ETV Bharat / sports

টীম ইণ্ডিয়াৰ নতুন টেষ্ট অধিনায়ক, সহ-অধিনায়কৰ নাম প্ৰকাশ

এই তালিকাত নাই যশপ্ৰীত বুমৰাহৰ নাম ৷ কিহৰ বাবে বুমৰাহৰ নাম বাদ পৰিল ক’লে বি চি চি আইয়ে ৷

TEAM INDIA NEW TEST CAPTAIN
শুভমন গিল আৰু ঋষভ পন্ত (AFP PHOTO)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 1:17 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ: চলিত বৰ্ষৰ ২০ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত-ইংলেণ্ডৰ মাজত ৫ খন মেচৰ টেষ্ট শৃংখলা । তাৰ পূৰ্বে বি চি চি আইয়ে টীম ইণ্ডিয়াৰ নতুন অধিনায়কৰ নাম ঘোষণা কৰাটো হৈ পৰিছে প্ৰয়োজনীয় ।

সময়ৰ লগে লগে অনুৰাগীৰ মাজত জল্পনা-কল্পনা বাঢ়িছে যে টীম ইণ্ডিয়াৰ পৰৱৰ্তী টেষ্ট অধিনায়ক হ’ব শুভমন গিল আৰু সহ-অধিনায়ক হ’ব ঋষভ পন্ত । কিন্তু এতিয়ালৈকে বি চি চি আইয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ৷

অধিনায়কৰ দৌৰৰ শীৰ্ষত শুভমন গিল

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ক্ৰিকেটৰ সৰ্বাধিক দীঘলীয়া ফৰ্মেটৰ বাবে জাতীয় দলটোৰ অধিনায়কৰ দায়িত্ব প্ৰতিভাৱান বেটছমেন শুভমন গিলক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে বি চি চি আইয়ে ।

ভাৰতীয় টেষ্ট দলৰ ভৱিষ্যতলৈ চাই ২৫ বছৰীয়া গিলে টেষ্টৰ অধিনায়কত্বৰ দৌৰত আগবাঢ়ি আছে । শেহতীয়াকৈ বি চি চি আইয়ে এদিনীয়া দলৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিছিল গিলক ।

TEAM INDIA NEW TEST CAPTAIN
শুভমন গিল (ETV Bharat)

টি-২০ ক্ৰিকেটত টীম ইণ্ডিয়াৰ অধিনায়কত্ব কৰিছে গিলে । কিন্তু তেওঁ কেতিয়াও টেষ্ট মেচ বা এদিনীয়াত দলক অধিনায়কত্ব কৰা নাই । ২০২৪ চনৰ আই পি এলত গুজৰাট টাইটানছৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল এইগৰাকী ক্ৰিকেটাৰে ৷

২০২০ চনৰ ডিচেম্বৰ মাহত ক্ৰিকেটত অভিষেক ঘটোৱা গিলে এতিয়ালৈকে ৩২ খন টেষ্ট মেচৰ ৫৯ টা ইনিংছত ৫ টা শতক আৰু ৭ টা অৰ্ধশতকৰে মুঠ ১,৮৯৩ ৰাণ সংগ্ৰহ কৰিছে ।

সহ-অধিনায়কৰ দৌৰত আছে ঋষভ পন্তৰ নাম

ইফালে, দলটোৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত টেষ্টত ভাৰতৰ নতুন সহ-অধিনায়ক হ’ব বুলিও খবৰ ওলাইছে ৷ বিদেশত খেলাৰ ক্ষেত্ৰত ভাৰতৰ অন্যতম শ্ৰেষ্ঠ টেষ্ট বেটছমেন হিচাপে পন্তৰ নিৰ্বাচন উচিত সিদ্ধান্ত যেন অনুভৱ হয় ৷

TEAM INDIA NEW TEST CAPTAIN
ঋষভ পন্ত (ETV Bharat)

অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাত শতককে ধৰি গড়ে ৪২ ৰ ওপৰত আৰু ৭ বাৰকৈ ৯০-৯৯ ৰ ভিতৰত ৰাণ সংগ্ৰহ কৰি এই ফৰ্মেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনত পৰিণত হৈছে পন্ত ।

পন্তে ৪৩ খন টেষ্ট মেচত মুঠ ২,৯৪৮ ৰাণ সংগ্ৰহ কৰিছে । ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত আক্ৰমণাত্মক লক্ষ্য আৰু উইকেটৰ আঁৰৰ মূল্যৱান ভূমিকাই দলৰ গুৰি ধৰাত পন্তক বিশেষভাৱে সহায় কৰিব ৷

