ETV Bharat / sports

অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো ভাৰতীয় বেডমিণ্টন ডাবলছ যুটি সাতৱিক-চিৰাগ - Paris Olympics 2024

Paris Olympics 2024 Badminton: অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো ভাৰতীয় বেডমিণ্টন ডাবলছ যুটি হিচাপে পৰিগণিত সাতৱিক-চিৰাগ ৷ গ্ৰুপ চিত ইণ্ডোনেছিয়াৰ যুটিৰ বিৰুদ্ধে ফ্ৰান্সৰ যুটিটো পৰাস্ত পাচত পেৰিছ অলিম্পিক ২০২৪ ৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে সাতৱিক-চিৰাগে ।

Paris Olympics 2024 Badminton
সাতৱিক-চিৰাগ (ANI)
author img

By ANI

Published : July 29, 2024 at 10:59 PM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, 29 জুলাই : পুৰুষৰ ডাবলছ যুটি সাতৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টী অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো ভাৰতীয় বেডমিণ্টন ডাবলছ যুটি হিচাপে পৰিগণিত হৈছে । গ্ৰুপ চিত ইণ্ডোনেছিয়াৰ মহম্মদ ৰিয়ান আৰ্ডিয়ানো আৰু ফাজাৰ আলফিয়ানৰ বিৰুদ্ধে ফ্ৰান্সৰ লুকাছ কৰ্ভি আৰু ৰ’নান লাবাৰে পৰাজয় স্বীকাৰ কৰাৰ পিচত সোমবাৰে পেৰিছ অলিম্পিক ২০২৪ ৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে সাতৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে ।

জাৰ্মানীৰ মাৰ্ভিন ছেইডেল আৰু মাৰ্ক লেমছফুছৰ বিৰুদ্ধে গ্ৰুপ চিৰ দ্বিতীয়খন মেচ বাতিল হোৱাৰ পিচতো পেৰিছ অলিম্পিকত জয়ৰ গতি অব্যাহত ৰখাৰ আশা কৰিছে সাতৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে । বেডমিণ্টন পুৰুষৰ ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ মেচখনত সাতৱিক-চিৰাগৰ যুটিটোক ৱাক অভাৰ দিয়া হয় ৷ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ (বি ডব্লিউ এফ) এক বিবৃতি অনুসৰি আঁঠুৰ আঘাতৰ বাবে অলিম্পিক গেমছ পেৰিছ ২০২৪ বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিছে মাৰ্ক লেমছফছে ।

লগতে পঢ়ক: জাৰ্মানীৰ বিৰুদ্ধে ৱাক অভাৰ লাভ সাতৱিক-চিৰাগৰ, পৰৱৰ্তী ৰাউণ্ড ইণ্ডোনেছিয়ানৰ বিৰুদ্ধে - Paris Olympics 2024

বেডমিণ্টন পুৰুষৰ ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ মেচত সাতৱিক-চিৰাগৰ যুটিটোক ৱাক অভাৰ দিয়া হৈছে ৷ শনিবাৰে পুৰুষৰ ডাবলছ গ্ৰুপ চি মেচত ফ্ৰান্সৰ লুকাছ কৰ্ভি আৰু ৰ’নান লাবাৰৰ বিৰুদ্ধে ২১-১৭, ২১-১৪ ছেটত জয়লাভ কৰি পেৰিছ অলিম্পিক যাত্ৰা আৰম্ভ কৰে ভাৰতীয় যুটিটোৱে ৷

জাৰ্মানীৰ মাৰ্ভিন ছেইডেল আৰু মাৰ্ক লেমছফুছৰ বিৰুদ্ধে গ্ৰুপ চিৰ দ্বিতীয়খন মেচ বাতিল হোৱাৰ পিচত পেৰিছ অলিম্পিকত জয়ৰ গতি অব্যাহত ৰখাৰ আশাত সাতৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে আশা কৰিব, যাৰবাবে তেওঁলোকৰ তৃতীয়খন খেলত দয়ী হোৱাটো অত্যন্ত জৰুৰী হ’ব ।

লগতে পঢ়ক: পেৰিছ অলিম্পিক : কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ ভাৰতীয় পুৰুষৰ আৰ্চাৰী দলৰ অভিযান সমাপ্ত - Paris Olympics 2024