ETV Bharat / sports

প্ৰেমৰ ডোলেৰ বান্ধ খাইছে নেকি মনু ভাকৰ আৰু নীৰজ চোপ্ৰা ? ছ'চিয়েল মিডিয়াত তীব্ৰ চৰ্চা - Paris Olympics 2024

Manu Bhaker and Neeraj Chopra : নীৰজ চোপ্ৰা আৰু মনু ভাকৰ কিবা সম্পৰ্কৰ ডোলেৰে বান্ধ খাইছে নেকি ? তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়িছে নেকি ? ভাৰতৰ দ্বৈত অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা আৰু মনু ভাকৰৰ মাজৰ সম্পৰ্কক লৈ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে উৰাবাতৰি । অনুৰাগীসকলে আনকি এই বিষয়ে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিব লৈছে ।

Manu Bhaker and Neeraj Chopra
নীৰজ চোপ্ৰা আৰু মনু ভাকৰ (IANS Photo)
author img

By ETV Bharat Sports Team

Published : August 12, 2024 at 3:35 PM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, ১২ আগষ্ট : সদ্যসমাপ্ত পেৰিছ অলিম্পিকত ভাৰতৰ হৈ দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰা শ্বুটাৰ মনু ভাকৰ আৰু দেশক একমাত্ৰ ৰূপৰ পদক প্ৰদান কৰা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাৰ মাজৰ সম্পৰ্কক লৈ এতিয়া উত্তাল হৈ পৰিছে সামাজিক মাধ্যম । তেওঁলোকৰ মাজৰ সম্পৰ্কৰ কথা দ্ৰুতগতিত বিয়পি পৰিছে । ছ'চিয়েল মিডিয়াত অনুৰাগীসকলে এই দুয়োগৰাকীক প্ৰেমৰ বান্ধোনেৰে বান্ধি আছে আৰু তেওঁলোকৰ ছবি আৰু ভিডিঅ'ত বিভিন্ন মন্তব্য কৰিছে ।

মনু-নীৰজৰ প্ৰেমৰ সম্পৰ্কৰ উৰাবাতৰি তীব্ৰ হৈ পৰিছে

সদ্যসমাপ্ত পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰা আৰু মনু ভাকৰে কথা পাতি থকা এটা ভিডিঅ' শেহতীয়াভাৱে প্ৰকাশ পাইছে । অৱশ্যে ভিডিঅ'টোত দুয়োগৰাকীয়ে কি কথা পাতি আছিল সেয়া জানিব পৰা হোৱা নাই । কিন্তু অনুৰাগীসকলে দুয়োৰে মাজৰ কথাবাৰ্তাক তেওঁলোকৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ ডোলেৰে বান্ধিবলৈ চেষ্টা কৰিছে । বহু ইউজাৰে আনকি মনু ভাকৰক এক্সত বৌ বুলিও সম্বোধন কৰিছে । এগৰাকী ইউজাৰে লিখিছে, "মনু ভাকৰ বৌৱে নীৰজ চোপ্ৰাৰ বিজয়ৰ বাবে তেওঁৰ পৰিয়ালৰ সৈতে প্ৰাৰ্থনা কৰি আছে ।"

মনু আৰু তেওঁৰ মাতৃক সাক্ষাৎ নীৰজ চোপ্ৰাৰ

ইফালে ছ'চিয়েল মিডিয়াত দুটা ভিডিঅ' দ্ৰুতগতিত ভাইৰেল হৈছে । তাৰে এটা ভিডিঅ'ত পেৰিছ অলিম্পিকৰ সময়ত মনু ভাকৰ আৰু নীৰজ চোপ্ৰাই ইজনে সিজনৰ সৈতে কথা পাতি থকা দেখা গৈছে । সেই সময়ত দুয়োৰে যুটি চকুতলগাকৈ উদ্ভাসিত হৈ উঠিছে । আন এটা ভিডিঅ'ত আকৌ নীৰজ চোপ্ৰাক মনু ভাকৰৰ মাতৃৰ সৈতে কথা পাতি থকা দেখা গৈছে । উক্ত ভিডিঅ'টোত মনুৰ মাতৃয়ে তেওঁৰ মূৰত হাত থৈ কিবা প্ৰতিশ্ৰুতি দি থকা দেখা গৈছে ।

কিন্তু প্ৰকৃত সত্য যিয়েই নহওক কিয়, ছ'চিয়েল মিডিয়াত অনুমান কৰা হৈছে যে ভাকৰ আৰু চোপ্ৰা ইজনে সিজনৰ ওচৰ চাপিছে । তাৰ লগে লগে তেওঁলোকৰ সম্পৰ্কৰ উৰাবাতৰিও ছ'চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ আছে ।

লগতে পঢ়ক :এটা ৰূপ আৰু 5 টা ব্ৰঞ্জ: পেৰিছত সামৰণি পৰিল ভাৰতীয় খেলুৱৈৰ যাত্ৰা - PARIS OLYMPICS 2024
লগতে পঢ়ক :পেৰিছ অলিম্পিকৰ সামৰণিত ভাৰতীয় এথলীটসকলক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ - Paris Olympics 2024