ETV Bharat / sports

গুৱাহাটীত আই চি চি মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে

৩০ ছেপ্টেম্বৰত বৰ্ষাপাৰাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আই চি চি মহিলা বিশ্বকাপ উদ্বোধনী মেচ ।

inger Shreya Ghoshal will perform at the Grand Opening Ceremony in Guwahati
গুৱাহাটীত বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে (ANI)
author img

By ANI

Published : September 5, 2025 at 3:24 PM IST

2 Min Read
Choose ETV Bharat

ডুবাই: গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিতব্য় আই চি চি মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব ভাৰতৰ অন্য়তম জনপ্ৰিয় নেপথ্য় গায়িকা শ্ৰেয়া ঘোষালে । অহা ৩০ ছেপ্টেম্বৰত বৰ্ষাপাৰাৰ ষ্টেডিয়ামত ভাৰত আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত হ'ব উদ্বোধনী মেচখন । আই চি চিয়ে বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে ।

শ্ৰেয়া ঘোষালে এই টুৰ্নামেণ্টৰ বাবে ইতিমধ্য়ে বাণীবদ্ধ কৰা গীত "ব্ৰিং ইট হোম" পৰিৱেশন কৰিব । বিশ্ব দৰবাৰত মহিলা ক্ৰিকেটৰ শক্তি, উৎসাহ আৰু ঐক্যৰ বাবে এই গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে । ভাৰতৰ চাৰিখন চহৰ আৰু শ্রীলংকাৰ কলম্বোত অনুষ্ঠিত হ'বলগীয়া আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট ২০২৫ ৰ বাবে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে টিকট বিক্ৰী মুকলি আৰু মনোৰঞ্জন কাৰ্যসূচী ঘোষণা কৰিব । ভাৰতত অনুষ্ঠিতব্য় সকলো লীগ মেচৰ টিকটৰ মূল্য় নিৰ্ধাৰণ কৰা হৈছে ১০০ টকা ।

মহিলাৰ ক্ৰিকেট খেলৰ উচ্চ আৰু বিশ্বব্যাপী আবেদন অব্যাহত থকাৰ সময়তে অনুৰাগীৰ বাবে অনুকূল মূল্য নিৰ্ধাৰণৰ লক্ষ্য হৈছে ষ্টেডিয়ামত উৎসাহী ভিৰ নিশ্চিত কৰাৰ বাবে । বৃহস্পতিবাৰে আই চি চিয়ে এইদৰে ঘোষণা কৰে । ষ্টেডিয়ামত দৰ্শকৰ ভিৰ আৰু দৰ্শকক উৎসাহিত কৰিবলৈ এইদৰে নিম্নমানৰ মূল্য় নিৰ্ধাৰণ কৰা হৈছে । ক্ৰিকেট অনুৰাগীয়ে Google Pay ৰ জৰিয়তে টিকট ক্ৰয় কৰিব পাৰিব । টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হৈছে । Google Pay ব্যৱহাৰকাৰীসকলৰ বাবে Tickets.cricketworldcup.com ৰ জৰিয়তে বিশেষ চাৰিদিনৰ প্ৰাক বিক্ৰী সময়সীমাৰে ৮ ছেপ্টেম্বৰৰ সোমবাৰে ৭ বজাত সামৰণি পৰিব ।
আই চি চিয়ে গুৱাহাটীত আয়োজিত এই উদ্বোধনী অনুষ্ঠান বৰ্ণময় আৰু সাংস্কৃতিক তথা সংগীতৰ উৎসৱ হ'ব বুলি প্রতিশ্ৰুতি দিছে । আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ভাৰতত ১২ বছৰ পিছত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:গুৱাহাটীত মহিলা বিশ্বকাপৰ উদ্বোধনী খেলৰ লগতে হ'ব চাৰিখন মেচ: নবেম্বৰত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ - ICC WOMENS WORLD CUP 2025

এছিয়া কাপ ২০২৫ৰ বাবে নিজৰ দল ঘোষণা আয়োজক দলৰ, জানক ৮টা দলৰ স্কোৱাড - ASIA CUP 2025