ETV Bharat / sports

পঞ্জাব কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

হায়দৰাবাদে আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বোচ্চ লক্ষ্যত উপনীত হয় ।

IPL 2025
পঞ্জাব কিংছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৮ উইকেপঞ্জাব কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ টত জয়লাভ (X@PunjabKingsIPL)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 12:19 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : শনিবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ২৭ সংখ্যক মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰা পঞ্জাব কিংছে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৪৫ ৰাণ সংগ্ৰহ কৰে, ইয়াৰ প্ৰত্যুত্তৰত অভিষেক শৰ্মাৰ শতকৰ বাবেই ৯টা বল বাকী থকা অৱস্থাত ছানৰাইজাৰ্ছ হায়দৰাবাদে খেলখন জয়ী হয় । হায়দৰাবাদে ১৮.৩ অভাৰত ২ উইকেটৰ বিনিময়ত ২৪৭ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ লগে লগে ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এলৰ ইতিহাসত দ্বিতীয় বৃহত্তম টাৰ্গেট আনুসৰণ কৰিবলৈ সক্ষম হয় ।

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম অনুষ্ঠিত খেলখনত পঞ্জাবৰ ২৪৬ ৰাণৰ প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে শক্তিশালী আৰম্ভণি কৰিছে । অভিষেক আৰু হেডৰ মাজত প্ৰথম উইকেটৰ বাবে ১৭১ ৰাণৰ অংশীদাৰিত্ব আছিল । ৩৭টা বলত ৬৬ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল ট্ৰেভিছ হেড । ৫৫টা বলত ১৪১ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল অ’পেনাৰ অভিষেক শৰ্মা । তেওঁ নিজৰ ইনিংছত ১৪টা চাৰি আৰু ১০টা ছয় মাৰে ।

ইফালে প্ৰথমে বেটিং কৰি পঞ্জাৱ কিংছে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৪৫ ৰাণ সংগ্ৰহ কৰে, যিটো আই পি এল ২০২৫ৰ দ্বিতীয় সৰ্বাধিক ৰাণ আছিল । পাঞ্জাৱৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে সৰ্বাধিক ৮২ ৰাণ সংগ্ৰহ কৰে । হায়দৰাবাদৰ হৈ হৰ্ষল পেটেলে ৪টা আৰু ঈশান মালিংগাই ২টা উইকেট দখল কৰে । প্ৰভসিমৰন সিং আৰু প্ৰিয়ংশ আৰ্যই পঞ্জাব কিংছক এক উজ্জল আৰম্ভণি দিয়ে । ষ

প্ৰথম উইকেটৰ বাবে দুয়োৰে মাজত ৬৬ ৰাণৰ অংশীদাৰিত্ব আছিল । ১৩টা বলত ৩৬ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল প্ৰিয়ংশ । ২৩টা বলত ৪২ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল প্ৰভসিমৰন সিং । নেহাল ৱাধেৰাই ২২টা বলত ২৭ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে শশাংক সিঙে দুই ৰাণ সংগ্ৰহ কৰি আউট হৈছিল । মেক্সৱেলে তিনিটা ৰাণ সংগ্ৰহ কৰে । ৩৬টা বলত ৮২ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল অধিনায়ক শ্ৰেয়াছ আয়াৰ ।

মহম্মদ শ্বামীৰ অভাৰত মাৰ্কাছ ষ্টয়নিছে একেৰাহে চাৰিটা ছয় মাৰে । শেষৰ অভাৰত পঞ্জাবে ২৭ ৰাণ সংগ্ৰহ কৰে । মাৰ্কাছ ষ্টয়নিছে ১১টা বলত ৩৪ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে আৰু মাৰ্কোৱে ৫টা বলত ৫ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

লগতে পঢ়ক : নিকোলাছ পুৰণৰ আন এক বিস্ফোৰক অৰ্ধশতক, গুজৰাটক ৬ উইকেটত পৰাস্ত লক্ষ্ণৌৰ