ETV Bharat / sports

গুৱাহাটীত IPL মেচ চাবলৈ মন মেলিছে ? জানি লওক পথ নিৰ্দেশনা - IPL MATCHES IN GUWAHATI

২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীত IPL ৰ দুখন মেচ অনুষ্ঠিত হ'ব । এই মেচ সম্পৰ্কত গুৱাহাটী আৰক্ষীৰ গুৰুত্বপূৰ্ণ পথ নিৰ্দেশনা ।

IPL Matches in Guwahati
গুৱাহাটীত আই পি এলৰ সময়ত যান-বাহন চলাচলৰ পথ নিৰ্দেশনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 25, 2025 at 10:35 AM IST

4 Min Read

গুৱাহাটী : ইতিমধ্যে সমগ্ৰ দেশৰ ক্ৰিকেটপ্ৰেমী আই পি এল জ্বৰত আক্ৰান্ত হৈছে । আই পি এলৰ উন্মাদনাত ক্ৰিকেট ষ্টেডিয়ামবোৰ মুখৰিত হৈ পৰিছে । এইবাৰ আই পি এলৰ অষ্টাদশ সংস্কৰণৰ পৰিপ্ৰেক্ষিতত বি চি চি আই তথা আই পি এল কৰ্তৃপক্ষই এই মেগা টুৰ্ণামেণ্টখনক সকলো ফালৰ পৰা জাকতজিলাকা কৰি তোলাৰ সম্পূৰ্ণ প্ৰচেষ্টা হাতত লৈছে ।

আনহাতে, গুৱাহাটীত আৰম্ভ হৈছে আই পি এলৰ উন্মাদনা । পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰো প্ৰথম মাহটোতে অসম ক্ৰিকেট সন্থাই ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ দুখনকৈ মেচ আয়োজনৰ কৰ্তৃত্ব লাভ কৰিছে । অহা ২৬ আৰু ৩০ মাৰ্চ গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এলৰ দুখনকৈ হাইভল্টেজ মেচ ।

সংবাদমেলত যান-বাহনৰ পথ নিৰ্দেশনা প্ৰদান DCP জয়ন্ত সাৰথি বৰাৰ (ETV Bharat Assam)

২৬ মাৰ্চত বৰ্ষাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে যুঁজত নামিব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ । এইবাৰ প্ৰথম তিনিখন মেচৰ বাবে ৰাজস্থানৰ অধিনায়কৰ দায়িত্বত আছে ৰিয়ান পৰাগ । যাৰ বাবে এই মেচ দুখনে বিশেষ গুৰুত্ব লাভ কৰিছে । ইতিমধ্যে দেওবাৰে কে কে আৰ দলটো আহি গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বাহৰ পাতিছে । ইফালে সোমবাৰে সন্ধিয়া ভাগত ৰাজস্থান ৰযেলছ দলটো আহি গুৱাহাটীত উপস্থিত হয় ।

অহা ৩০ মাৰ্চত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ পৰস্পৰৰ মুখামুখি হ’ব । যাৰ বাবে এতিয়া অসম ক্ৰিকেট সন্থাই পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু সম্পূৰ্ণ সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টডিয়াম । আনহাতে, আই পি এলৰ মেচৰ পূৰ্বে সম্পূৰ্ণ সাজু হৈছে অসম ক্ৰিকেট সন্থাৰ লগতে অসম আৰক্ষীও ।

সোমবাৰে বৰ্ষাপাৰাত অসম আৰক্ষী আৰু অসম ক্ৰিকেট সন্থাই এক যুটীয়া সংবাদমেল সম্বোধন কৰে । অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি ৰাজদ্বীপ ওজা, যানবাহন শাখাৰ DCP জয়ন্ত সাৰথি বৰাই এই সংবাদমেল সম্বোধন কৰে । সংবাদমেলত গুৱাহাটীৰ যানবাহন চলাচলৰ নীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে । খেলৰ সময়ত গুৱাহাটীত এইবাৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ সালসলনি কৰা দেখা পৰিলক্ষিত হৈছে ।

এই সন্দৰ্ভত যানবাহন শাখাৰ DCP জয়ন্ত সাৰথি বৰাই কয়, "লালগণেশ-চাইকেল ফেক্টৰীৰ মাজত উৰণসেতু নিৰ্মাণ হৈ থকা বাবে সালসলনি হ’ব যাতায়াত ব্যৱস্থা । ২ বজাৰ পৰা মাজনিশা ১ বজালৈ জি এছ ৰোড, বি কে কাকতি ৰোড, এ টি ৰোড, এ কে আজাদ ৰোড, ডঃ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, এফ এ ৰোড, এম জি ৰোড, আৰ কে চি ৰোড, বিৰুবাৰী-জি এম চি এইচ ৰোড, কাহিলিপাৰা পথত সকলো বাণিজ্যিক বাহন চলাচলত বাধা আৰোপ কৰা হ'ব ।"

তেওঁ কয়, "এ কে আজাদ ৰোড ৱান ৱে' হ’ব । ৩ বজাৰ পিছত চাইকেল ফেক্টৰী দিশৰ পৰা লালগণেশ তিনিআলি দিশলৈ চালাচল কৰিব নোৱাৰিব কোনো বাহন । বিয়লি ৪.৩০ বজাৰ পৰা লালগণেশৰ পৰা বৰ্ষাপাৰালৈ পাছ থকা বাহনহে আহিব পাৰিব । বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰালৈ যোৱা পথত বাহন চলাচল বন্ধ থাকিব । ষ্টেডিয়ামৰ পাৰ্কিঙত থকা বাহনসমূহ খেল শেষ হ’লে দুয়োটা পথেৰে ওলাই যাব পাৰিব ।"

পাৰ্কিং তথা অন্যান্য প্ৰসংগত ডি চি পিয়ে কয়, "এইবাৰ ১১টাকৈ পাৰ্কিঙৰ ব্যৱস্থা থাকিব । ৬খন গে'টেৰে দৰ্শকে ষ্টেডিয়ামত প্ৰবেশ কৰিব । ষ্টেডিয়ামৰ গে'ট বিয়লি ৪.৩০ বজাত খুলিব যদিও দৰ্শকৰ উপস্থিতি অনুসৰি ৪ বজাটো খুলি দিয়া হ'ব পাৰে । দৰ্শকে মনীবেগ, মোবাইলৰ বাহিৰে একো সামগ্ৰী ষ্টেডিয়ামলৈ নিব নোৱাৰিব । খেলুৱৈৰ বাছক বিশেষ নিৰাপত্তা দিয়া হ'ব । জৰুৰীকালীন সেৱাৰ ক্ষেত্রত নিষেধাজ্ঞা নাই । ২৬ মাৰ্চৰ লগতে ৩০ মাৰ্চটো প্ৰযোজ্য কৰা হ’ব এই নীতি-নিয়ম ।’’

লগতে পঢ়ক :ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ; গুৱাহাটীত অনুষ্ঠিত হ'ব টেষ্ট মেচ আৰু মহিলা বিশ্বকাপৰ খেল - TEST MATCH AT BARSAPARA STADIUM
লগতে পঢ়ক :আই পি এলত ইতিহাস ৰচিলে অসম সন্তান ৰিয়ান পৰাগে - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.