ETV Bharat / sports

শ্বুটিং বিশ্বকাপত ইতিহাস ৰচনা সৌৰভ চৌধাৰীৰ - ISSF WORLD CUP 2025

পেৰুত চলিত শ্বুটিং বিশ্বকাপ ২০২৫ত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা ভাৰতৰ তাৰকা শ্বুটাৰ সৌৰভ চৌধাৰীৰ ।

ISSF WORLD CUP 2025
সৌৰভ চৌধাৰী (AFP Photo)
author img

By ETV Bharat Assamese Team

Published : April 16, 2025 at 1:41 PM IST

2 Min Read

পেৰু: এছিয়ান গেমছ আৰু য়ুথ অলিম্পিকৰ প্ৰাক্তন চেম্পিয়ন সৌৰভ চৌধাৰীয়ে পেৰুৰ লিমাৰ লাছ পালমাছ শ্বুটিং ৰেঞ্জত বছৰৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্প’ৰ্ট ফেডাৰেচনৰ বিশ্বকাপ ৰাইফল/পিষ্টল/শ্বটগানৰ প্ৰথম দিনা ১০ মিটাৰ এয়াৰ পিষ্টল পুৰুষৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি নিজৰ নামত আন এক বিশ্বকাপৰ পদক সংযোজন কৰে ।

সৌৰভে ২১৯.১ স্ক’ৰেৰে ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ’বলগীয়া হয় । ইফালে চীনৰ হু কাইয়ে ২৪৬.৪ স্ক’ৰেৰে সোণৰ পদক লাভ কৰাৰ বিপৰীতে অলিম্পিকৰ পদক বিজয়ী ব্ৰাজিলৰ ফেলিপে আলমেইডা ব্ৰুৱে ৰূপৰ পদক লাভ কৰে ৷ হু কাইয়ে মাত্ৰ ০.১ স্ক’ৰ কম হোৱাৰ বাবে বিশ্ব অভিলেখৰ পৰা বঞ্চিত হয় ৷

ইয়াৰ পূৰ্বে দুগৰাকী ভাৰতীয় সৌৰভ আৰু বৰুণ টোমাৰে শীৰ্ষ ৮ৰ ফাইনেলত প্ৰৱেশ কৰিছিল, সৌৰভে ৫৭৮ সংগ্ৰহ কৰি পঞ্চম স্থান দখল কৰাৰ বিপৰীতে বৰুণে ৫৭৬ সংগ্ৰহ কৰি অষ্টম স্থান দখল কৰিছিল । ফাইনেলত দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে উজ্জ্বল আৰম্ভণি কৰিছিল ৷ সৌৰভে দ্বিতীয় আৰু বৰুণে তৃতীয় স্থান দখল কৰাৰ বিপৰীতে চীনা খেলুৱৈ জি ইউয়ে প্ৰথম পাঁচটা শ্বটৰ পিছত অগ্ৰগতি লাভ কৰিছিল ।

কিন্তু ইয়াৰ পিছত ভাৰতীয় যুটিটোৱে ১০ ৰিঙত উপনীত হোৱাত অসুবিধা পাইছিল কাৰণ হুৱে প্ৰথম দুটা ছিংগলছ শ্বটৰ পিছত অগ্ৰগতি লাভ কৰিছিল । টোমাৰে ১৪ নং শ্বটত ১০.৯ সংগ্ৰহ কৰি সপ্তম স্থানলৈ গতি কৰে । সৌৰভেও ১৪ নং শ্বটত ১০.৭ সংগ্ৰহ কৰে । ইয়াৰ পিছতে সৌৰভে ১৫ আৰু ১৬ নং শ্বটত ১০.২ আৰু ১০.৬ দি দ্বিতীয় স্থানলৈ গতি কৰে ।

সৌৰভৰ ২১ আৰু ২২ নং শ্বট আশা কৰা ধৰণে নহ’ল কাৰণ তেওঁ দুয়োবাৰেই ৯.৬ পইণ্ট লাভ কৰে ৷ যাৰবাবে ৱুৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, সৌৰভে ব্ৰঞ্জৰ পদক লাভ কৰে ।

লগতে পঢ়ক : চাহালৰ স্পিনত আবদ্ধ কলকাতা, ১১১ ৰাণ ৰক্ষা কৰি ইতিহাস ৰচনা পঞ্জাবৰ

লকি ফাৰ্গুচনৰ ঠাইত এই ৩ জন বলাৰে স্থান ল’ব পাৰে পঞ্জাব কিংছত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.