ETV Bharat / sports

আৰ্থিকদীনতা কেতিয়াও বাধা হ'ব নোৱাৰে...

ব্ৰহ্মপুত্ৰ লীগৰ জৰিয়তে ৰাজ্যিক পৰ্যায়ৰ ভলীবল ট্ৰাইলৰ বাবে নিৰ্বাচিত হৈছে মৰিগাঁৱৰ কেইবাগৰাকী খেলুৱৈ ।

Brahmaputra volleyball League
ব্ৰহ্মপুত্ৰ ভলীবল লীগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 29, 2025 at 8:09 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : চৰকাৰে পুৰুষৰ সমানে সমানে মহিলাসকলৰ বাবেও বিভিন্ন ক্ষেত্ৰতে সুযোগ আৰু সুবিধা প্ৰধানত গুৰুত্ব আৰোপ কৰিছে । অসমৰ ক্ষেত্ৰতো চৰকাৰে একে দৃষ্টিভংগী ৰাখিছে । বৰ্তমান বহু ক্ষেত্ৰত নানান বাধা নেওচি মহিলাসকল যথেষ্ট আগবাঢ়ি গৈছে । তাৰ উৎকৃষ্ট উদাহৰণ দেখা গৈছে তেজপুৰত আয়োজিত ভলীবল প্ৰতিযোগিতাত । আৰ্থিকদীনতা যে কোনো ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ দি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আগবাঢ়িছে এজাক তৰুণী । তাৰেই প্ৰতিফলন ঘটিছে সদ্য সমাপ্ত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত লীগত ।

আৰ্থিক বাধা স্বত্বেও ভলীবলৰ প্ৰশিক্ষণ

এই লীগত অংশগ্ৰহণ কৰি য়াচমিন বেগম নামৰ এগৰাকী ১১ বছৰীয়া কিশোৰী তথা ভলীবল খেলুৱৈ ৰাজ্যিক ভলীবলৰ কেম্পিঙৰ বাবে নিৰ্বাচিত হৈছে । তেওঁ ১৪ বছৰ অনুৰ্ধৰ ৰাজ্যিক ভলীবলৰ বাবে নিৰ্বাচিত হৈছে । অতি সাধাৰণ পৰিয়ালৰ য়াচমিনৰ পিতৃয়ে এখন সাধাৰণ দোকান দি পৰিয়াল পোহপাল দি আছে । প্ৰথম অৱস্থাত ভলীবল খেলাৰ বাবে ঘৰৰ পৰা বাধা আহিছিল যদিও পৰৱৰ্তী সময়ত বিদ্যালয়ৰ শিক্ষা আৰু ভলীবল দুয়োটা সমান্তৰালভাৱে চলাই লৈ যায় য়াচমিনে । য়াচমিন বৰ্তমান অষ্টম শ্ৰেণীৰ ছাত্ৰী । ক্ৰীড়াৰ লগতে শ্ৰেণীৰ ভিতৰতে য়াচমিন শ্ৰেষ্ঠ ।

ব্ৰহ্মপুত্ৰ ভলীবল লীগ (ETV Bharat)

একেখন বিদ্যালয়ৰে ছাত্ৰী তথা ভলীবল দলটোৰ খেলুৱৈ মাৰ্টিনা চৌধুৰীয়ে কয়, "মোৰ দেউতাই এখন সৰু তামোল-পাণৰ দোকান দিয়ে । মাজে সময়ে শাক-পাচলি বিক্ৰী কৰে, কেতিয়াবা আকৌ দিন হাজিৰাও কৰিবলৈ যায় । অলপ অসুবিধা হয় । কাৰণ ঘৰৰ পৰা পঢ়াত গুৰুত্ব দিয়াৰ কথা কয় কিন্তু এতিয়া ৰাজ্যিক পৰ্যায়ৰ বাবে নিৰ্বাচিত হোৱাৰ পাছত দেউতাই বাধা নিদিয়ে । মই শ্ৰেণীৰ প্ৰথম হৈ আহিছোঁ ।"

Brahmaputra volleyball League
ব্ৰহ্মপুত্ৰ ভলীবল লীগ (ETV Bharat)

মাৰ্টিনা আৰু য়াচমিন দুয়ো দলটোৰ ভাল খেলুৱৈ । দলটোৰ আন কেইবাগৰাকীও একেদৰে আৰ্থিকদীনতাৰ মাজেৰেই ভলীবল খেলৰ অনুশীলন কৰি আহিছে । আন এগৰাকী খেলুৱৈ পৰী দেউৰী দলটোৰ বেছ ফিটাৰ লগতে অল ৰাউণ্ডৰ খেলুৱৈ । পিতৃয়ে দিন হাজিৰা কৰে । তাৰ পিছতো তেওঁ খেলৰ লগতে পঢ়াৰ ক্ষেত্ৰত সমানে আগবাঢ়ি যোৱাৰ সপোন দেখিছে । দেউৰীয়ে কয়, "মই বিদ্যালয়ৰ পৰা আহি আহাৰ গ্ৰহণ কৰি ভলীবলৰ প্ৰশিক্ষণলৈ যাও । ঘৰ আহি সন্ধিয়া ৯ বজালৈ পঢ়াশুনা কৰো ।"

Brahmaputra volleyball League
ব্ৰহ্মপুত্ৰ ভলীবল লীগ (ETV Bharat)

উল্লেখ্য যে মৰিগাঁও জিলাৰ ১৬ বছৰ অনুৰ্ধৰ আঞ্চলিক দলটোৰ নাম হৈছে 'ৰিংচাং' । দলটোৰ প্ৰশিক্ষক ধীৰো ডেকা এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ভলীবল খেলুৱৈ । ডেকাই কয়,"আমাৰ দলটোত জিলাখনৰ বিভিন্ন স্থানৰ ছাত্ৰী আছে ৷ এই দুগৰাকী খেলুৱৈ দন্দুৱা বৰীগাঁৱৰ বাসিন্দা । দলটোৰ সকলো খেলুৱৈৰে পৰিয়ালৰ আৰ্থিক অৱস্থা শোচনীয় । কাৰোৱাৰ পিতৃয়ে যদি হাজিৰা কৰে, কোনোৱে ৰিক্সা চলায় । কিন্তু দলটোৰ সকলোৱে খেলত পাৰ্গত । ছিমৰণ চুলতানা, মনমী বেগম দুয়ো একেটা দলৰে খেলুৱৈ কিন্তু আৰ্থিকদীনতা তেওঁলোকৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত হেঙাৰ হোৱা নাই । শিক্ষাৰ সমান্তৰালকৈ তেওঁলোকে খেলৰ লগত সম্পৰ্ক অটুট ৰাখিছে ।"

Brahmaputra volleyball League
ব্ৰহ্মপুত্ৰ ভলীবল লীগ (ETV Bharat)

উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ উদ্দেশ্য হৈছে গ্ৰামাঞ্চলৰ প্ৰতিভা সম্পন্ন খেলুৱৈক এখন উপযুক্ত মঞ্চ প্ৰদান কৰা ।

লগতে পঢ়ক :অখ্যাত গাঁৱৰ ক্ৰীড়া প্ৰতিভাৰ সুবাসেৰে সামৰণি পৰিল ব্ৰহ্মপুত্ৰ ভলীবলৰ - BVL SUPER LEAGUE 2025