২৬খন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণৰে আৰম্ভ বেডমিণ্টন প্ৰতিযোগিতা
Sub Junior National Badminton Championship :৩০ অক্টোবৰলৈ উখল-মাখল হৈ থাকিব ডিব্ৰুগড় । কাৰণ এইখন চহৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা ।

Published : October 26, 2024 at 8:25 AM IST
|Updated : October 26, 2024 at 10:51 AM IST
মৰাণ : ডিব্ৰুগড়ত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে ১৩ বছৰৰ অনুৰ্দ্ধ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা । ভাৰতীয় বেডমিণ্টন সংস্থাৰ সৌজন্যত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত ডিব্ৰুগড় চহৰৰ ইণ্ডোৰ ষ্টেডিয়ামত ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ'ব এই ১৩ বছৰ অনুৰ্দ্ধৰ ল'ৰা আৰু ছোৱালী শাখাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাখনি ।
প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা
এই প্ৰতিযোগিতাৰ যোগ্যতা ৰাউণ্ডসমূহ ২৫ অক্টোবৰৰ লগতে ২৬ তাৰিখতেও অনুষ্ঠিত হ'ব । মূল প্ৰতিযোগিতা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে চলিব । শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেশৰ ২৬ খন ৰাজ্যৰ ৩৫৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাখনিত । ল'ৰা আৰু ছোৱালী দুয়োটা শাখাত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।
কোন কোন ৰাজ্য়ই কৰিছে অংশগ্ৰহণ ?
এই প্ৰতিযোগিতাৰ বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, গুজৰাট, হৰিয়ানা, ঝাৰখণ্ড, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, দিল্লী, হিমাচল প্ৰদেশ, মিজোৰাম, ওড়িশা, পঞ্জাব, পুদুচ্চেৰী আৰু বিহাৰৰ পৰা খেলুৱৈৰে ভৰি পৰিছে ডিব্ৰুগড় ।
উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, অসম ক্ৰিকেট সন্থাৰ সম্পাদক তথা বিধায়ক তৰংগ গগৈ,অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, বিধায়ক চক্ৰ গগৈ, তেৰছ গোৱালা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও ক্ৰীড়াবিদ উপস্থিত থাকে ।
দেশৰ ক্ৰীড়া ক্ষেত্ৰখন উজলি উঠিছে
ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা উদ্বোধন কৰি কি কয় সৰ্বানন্দ সোণোৱালে কয়, "১৩ বছৰৰ অনুৰ্দ্ধৰ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত ২৬ খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে যিটো অসমৰ বাবে উৎসাহৰ বিষয় । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক শুভেচ্ছা জনাইছো । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত দহ বছৰে ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে যি চেষ্টা কৰাৰ লগতে খেলুৱৈসকলক আৰ্থিকভাৱে সহায় কৰিছে তাৰ বাবে আজি দেশৰ ক্ৰীড়া ক্ষেত্ৰখন উজলি উঠিছে ।"

