ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা হঠাতে অৱসৰ ল’লে দক্ষিণ আফ্ৰিকাৰ এগৰাকী বেটছমেনে, আচৰিত হৈছে অনুৰাগীসকল

দক্ষিণ আফ্ৰিকা ক্ৰিকেটাৰ হেনৰিক ক্লাচেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।

Heinrich Klaasen announces retirement from international cricket
দক্ষিণ আফ্ৰিকা ক্ৰিকেট দল (ANI)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 6:04 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ-বেটছমেন হেনৰিক ক্লাচেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । ক্লাচেনে ক্ৰিকেটৰ পৰা হঠাতে অৱসৰ লোৱাত স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকল ।

শেহতীয়াকৈ ক্লাচেনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলা দেখা গৈছিল । এতিয়া হঠাতে অৱসৰৰ কথা ঘোষণা কৰে ।

হেনৰিকচ ক্লাচেনে অৱসৰৰ কথা ঘোষণা

হেনৰিক ক্লাচেনে নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে, ‘‘মোৰ বাবে এই দিনটো দুখৰ, কিয়নো মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছো । এই সিদ্ধান্তত উপনীত হ'বলৈ আৰু ভৱিষতে মোৰ পৰিয়ালৰ বাবে কি ভাল হ'ব, তাৰ বাবে বহু সময়ৰ প্ৰয়োজন হৈছিল । এয়া সঁচাকৈয়ে অতি কঠিন সিদ্ধান্ত আছিল যদিও একে সময়তে মোৰ সিদ্ধান্তৰ ওপৰত মই সম্পূৰ্ণ সন্তুষ্ট । প্ৰথম দিনাৰ পৰাই মোৰ দেশক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে আটাইতকৈ ডাঙৰ সন্মান আছিল ।''

ক্লাচেনে আৰু লিখিছে, ‘‘মই বহু ভাল বন্ধুত্ব আৰু সম্পৰ্ক গঢ়ি তুলিছো যিবোৰ মই গোটেই জীৱন ভালদৰে ৰাখিম । মই খেলি থকাৰ সময়ত জীৱন সলনি কৰা মহান মানুহক লগ পোৱাৰ সুযোগ পাইছিলো আৰু তেওঁলোকক মই কেৱল ধন্যবাদ দিলেই যথেষ্ট নহ'ব । প্ৰটিয়াছৰ (Proteas) সাজযোৰ পিন্ধি কৰা যাত্ৰাটো আনতকৈ পৃথক আছিল আৰু মোৰ কেৰিয়াৰত কিছুমান প্ৰশিক্ষক আছিল যিয়ে মোৰ ওপৰত বিশ্বাস ৰাখিছিল । তেওঁলোকৰ প্ৰতি মই সদায় কৃতজ্ঞ হৈ থাকিম ।''

ক্লাচেনে আফ্ৰিকাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰি লিখিছে, ''বুকুত প্ৰটিয়াছ বেজটো লৈ খেলাটো মোৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সন্মান আছিল আৰু সদায় থাকিব । পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ মই অধিৰ আগ্ৰহেৰে বাট চাই আছো ।''

ক্লাচেনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ

৩৩ বছৰীয়া ক্লাচেনে ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায় আৰু দক্ষিণ আফ্ৰিকাৰ হৈ ৪খন টেষ্ট, ৬০খন এদিনীয়া আৰু ৫৮খন টি-২০ মেচ খেলি তিনিটা ফৰ্মেটত ক্ৰমে ১০৪, ২১৪১ আৰু ১০০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এদিনীয়া খেলত তেওঁ চাৰিটা শতক আৰু ১১টা অৰ্ধশতক অৰ্জন কৰে । আনহাতে ক্লাচেনৰ নামত ৫টা টি-২০ অৰ্ধশতক আছে ।

লগতে পঢ়ক : ডব্লিউ টি চি ফাইনেলৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰৰ অৱসৰ ঘোষণা