পাখি কটা গ’ল যশপ্ৰীত বুমৰাহৰ

যদি শুভমন গিল টীম ইণ্ডিয়াৰ নতুন অধিনায়ক হয়, তেন্তে জ্যেষ্ঠতাৰ ভিত্তিত সহ-অধিনায়কৰ বাবে নিৰ্বাচিত কৰিব নোৱাৰিব যশপ্ৰীত বুমৰাহক । ইয়াৰোপৰি বুমৰাহৰ ফিটনেছৰো প্ৰশ্ন উত্থাপিত হৈছে আৰু তেওঁ সমগ্ৰ শৃংখলাত খেলিব নে নাই সেয়া এতিয়াও অনিশ্চিত ।

বি চি চি আইৰ এক সূত্ৰই পি টি আইক জনোৱা মতে, ‘‘যদি বুমৰাহ অধিনায়ক নহয়, তেন্তে তেওঁক সহ-অধিনায়কৰ দায়িত্ব দি কোনো লাভ নাই ।’’

বি চি চি আইৰ আন এক সূত্ৰয়ো এনেদৰে কয়, ‘‘এয়া সঁচা যে নিৰ্বাচকসকলে ইংলেণ্ডৰ শৃংখলাৰ বাবে কোহলীক ভাৰতীয় অধিনায়ক হিচাপে নিৰ্বাচিত কৰাৰ কথা ভাবিছিল । ইয়াৰ ফলত গিলে নেতৃত্বৰ ভূমিকাত সহজ ল’বলৈ কিছু সময় পালেহেঁতেন ৷’’

উল্লেখ্য যে, বুমৰাহৰ ফিটনেছৰ সমস্যাৰ বাবেই অধিনায়কৰ ৰূপত বাছনি সমিতিৰ প্ৰথম পছন্দ গিল ৷

বিবেচনা কৰা হোৱা নাই কে এল ৰাহুলৰ কথা

কে এল ৰাহুলক বিকল্প হিচাপে বিবেচনা কৰা হোৱা নাই কাৰণ তেওঁৰ বয়স ইতিমধ্যে ৩৩ বছৰৰ ওপৰত ৷ ক্ৰিকেটাৰগৰাকী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্যতম উন্নত প্ৰদৰ্শনকাৰী আছিল যদিও বেংগালুৰুৰ খেলুৱৈগৰাকীৰ বাবে উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা সম্প্ৰতি সমস্য়াত পৰিণত হৈছে ৷ ১১ বছৰীয়া টেষ্ট ক্ৰিকেটৰ অভিজ্ঞতাৰ পিছত ৫০ খন মেচত গড়ে ৩৫ ৰাণ সংগ্ৰহ কৰাটো কোনো উন্নত প্ৰদৰ্শন নহয় ৷

ছাই সুদৰ্শনে ল’ব পাৰে ৰোহিতৰ ঠাই

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল মে’ মাহৰ তৃতীয় সপ্তাহৰ শেষত ঘোষণা কৰাৰ বিপৰীতে অহা সপ্তাহৰ আৰম্ভণিতে ইণ্ডিয়া এ দল ঘোষণা কৰা হ’ব । যদি নতুন খেলুৱৈসকলৰ কোনোবা এজনক টেষ্ট ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰাটো নিশ্চিত বুলি বিবেচিত হয়, তেন্তে সেয়া হ’ব তামিলনাডুৰ বাওঁহতীয়া অপেনাৰ ছাই সুদৰ্শন ৷ সকলো ঠিকে থাকিলে এইগৰাকী ক্ৰিকেটাৰে ৰোহিত শৰ্মাৰ ঠাইত গিলৰ সৈতে ইনিংছ মুকলি কৰিব, নহ’লে তিনি নম্বৰত বেটিং কৰিবলৈ ক্ৰিজলৈ আহিব ।

বিৰাট কোহলীক লৈ নীৰৱ বি চি চি আই

তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’বলৈ ইচ্ছা প্ৰকাশ কৰাত আচৰিত হৈ পৰিছে সমগ্ৰ ক্ৰিকেটজগত । কিন্তু এতিয়ালৈকে কোহলীয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ৷ অনুমান কৰা হৈছে যে তেওঁক আগন্তুক ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া পাঁচখন মেচৰ টেষ্ট শৃংখলাত খেলিবলৈ পৰামৰ্শ দিয়া হ’ব ৷

কাৰণ যিকোনো প্ৰত্যাহ্বানমূলক পৰিস্থিতিত কোহলীৰ অভিজ্ঞতাৰ প্ৰয়োজন হ’ব ৷ কিয়নো শেহতীয়াকৈ ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।অৱশ্যে টেষ্ট কেৰিয়াৰ সন্দৰ্ভত কোহলীৰ সৈতে হোৱা আলোচনাক লৈ বি চি চি আইয়ে মৌনতা অৱলম্বন কৰিছে ।

লগতে পঢ়ক: ৰোহিত শৰ্মাৰ পদাংক অনুসৰণ কৰিবলৈ সাজু নেকি বিৰাট কোহলী !