দলটোৱে ছৌদি আৰৱত অনুষ্ঠিতব্য় এ এফ চি এছিয়ান কাপ ২০২৭ত পোনপটীয়াভাৱে প্ৰৱেশ কৰিব ।

বৰ্তমান ভাৰতে দুখন মেচৰ পৰা এটা পইণ্ট লাভ কৰি গ্ৰুপ চিৰ তলৰ স্থানত আছে। আনহাতে, ৪ পইণ্টেৰে শীৰ্ষত আছে ছিংগাপুৰ। গ্ৰুপত শীৰ্ষস্থান দখল কৰা দলটোৱে ছৌদি আৰৱত অনুষ্ঠিত হ’বলগীয়া এ এফ চি এছিয়ান কাপ ২০২৭ত প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰিব।

ভাৰতৰ নৱনিযুক্ত মুখ্য প্ৰশিক্ষক খালিদ জামিলে কয়,"আমি এখোজ আগুৱাবলৈ আগ্ৰহী ।" খালিদ জামিলে কয় যে তেওঁলোকে এটা এটাকৈ খোজৰ বাবে আগ্ৰহী আৰু বেছি দূৰলৈ চোৱা নাই । আমি এই মুহূৰ্তত সামগ্ৰিক ছবিখন প্ৰত্য়ক্ষ কৰা নাই । এতিয়াও চাৰিখন মেচ বাকী আছে আৰু ছিংগাপুৰৰ বিৰুদ্ধে পৰৱৰ্তী মেচখনেই আমাৰ বাবে বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ ।"

ছিংগাপুৰৰ খেলৰ বাবে ভাৰতৰ দল :

গ’লৰক্ষক : অমৃন্দৰ সিং, গুৰমীত সিং, গুৰপ্ৰীত সিং সান্ধু

ডিফেণ্ডাৰ : আনোৱাৰ আলী, হ্মিংথানমাৱিয়া ৰালটে, মহম্মদ উৱাইছ, প্ৰমবীৰ, ৰাহুল ভেকে, সন্দেশ ঝিংগান

মিডফিল্ডাৰ : ব্ৰেণ্ডন ফাৰ্নাণ্ডেছ, ডেনিছ ফাৰুখ ভাট, দীপক টাংৰি, মেকাৰ্টন লুই নিকছন, মহেশ সিং নাওৰেম, নিখিল প্ৰভু, চাহাল আব্দুল ছামাদ, উদন্ত সিং কুমাম

ফৰৱাৰ্ড : ফাৰুখ চৌধুৰী, ললিয়ানজুৱেলা ছাংটে, লিষ্টন কলাকো, ৰহিম আলী, সুনীল ছেত্ৰী, বিক্ৰম প্ৰতাপ সিং ।

লগতে পঢ়ক:পেনাল্টি শ্বুটআউটৰ চাপ প্ৰতিহত কৰি CAFA নেশ্যনছ কাপত ব্ৰঞ্জৰ পদক আজুৰিলে ভাৰতে

নাই কোনো উৎসাহ, নাই কোনো আড়ম্বৰতা: জুবিনক শ্ৰদ্ধাঞ্জলিৰে আজি বৰ্ষাপাৰাত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান