ETV Bharat / sports

শচীন তেণ্ডুলকাৰলৈ বিচিচিআইৰ বিশেষ সন্মান, লাভ কৰিব এই বঁটা

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰলৈ বিচিচিআইৰ সৰ্বোচ্চ বঁটা, সন্মানীয় চি কে নায়ুডু বঁটাৰে সন্মানিত কৰা হ'ব মাষ্টাৰ-ব্লাষ্টাৰক ।

Etv Bharat
শচীন তেণ্ডুলকাৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : February 1, 2025 at 11:00 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লীঃ কিংবদন্তী ভাৰতীয় ক্ৰিকেটাৰ আৰু ক্ৰিকেট বিশ্বজুৰি মাষ্টাৰ ব্লাষ্টাৰ হিচাপে পৰিচিত শচীন তেণ্ডুলকাৰক আন এটা সন্মানীয় বঁটাৰে সন্মানিত কৰা হ'ব। তেণ্ডুলকাৰক ইতিমধ্যে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা হৈছে।

তেণ্ডুলকাৰক প্ৰদান কৰা হ’ব চি কে নায়ুডু বঁটা

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, শনিবাৰে মুম্বাইত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত তেণ্ডুলকাৰক সন্মানিত কৰাৰ সম্ভাৱনা আছে। তেওঁক সন্মানীয় চি কে নায়ুডু বঁটা প্ৰদান কৰা হ'ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু এই মহান খেলুৱৈগৰাকীয়ে বিচিচিআইৰ সৰ্বোচ্চ বঁটা লাভ কৰাটো নিশ্চিত বুলি প্ৰকাশ পাইছে।

শনিবাৰে সন্মানিত কৰা হ'ব ক্ৰিকেটাৰগৰাকীক

আনুষ্ঠানিকভাৱে বিচিচিআইয়ে এতিয়ালৈকে এই কথা নিশ্চিত কৰা নাই, কিন্তু বিচিচিআইৰ সূত্ৰই ক্ৰিকবাজক জনাইছে যে শনিবাৰে মুম্বাইত নমন বিচিচিআই বঁটা প্ৰদান অনুষ্ঠানত তেণ্ডুলকাৰক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হ'ব।

শচীন তেণ্ডুলকাৰৰ ক্ৰিকেট কেৰিয়াৰ

১৯৮৯ চনৰ পৰা ২০১৩ চনলৈ ২৪ বছৰ ধৰি ভাৰতীয় ক্ৰিকেটৰ ধ্বজা বহন কৰা শচীন তেণ্ডুলকাৰে ২০০ খন টেষ্ট মেচ, ৪৬৩ খন এদিনীয়া আৰু এখন টি-২০ কে ধৰি মুঠ ৬৬৪ খন আন্তঃৰাষ্ট্ৰীয় মেচত দেশক প্ৰতিনিধিত্ব কৰিছিল । এই সকলোবোৰ খেলত তেওঁ 100 টা আন্তঃৰাষ্ট্ৰীয় শতকৰ সৈতে 34 হাজাৰৰো অধিক ৰাণ (34,357) সংগ্ৰহ কৰিছে। যিটো যিকোনো ক্ৰিকেটাৰৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় স্তৰত সৰ্বাধিক ৰাণৰ অভিলেখ ৷

ETV BHARAT
শচীন তেণ্ডুলকাৰৰ কেৰিয়াৰ (ETV BHARAT)

এই পৰ্যন্ত পুৰস্কৃতসকল

উল্লেখ্য যে এতিয়ালৈকে, মাত্ৰ 29 জন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু 1 জন ক্ৰীড়া সাংবাদিকক সন্মানীয় চি কে নায়ুডু বঁটাৰে সন্মানিত কৰা হৈছে।

এই সন্মানীয় বঁটা বিজয়ীসকলৰ ভিতৰত আছে লালা অমৰনাথ, চৈয়দ মুস্তাক আলী, বিজয় হাজাৰে, কে.এন. প্ৰভু, পলী উমৰিগড়, হেমু অধিকাৰী, সুভাষ গুপ্তে, এম.এ.কে. পাটৌডি, বি.বি. নিম্বালকাৰ, চান্দু বৰ্ডে, বিষেণ সিং বেদী, এছ. ভেংকটৰাঘৱন, ই.এ.এছ. প্ৰসন্ন, বি.এছ. চন্দ্ৰশেখৰ, নৰী কণ্ট্ৰাক্টৰ, গুণ্ডাপ্পা বিশ্বনাথ, মহিন্দৰ অমৰনাথ, চেলিম দুৰাণী, অজিত ৱাদেকাৰ, সুনীল গাভাস্কাৰ, কপিল দেৱ, দিলীপ ভেংছৰকাৰ, চৈয়দ কিৰমানি, ৰাজিন্দৰ গোৱেল, পদ্মকৰ শিৱালকাৰ, অংশুমান গায়ক’ৱাড, কৃষ্ণমাচাৰী শ্ৰীকান্ত, আৰু ফাৰুখ ইঞ্জিনীয়াৰৰ দৰে ব্যক্তিসকল। এই সন্মানৰে বিভূষিত হোৱা অন্তিমগৰাকী ক্ৰিকেটাৰ আছিল ৰবি শাস্ত্ৰী, যাক 2023 চনত এই বঁটা প্ৰদান কৰা হৈছিল ৷

কে. নিৰন প্ৰভু হৈছে একমাত্ৰ ক্ৰীড়া সাংবাদিক যাক এই সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছে।

লগতে পঢ়ক: দুটা বিশেষ ইভেণ্ট অবিহনে হ’ব চেম্পিয়নছ ট্ৰফী; পাকিস্তানলৈ নাযায় ৰোহিত শৰ্মা ! - CHAMPIONS TROPHY 2025