ETV Bharat / sports

টেষ্ট ক্ৰিকেটত 10,000 ৰাণ সম্পূৰ্ণ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথৰ

Sl vs Aus galle test: অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথে টেষ্ট ক্ৰিকেটত 10,000 ৰাণ সম্পূৰ্ণ কৰিছে । ক্ৰিকেটাৰগৰাকীৰ নামত লিপিবদ্ধ কৰা হৈছে কেইবাটাও অভিলেখ ৷

STEVE SMITH COMPLETED 10000 RUNS
ষ্টিভ স্মিথ (AP PHOTO)
author img

By ETV Bharat Sports Team

Published : January 30, 2025 at 10:45 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা সোঁহতীয়া তাৰকা বেটছমেন ষ্টিভ স্মিথে টেষ্ট ক্ৰিকেটত এক নতুন অভিলেখ গঢ়িছে । স্মিথে টেষ্ট ক্ৰিকেটত সম্পূৰ্ণ কৰিছে 10,000 ৰাণ ।

ক্ৰিকেটাৰগৰাকীয়ে শ্ৰীলংকাৰ গালে ক্ৰিকেট ষ্টেডিয়ামত এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰে ৷ সম্প্ৰতি গালেত অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে দুখন খেলৰ শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ খেলি আছে ।

টেষ্টত 10,000 ৰাণ সম্পূৰ্ণ ষ্টিভ স্মিথৰ

খেলখনত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 31 অভাৰৰ দ্বিতীয়টো বলত এক ৰাণ সংগ্ৰহ কৰিয়েই এই কৃতিত্ব গঢ়ে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীয়ে ৷ সেই সময়ত শ্ৰীলংকাৰ স্পিনাৰ প্ৰবাথ জয়সূৰ্যই বলিং কৰি আছিল ৷ এই মাইলৰ খুঁটি অৰ্জন কৰা বিশ্বৰ 15 তম বেটছমেনত পৰিণত হৈছে স্মিথ ৷

ইয়াৰ লগতে টেষ্ট ৰাণৰ ক্ষেত্ৰত স্মিথে যুটীয়াভাৱে বিশ্বৰ দ্বিতীয়গৰাকী বেটছমেন হিচাপে 10,000 দ্ৰুততম ৰাণ সংগ্ৰহ কৰিছে । ব্ৰায়ান লাৰাই মাত্ৰ 111 টা ইনিংছতে এই অভিলেখ অৰ্জন কৰিছিল ৷ আনহাতে, শ্ৰীলংকাৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন কুমাৰ ছাংগাকাৰাই 115 টা ইনিংছত আৰু এতিয়া ষ্টিভ স্মিথে 115 টা ইনিংছত এই অভিলেখ স্থাপন কৰে ৷ সমান্তৰালকৈ অষ্ট্ৰেলিয়াৰ হৈ 10,000 টেষ্ট ৰাণ সংগ্ৰহকাৰী পঞ্চমগৰাকী বেটছমেনত পৰিণত হয় ৷

ষ্টিভ স্মিথৰ আকৰ্ষণীয় টেষ্ট কেৰিয়াৰ

ষ্টিভ স্মিথে 2010 চনত অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট ক্ৰিকেটত অভিষেক কৰিছিল । তেওঁ এতিয়ালৈকে 115 খন মেচত 205 টা ইনিংছত 10,001 ৰাণ সংগ্ৰহ কৰিছে । খেলুৱৈগৰাকীৰ গড় হৈছে 55.87, আনহাতে তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে 35.55 । বৰ্তমানলৈকে টেষ্ট কেৰিয়াৰত 34 টা শতক আৰু 41 টা অৰ্ধশতক অৰ্জন কৰা স্মিথৰ নামত আছে(টেষ্টত) 1,094 টা চাৰি আৰু 58 টা ছয় ৷

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী
খেলুৱৈৰ নামখেলৰ সংখ্যাইনিংছৰাণহাৰষ্ট্ৰাইক ৰেটশতকঅৰ্ধশতক
শচীন তেণ্ডুলকাৰ (ভাৰত)2003291592153.7854.045168
ৰিকী পণ্টিং (অষ্ট্ৰেলিয়া)1682871337851.8558.724162
জেক কালিছ (দক্ষিণ আফ্ৰিকা)1662801328955.3745.974558
ৰাহুল দ্ৰাবিড় (ভাৰত)1642861328852.3142.513663
জো ৰুট (ইংলেণ্ড)1522781297250.8757.473665
এলিষ্টাৰ কুক (ইংলেণ্ড)1612911247245.3546.953357
কুমাৰ ছাংগাকাৰা (শ্ৰীলংকা)1342331240057.454.193852
ব্ৰায়ান লাৰা (ৱেষ্ট ইণ্ডিজ)1312321195352.8860.513448
শিৱনাৰায়ণ চন্দ্ৰপল (ৱেষ্ট ইণ্ডিজ)1642801186751.3743.313066
মাহেলা জয়াৱৰ্ধন (শ্ৰীলংকা)1492521181449.8451.453450
এলব বৰ্ডাৰ (অষ্ট্ৰেলিয়া)1562651117450.5641.092763
ষ্টিভ ৱ’ (অষ্ট্ৰেলিয়া)1682601092751.0648.643250
সুনীল গাভাস্কাৰ (ভাৰত)1252141012251.1243.353445
ইউনুছ খান (পাকিস্তান)1182131009952.0552.123433
ষ্টিভ স্মিথ (অষ্ট্ৰেলিয়া)115*2051000055.8653.553441

লগতে পঢ়ক: আই পি এলৰ পৰৱৰ্তী ছিজনত ৰাজস্থান ৰয়েলছৰ খেলুৱৈক দেখা যাব নতুন ৰূপত