ETV Bharat / sports

মৰাণত সদৌ অসম ভিত্তিত শিশু টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ সফল সামৰণি

শ্ৰেষ্ঠ দলৰ সন্মান মৰাণ জিলা টাইকোৱাণ্ডো দললৈ, দ্বিতীয়-তৃতীয় স্থানত ডিব্ৰুগড় আৰু যোৰহাট ৷

Children Taekwondo Championships
মৰাণত সদৌ অসম ভিত্তিত শিশু টাইকোৱানডো প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 25, 2024 at 6:42 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: মৰাণত চাৰিদিনীয়াকৈ অনুষ্ঠিত দ্বিতীয় সদৌ অসম শিশু টাইকোৱাণ্ডো প্ৰতিযোগিতা ২০২৪ ৰ মঙলবাৰে নিশা সফল সামৰণি পৰে ৷ টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্টছ আৰু স্পৰ্টছ এছ'চিয়েচন মৰাণৰ উদ্যোগত আৰু মৰাণবাসীৰ সহযোগত ২১ ডিচেম্বৰৰ পৰা মৰাণৰ তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন ৷

দ্বিতীয় সদৌ অসম শিশু টাইকোৱাণ্ডো প্ৰতিযোগিতাখনত অসমৰ ২০ খন জিলাৰ ৫ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয় মৰাণ জিলা টাইকোৱাণ্ডো সন্থা ৷ আনহাতে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে ডিব্ৰুগড় আৰু তৃতীয় শ্ৰেষ্ঠ দল হিচাপে যোৰহাট দল নিৰ্বাচিত হয় ৷

মৰাণত সদৌ অসম ভিত্তিত শিশু টাইকোৱানডো প্ৰতিযোগিতা (ETV Bharat Assam)

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্টছ আৰু স্পৰ্টছ এছ'চিয়েচন, অসমৰ ৰাজ্যিক সমিতিৰ সভাপতি-সম্পাদক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "ক্ৰীড়াঙ্গন" উন্মোচন কৰে মন্ত্ৰী যোগেন মহনে ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে কয়, "শিশুসকলেই হৈছে দেশৰ ভৱিষ্যৎ । শিশুসকলক সুস্থ মানসিকতাৰে মানৱ সম্পদৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত খেলে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে । এই প্ৰতিযোগিতাত ২০ খন জিলাৰ ৫ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি ৰাইজক ক্ৰীড়াৰ জড়িয়তে আমোদ দিছে ।"

তেওঁ আৰু কয়, "ক্ৰীড়াই সমাজ-জাতি গঢ়াৰ লগতে ক্ৰীড়াৰ জড়িয়তে নিজক প্ৰতিষ্ঠা কৰিব পৰা যায় । ক্ৰীড়াৰ ক্ষেত্ৰখন আমি সকলোৱেই মিলি অধিক জনপ্ৰিয় কৰিব লাগিব । এতিয়া টাইকোৱাণ্ডো খেল আত্মৰক্ষাৰ কৌশল হিচাপে বিবেচিত হৈছে । ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা খেলুৱৈসকলক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে । শিশু খেলুৱৈসকলক ক্ৰিকেটৰ ক্ষেত্ৰত আগুৱাই যাবলৈ আমি উৎসাহিত কৰিব লাগিব ।"

লগতে পঢ়ক: স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