গোলাঘাট : ৰাজ্যৰ ফুটবল জগতত নিজৰ নাম খোদিত কৰি থৈ যোৱা এসময়ৰ জনপ্ৰিয় ফুটবল খেলুৱৈ আৰ্নল্ড চাংমা আৰু নাই । ৯৫ বছৰ বয়সত গোলাঘাট মিছনপট্টিস্থিত নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ ফুটবল কিংবদন্তীগৰাকীয়ে ।
৬০ৰ দশকত গোলাঘাটৰ লগতে গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আদিৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত আগশাৰীৰ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ দুভৰিৰ যাদুৰে বিপৰীত পক্ষক বশীভূত কৰা এইগৰাকী আৰ্নল্ড চাংমা জিলাখনৰ ফুটবল খেলুৱৈসকলৰ বাবে আদৰ্শস্বৰূপ আছিল ।
তেখেতৰ নশ্বৰদেহ গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ অনাৰ পাছত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ নশ্বৰদেহত ক্ৰীড়া সন্থাৰ পতাকাৰে আৱৰি অন্তিম শ্ৰদ্ধা জনায় সম্পাদক সঞ্জীৱ সন্দিকৈয়ে । পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জনায় সভাপতি ডাঃ অজিত বৰুৱা আৰু উপ-সভাপতি নৃপেন বৰুৱাই ।
আনহাতে, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন বিষয়ববীয়া পৰীক্ষিত দত্ত, অসম ফুটবল সন্থাৰ উপ-সভাপতি অজয় ভৰালীকে আদি কৰি সন্থাৰ অন্যান্য বিষয়ববীয়াসকলেও তেওঁক শেষ শ্ৰদ্ধা জনায় ।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱাই কয়, "ক্ৰীড়া জগতৰ এজন বিশিষ্ট ব্যক্তি আৰ্নল্ড চাংমাৰ পৰলোকপ্ৰাপ্তি ঘটে । তেখেত ফুটবল খেলুৱৈ হিচাপে বিখ্যাত আছিল আৰু তেখেতৰ মৃত্যুত গোলাঘাটৰ ক্ৰীড়া জগতৰ এটা যুগৰ অন্ত পৰিছে বুলি মই অনুভৱ কৰো । ৯৫ বছৰ বয়সত তেখেতে জিৱন নাটৰ সামৰণি মাৰিলে । এটা সময়ত গোলাঘাটৰ খেলপথাৰত আটাইতকৈ জনপ্ৰিয় খেল ফুটবল তেতিয়া ৰাজ্যিক ভিত্তিত আৰু জিলা ভিত্তিত প্ৰতিযোগিতাত আটাইবোৰ খেলত গোলাঘাটক প্ৰতিনিধিত্ব কৰোতে আৰ্নল্ড চাংমাই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ।"

তেওঁৰ ফুটবল শৈলী স্মৰণ কৰি সভাপতিগৰাকীয়ে কয়, "ফুটবল খেলৰপথাৰত যেতিয়া আৰ্নল্ড চাংমা প্ৰৱেশ কৰে তেতিয়া বিপক্ষৰ খেলুৱৈসকল ভীতিগ্ৰস্ত হ'বলগীয়া হৈছিল । তেখেতৰ ভৰিত বল আহিলে গ'ল হোৱাটো নিশ্চিত । অত্যন্ত ভদ্ৰলোক, কেতিয়াও খেলপথাৰত কাকো ফাউল কৰাৰ ইতিহাস আৰ্নল্ড চাংমাৰ নাই । সুদীৰ্ঘ দিন ফুটবল খেলৰ সৈতে জড়িত থাকি অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছে । আমি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সৰ্বোচ্চ সন্মান গোলাঘাট জিলা ক্ৰীড়া সন্থা বঁটা তেখেতক প্ৰদান কৰিছিলো । তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ ।"
তাৰ পাছত তেখেতৰ নশ্বৰদেহ জিলা ক্ৰীড়া বিভাগৰ কাৰ্যালয়লৈ অনা হয় । তাত তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধা জনায় ক্ৰীড়া বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ।