নতুন দিল্লী : আইপিএল ২০২৫ত সংযোজন হ'ল আন এক হৃদয়স্পৰ্শী মুহূৰ্ত । মঙলবাৰে চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত খেলখনৰ মাজতে এক মুহূৰ্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে । উল্লেখ্য যে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ পিছতে ৰাজস্থানৰ ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে চেন্নাইৰ অধিনায়ক তথা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ চৰণ চুই সেৱা লয় । এই ভিডিঅ'টো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ইয়াৰ সমান্তৰালকৈ বৈভৱে ধোনী সন্দৰ্ভত এক ডাঙৰ মন্তব্যও কৰিছে ।
টি-২০, এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফীকে ধৰি ৩ টা আইচিচি ট্ৰফী লাভ কৰা একমাত্ৰ অধিনায়ক হিচাপে এম এছ ধোনীৰ খ্যাতি আছে । তেওঁ ক্ৰিকেট জগতৰ লগতে সমগ্ৰ বিশ্বৰ অনুৰাগীৰ পৰা যথেষ্ট সন্মান আৰু মৰম লাভ কৰিছে । যুৱক-যুৱতীসকলৰ বাবে আৰু বিশেষকৈ বৈভৱ সূৰ্যবংশীৰ দৰে সৰু চহৰৰ পৰা অহা খেলুৱৈৰ বাবে তেওঁ এক প্ৰেৰণা হিচাপে পৰিগণিত হৈছে ।
𝙈𝙤𝙢𝙚𝙣𝙩𝙨 𝙩𝙤 𝙘𝙝𝙚𝙧𝙞𝙨𝙝 😊
— IndianPremierLeague (@IPL) May 20, 2025
This is what #TATAIPL is all about 💛🩷#CSKvRR | @ChennaiIPL | @rajasthanroyals pic.twitter.com/hI9oHcHav1
আচলতে খেল শেষ হোৱাৰ পাছত যেতিয়া দুয়োটা দলৰ খেলুৱৈসকল একেলগে আছিল তেতিয়া সূৰ্যবংশীয়ে চিএছকেৰ অধিনায়কৰ চৰণ চুই সেৱা লয় । ধোনীয়ে অলপ আচৰিত হৈ হাঁহি মাৰি ১৪ বছৰীয়া খেলুৱৈগৰাকীৰ পিঠিত থপৰিয়াই দিয়ে ।
আইপিএলৰ প্ৰথমটো ট্ৰফী জয় কৰাৰ দুবছৰৰ পাছত ২০১২ চনত জন্মগ্ৰহণ কৰা বৈভৱ সূৰ্যবংশীৰ ঘৰ চিএছকে আইকনৰ গৃহ চহৰ ৰাঁচীৰ পৰা বৰ বেছি দূৰত নহয় । বিহাৰৰ সমস্তিপুৰত বৈভৱৰ ঘৰ । মেচৰ অন্তত ধোনীৰ বিষয়ে বৈভৱে কয়, "এম এছ ধোনী কেৱল মোৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এক প্ৰেৰণা বা আদৰ্শ ।"
উল্লেখ্য যে মেচখনত বৈভৱ সূৰ্যবংশীয়ে অৰ্ধশতক কৰে আৰু দলটোৱে আকৰ্ষণীয় বিজয়ৰ সৈতে আইপিএল ২০২৫ৰ অভিযান সামৰে । ৬ উইকেট আৰু ১৭ টা বল বাকী থকা অৱস্থাতে ৰাজস্থান ৰয়েলছে বিজয় সাব্যস্ত কৰে । বৈভৱে ৩৩ টা বলত ৪ টা ছিক্সাৰৰ সহায়ত ৫৭ ৰাণ কৰে ।
" just 14, they said"
— IndianPremierLeague (@IPL) May 21, 2025
vaibhav suryavanshi wrote his-story on his debut season and this is just another feather to his cap 🧢
truly impressive! 🔥#TATAIPL | #CSKvRR | @rajasthanroyals pic.twitter.com/mfTZZyhcFv
ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনত ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰি বৈভৱে আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল । বাওঁহাতৰ বেটছমেনগৰাকীয়ে ৭ খন মেচত ২৫২ ৰাণ সংগ্ৰহ কৰে য'ত ২০৬.৫৬ৰ আকৰ্ষণীয় ষ্ট্ৰাইক ৰেটত অৰ্ধশতক আৰু এটা শতক অন্তৰ্ভুক্ত আছে । ইফালে সূৰ্যবংশীয়ে ২০ বছৰ বয়সৰ পূৰ্বে আইপিএলৰ ছিজনত সৰ্বাধিক ছিক্সাৰ কোবোৱাৰ ক্ষেত্ৰতো অভিলেখ সৃষ্টি কৰে । ঋষভ পন্তৰ সমানে সূৰ্যবংশীয়ে ২৪ টা ছিক্সাৰ কোবায় ।
- ২৪-বৈভৱ সূৰ্যবংশী (২০২৫)*
- ২৪-ঋষভ পন্ত (২০১৭)
- ১৭ - সঞ্জু চেমছন (২০১৪)
- ১৭ - ঈশান কিষাণ (২০১৮)
- ১৬ - তিলক বৰ্মা (২০২২)
লগতে পঢ়ক :বি চি চি আইৰ অতিৰিক্ত সময়ৰ নিয়ম সলনিৰ বিৰুদ্ধে কে কে আৰৰ অভিযোগ - IPL 2025