স্পৰ্টছ ডেস্ক, ২০ মাৰ্চ: ২০৩০ চনৰ যুৱ অলিম্পিক আৰু ২০৩৬ অলিম্পিক আয়োজন কৰাৰ প্ৰচেষ্টাত ভাৰতে কোনো ত্ৰুটি নাৰাখে । কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে উল্লেখ কৰে এই কথা ৷ নিউজ ১৮ৰ ‘ৰাইজিং ইণ্ডিয়া’ সন্মিলনত ভাষণ দি ঠাকুৰে কয় যে অনুষ্ঠান নিবিদা আৰম্ভ হোৱাৰ মুহূৰ্তত ভাৰতে ক্ৰীড়া অনুষ্ঠান আয়োজন কৰিবলৈ সাজু হ’ব ।
- " class="align-text-top noRightClick twitterSection" data="">
বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, ‘২০৩০ চনৰ যুৱ অলিম্পিক আৰু ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ ভাৰত সাজু । তেওঁ কয়, ‘আমি বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি আৰু আমাৰ যুৱ শক্তি আছে । ক্ৰীড়াৰ বাবে ভাৰততকৈ ডাঙৰ বজাৰ নাই । কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ব্ৰিটেইনৰ পৰা প্ৰায় ৪০০০ ক্ৰিকেটপ্ৰেমীয়ে ভাৰত আৰু ইংলেণ্ডৰ মাজত পঞ্চম টেষ্ট চাবলৈ ধৰ্মশালাত উপস্থিত হৈছে আৰু তেওঁ ষ্টেডিয়ামখনৰ প্ৰশংসাও কৰে ।
উল্লেখ্য যে, ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পিচত ২০২৮ চনৰ লছ এঞ্জেলছত আৰু ২০৩২ চনৰ ব্ৰিজবেনত অলিম্পিক অনুষ্ঠিত হ’ব ৷ ইয়াৰ পিছত ভাৰতত অনুষ্ঠিত হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন । ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে আশ্বাস দিয়ে যে ভাৰত অলিম্পিকৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু ইয়াক সফল কৰিবলৈ কোনো ধৰণৰ ক্ৰুতি নাৰাখে । উল্লেখ্য যে, বৰ্তমান ভাৰতীয় খেলুৱৈসকলে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে । ভাৰতীয় খেলুৱৈসকলে পেৰিছত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰিছে ভাৰতে ।
লগতে পঢ়ক: আই পি এলৰ ট্ৰফী জয় কৰাৰ কেনে অনুভৱ হয় সেয়া জনাটো মোৰ সপোন: বিৰাট কোহলী