ETV Bharat / sports

যশপ্ৰীত বুমৰাহে মোৰ স্মেছ সহ্য কৰিব নোৱাৰিব : ছাইনা নেহৱালৰ দাবী - SAINA NEHWAL

Saina Nehwal on Jasprit Bumrah : প্ৰাক্তন ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে কয় যে ভাৰতীয় বলাৰ জশপ্ৰীত বুমৰাহে বেডমিণ্টন ক’ৰ্টত তেওঁৰ স্মেছ চম্ভালিব নোৱাৰিব। তেওঁ কয় যে ক্ৰিকেটৰ বাহিৰেও অন্যান্য খেলকো সমানে গুৰুত্ব দিয়া উচিত। সম্পূৰ্ণ খবৰ পঢ়ক...

Saina Nehwal on Jasprit Bumrah
ক্ৰিকেটৰ বিষয়ে কি ক’লে ছাইনা নেহৱালে (IANS PHOTOS)
author img

By ETV Bharat Sports Team

Published : August 10, 2024 at 9:02 PM IST

3 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : লণ্ডন অলিম্পিক 2012 ৰ ব্ৰঞ্জৰ পদক বিজয়ী ছাইনা নেহৱালে দাবী কৰিছে যে ভাৰতীয় ক্ৰিকেটাৰ জশপ্ৰীত বুমৰাহ তেওঁৰ স্মেছ (Smash) চম্ভালিব নোৱাৰিব ৷ এই মন্তব্যৰে ক্ৰিকেটৰ উপৰিও অন্যান্য খেলকো গুৰুত্ব দিয়া উচিত বুলিও তেওঁ দুখ প্ৰকাশ কৰে ৷

ছাইনা নেহৱালে ক্ৰিকেটৰ বিষয়ে কি ক’লে ?

উল্লেখ্য যে, কেইদিনমান পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ অংকৃশ ৰঘুবংশীয়ে ছাইনাক ঠাট্টা কৰিছিল ৷ এতিয়া ডিলিট হোৱা টুইটৰ বাবে তেওঁ বহু সমালোচনাৰ সন্মুখীন হৈছে ৷ ৰঘুবংশীৰ মন্তব্যৰ ওপৰত পৰোক্ষ প্ৰতিক্ৰিয়া দি 34 বছৰীয়া খেলুৱৈগৰাকীয়ে ধেমালিতে কয় যে বুমৰাহ তেওঁৰ স্মেছ চম্ভালিব নোৱাৰিব ৷

শুভংকৰ মিশ্ৰৰ প’ডকাষ্টত নেহৱালে কয়, ‘আপুনি সেই স্তৰত কেনেকৈ বিৰাট হ’ব ? কেনেকৈ হ’ব ৰোহিত শৰ্মা ? বহু খেলুৱৈ তেওঁৰ দৰে হ’ব লাগিব ৷ সকলো হ’ব নোৱাৰে, তেওঁলোকৰ কেইজনমানহে এনেকুৱা৷ কিন্তু মই ভাবো ই অধিক দক্ষতা ভিত্তিক খেল ৷ মই যে তাত বল মাৰিব নোৱাৰিম সেয়া মানি লওঁ ৷ এনেও মই কিয় যশপ্ৰীত বুমৰাহৰ মুখামুখি হ’ম ৷ যদি 8 বছৰ ধৰি খেলি থাকিলোহেতেন তেতিয়া যশপ্ৰীত বুমৰাহক উত্তৰ দিলোহেঁতেন ৷'

বুমৰাহে মোৰ স্মেছ সহ্য কৰিব নোৱাৰিব :

2012 চনৰ লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী নেহৱালে কয়, ‘যদি যশপ্ৰীত বুমৰাহে মোৰ লগত বেডমিণ্টন খেলে, তেন্তে হয়তো তেওঁ মোৰ স্মেছ ল’ব নোৱাৰিব ৷ নিজৰ দেশত এইবোৰক লৈ আমি আমাৰ মাজত কাজিয়া কৰা উচিত নহয় ৷ এই কথা মই ক’ব বিচাৰিছো ৷ প্ৰতিটো খেলেই নিজৰ নিজৰ ঠাইত শ্ৰেষ্ঠ, কিন্তু মই ক’ব বিচাৰো যে আন খেলকো গুৰুত্ব দিয়ক ৷ নহ’লে আমি ক্ৰীড়া সংস্কৃতি ক’ৰ পৰা পাম? আৰু আমাৰ গুৰুত্ব সদায় ক্ৰিকেট আৰু বলীউডত থাকিব ৷ দেশত এইবোৰক লৈ কোনো কাজিয়া হ’ব নালাগে বুলিও তেওঁ কয় ৷

লগতে পঢ়ক : কুস্তিত ব্ৰঞ্জ অৰ্জনেৰে অলিম্পিক পদক বিজয়ী সৰ্বকনিষ্ঠ ভাৰতীয়ত পৰিণত অমন চেহৰাৱত - Paris Olympics 2024

ক্ৰিকেট আৰু অন্যান্য খেলৰ তুলনা কৰিছে ছাইনাই :

নিখিল সিমহাৰ প’ডকাষ্টত ছাইনাই কয় যে, ‘ছাইনাই ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াত আলোচনা আৰম্ভ কৰিছিল যেতিয়া তেওঁ দাবী কৰিছিল যে ক্ৰিকেটতকৈ বেডমিণ্টন, টেনিছৰ দৰে খেল শাৰীৰিকভাৱে অধিক কঠিন ৷ যদি আপুনি দেখিছে, বেডমিণ্টন, বাস্কেটবল, টেনিছ আৰু নিশ্চিতভাৱে অন্যান্য খেলসমূহ শাৰীৰিকভাৱে অতি কঠিন ৷ শ্বাটল চাৰ্ভ ধৰিবলৈও সময় নাথাকে, 20 ছেকেণ্ড ধৰি দৌৰি থাকিব লগা হয় আৰু অতি জোৰেৰে উশাহ লয় লগা হয় ৷ ক্ৰিকেটৰ দৰে খেল এখনে সেই ধৰণৰ মনোযোগ পায় য’ত মই ভাবো যে ষ্টেমিনা বা চঞ্চলতাতকৈ ব্যক্তিগত দক্ষতা অধিক গুৰুত্বপূৰ্ণ ৷ সেই খেলখনে (ক্ৰিকেট) ইমান মনোযোগ পায় আৰু আন খেলবোৰে কিয় নাপায় ?

তেওঁ আৰু কয়, ‘অন্য খেলবোৰ অতি কঠিন ৷ কল্পনা কৰক যে খেলুৱৈসকল দুদিনৰ মূৰে মূৰে আঘাতপ্ৰাপ্ত হয়, তাৰ পিচত ভাল প্ৰদৰ্শন কৰে ৷ আপুনি নাজানে থাইলেণ্ড অ’পেনত জয়ী হোৱা সাতৱিক (ৰেংকি ৰেড্ডী) আৰু চিৰাগ (শ্বেট্টী)ক, প্ৰতিদিনে তেওঁলোকৰ সমস্যা হৈছিল, তেওঁলোকে টেপ লগাই দেশৰ হৈ খেলি জয়ী হয় ৷ এনে খেলুৱৈকো ক্ৰিকেটাৰৰ দৰে সন্মান কৰা উচিত ৷'

লগতে পঢ়ক : তেওঁ নিজৰ ভুল স্বীকাৰ কৰা উচিত : বিনেশৰ অযোগ্যতা সন্দৰ্ভত ছাইনা নেহৱালৰ প্ৰতিক্ৰিয়া - paris olympics 2024